আপোনাৰ মাজতো দেখা দিছে নেকি এই লক্ষণে? তেন্তে এয়া হ’ব পাৰে ডিপ্ৰেছনৰ সংকেত…

এই সন্দৰ্ভত চিকিৎসকে কয় যে প্ৰাৰম্ভিক পৰ্যায়ত হতাশাৰ লক্ষণ চিনাক্ত কৰি অৱস্থা বেয়া হোৱাৰ আগতেই চিকিৎসা লাভ কৰা সম্ভৱ। কিন্তু আজিও মানুহে মানসিক স্বাস্থ্যৰ সন্দৰ্ভত চিকিৎসকৰ লগত কথা পতা এৰাই চলে।

আপোনাৰ মাজতো দেখা দিছে নেকি এই লক্ষণে? তেন্তে এয়া হব পাৰে ডিপ্ৰেছনৰ সংকেত...

ডিপ্ৰেছন

Published: 

29 Jul 2024 | 05:36 PM

ডিপ্ৰেছন বা হতাশা এনে এক সমস্যা যি সময়ৰ লগে লগে বাঢ়ি যায়। এই সমস্যাই এজন ব্যক্তিক আত্মহত্যা কৰিবলৈও বাধ্য কৰে। ডিপ্ৰেছনত থকা বহু মানুহে নিজেই নাজানে তেওঁলোকৰ লগত কি সমস্যা হৈ আছে। বহু কথা আনক খুলি কোৱাৰ পৰাও বিৰত থাকে। যাৰ বাবে এই সমস্যা আৰু বাঢ়ি যায়। উদ্বেগ, ভয় আৰু আতংক হিচাপে আৰম্ভ হোৱা কথাটো হতাশালৈ পৰিণত হয়, যাৰ ফলত পিছলৈ বহু সমস্যাৰ সৃষ্টি হয়।

আমেৰিকান চাইকিয়াট্ৰি এছ’চিয়েশ্যনৰ মতে যোৱা কেইবছৰমানৰ পৰা সমগ্ৰ বিশ্বতে ডিপ্ৰেছনৰ ৰোগী বৃদ্ধি পাইছে। ব্যস্ততাপূৰ্ণ জীৱনে প্ৰণালীয়ে মানুহক আৰু অধিক হতাশ কৰি পেলাইছে। ১৪ বছৰৰ পৰা ৩০ বছৰ বয়সৰ প্ৰায়ভাগ লোকে ডিপ্ৰেছনত ভুগে। কিন্তু তেওঁলোকে এই কথা গম নাপায়।

প্ৰশ্ন হয়, আপুনি ডিপ্ৰেছন বা হতাশাত ভুগা বুলি কেনেকৈ গম পাব ? এই সন্দৰ্ভত চিকিৎসকে কয় যে প্ৰাৰম্ভিক পৰ্যায়ত হতাশাৰ লক্ষণ চিনাক্ত কৰি অৱস্থা বেয়া হোৱাৰ আগতেই চিকিৎসা লাভ কৰা সম্ভৱ। কিন্তু আজিও মানুহে মানসিক স্বাস্থ্যৰ সন্দৰ্ভত চিকিৎসকৰ লগত কথা পতা এৰাই চলে। এই কাৰণেই বহু লোক হতাশাৰ বলি হয়। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি ভাৰতত হতাশাত আক্ৰান্ত লোকৰ সংখ্যা সৰ্বাধিক।

সৰুৰে পৰাই মানসিক স্বাস্থ্য সন্দৰ্ভত সজাগতা সৃষ্টি কৰাতো আৱশ্যক।  ইয়াৰ বাবে লক্ষণ জনাতো আৱশ্যক। তথ্য অনুসৰি ৯০ শতাংশ লোকৰ হতাশাৰ  লক্ষণ প্ৰায় একেই।

কাৰণ

গুৰুগ্ৰামৰ আৰ্টেমিছ হাস্পতালৰ মানসিক স্বাস্থ্য আৰু আচৰণ বিজ্ঞানৰ মুৰব্বী পৰামৰ্শদাতা ডাঃ ৰাহুল চাণ্ডোকে এই ১১টা লক্ষণ কথা জনাইছে। তলত সবিশেষ উল্লেখ কৰা হল-

  • ডিপ্ৰেছনত আক্ৰান্ত হোৱালোকৰ হঠাৎ ভোক কমি বা বাঢ়ি যায়।
  • নেতিবাচক কথা চিন্তা কৰি থাকে।
  • ভাগৰুৱা অনুভন কৰা।
  • নিজকে প্ৰয়োজনীয় অনুভৱ নকৰা।
  • কোনো কামত মন নবহা।
  • টোপনিৰ সময় সলনি হোৱা।
  • হাঁহি অনুভৱ লুকাই ৰখাৰ চেষ্টা কৰা।
  • অকলে থাকিবলৈ ইচ্ছা কৰা।
  • কোনো কামতে আনন্দ অনুভৱ নকৰা।
  • জীৱনৰ দুখ লগা বা বেয়া লগা ঘটনা সদায় মনত ৰখা।
  • ডিপ্ৰেছনৰ ওপৰত কোনো মন্তব্য প্ৰদান নকৰা।

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...