সামান্য শ্ৰম কৰিলেই ভাগৰি পৰে নেকি? হ’ব পাৰে থাইৰয়ডৰ সমস্যা, এইদৰে পাব উমান…

কেতিয়াবা আকৌ আমাৰ অজ্ঞাতেই দেহত ৰোগে লাহে লাহে থিতাপি ল’ব পাৰে। কিন্তু আমি ভালদৰে গুৰুত্ব নিদিয়া বা ভালদৰে নজনাৰ বাবে ৰোগে পিছলৈ সমস্যাৰ সৃষ্টি কৰিব পাৰে। কেতিয়াবা দেখা যায়, সামান্য শাৰীৰিক শ্ৰমতে আমাৰ অত্যন্ত ভাগৰ লাগে। এনে অৱস্থাত অধিকাংশ লোকেই এয়া স্বাভাৱিক কথা বুলি উলাই কৰিব পাৰে। কিন্তু এয়া থাইৰয়ডৰ সমস্যাও হ’ব পাৰে।

সামান্য শ্ৰম কৰিলেই ভাগৰি পৰে নেকি? হ’ব পাৰে থাইৰয়ডৰ সমস্যা, এইদৰে পাব উমান…

কম সময়তে ভাগৰা হ’ব পাৰে থাইৰয়ডৰ লক্ষণ

Published: 

07 Jun 2025 10:35 AM

সাম্প্ৰতিক সময়ত অস্বাস্থ্যকৰ জীৱনশৈলীৰ বাবেই হওক বা খ্যাদ্যাভ্যাসৰ বাবেই হওক, বয়সৰ কোনো চিন নোহোৱাকৈ ব্যক্তিৰ দেহত নানা ৰোগে থিতাপি লোৱা পৰিলক্ষিত হয়। ৰক্তচাপৰ পৰা আৰম্ভ কৰি ডায়েবেটিছৰ দৰে সমস্যা এতিয়া সাধাৰণ ৰোগ যেনেই হৈ পৰিছে। কেতিয়াবা আকৌ আমাৰ অজ্ঞাতেই দেহত ৰোগে লাহে লাহে থিতাপি ল’ব পাৰে। কিন্তু আমি ভালদৰে গুৰুত্ব নিদিয়া বা ভালদৰে নজনাৰ বাবে ৰোগে পিছলৈ সমস্যাৰ সৃষ্টি কৰিব পাৰে। কেতিয়াবা দেখা যায়, সামান্য শাৰীৰিক শ্ৰমতে আমাৰ অত্যন্ত ভাগৰ লাগে।

এনে অৱস্থাত অধিকাংশ লোকেই এয়া স্বাভাৱিক কথা বুলি উলাই কৰিব পাৰে। কিন্তু এয়া দেহত হৰম’নৰ সমস্যা যেনে থাইৰয়ডৰ সমস্যাৰ বাবেও হ’ব পাৰে। থাইৰয়ড গ্ৰন্থি হৈছে ডিঙিত অৱস্থিত পখিলাৰ আকৃতিৰ গ্ৰন্থি, যি শৰীৰৰ বিপাকীয় ক্ৰিয়া নিয়ন্ত্ৰণ কৰে। এই গ্ৰন্থিৰ বিসংগতি হ’লে দেহত বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে, তাৰ ভিতৰত এটা হ’ল সহজে ভাগৰুৱা অনুভৱ কৰা।

থাইৰয়ডৰ সমস্যা দুটা প্ৰধানকৈ হ’ল- হাইপোথাইৰয়ডিজম (থাইৰয়ড হৰম’নৰ উৎপাদন কম) আৰু হাইপাৰথাইৰয়ডিজম (থাইৰয়ড হৰম’নৰ অতিৰিক্ত উৎপাদন)

হাইপোথাইৰয়ডিজম (থাইৰয়ড হৰম’ন কম)ৰ লক্ষণসমূহঃ সকলো সময়তে ভাগৰুৱা আৰু আলস্য ভাৱ, ছাল শুকান হোৱা, ওজন বৃদ্ধি, অধিক ঠাণ্ডা লগা, একাগ্ৰতাৰ অভাৱ, হতাশা বা পাহৰি যোৱা, কোষ্ঠকাঠিন্য, চুলি সৰা আৰু নখ ভাঙি যোৱা, অনিয়মিত ঋতুচক্ৰ (মহিলাৰ ক্ষেত্ৰত), মুখ ফুলি উঠা বা চকুৰ তলত ফুলি উঠা আদি।

হাইপাৰথাইৰয়ডিজম (উচ্চ থাইৰয়ড হৰম’ন)ৰ লক্ষণসমূহঃ অত্যধিক ঘাম ওলোৱা, হঠাৎ ওজন কমি যোৱা, অস্থিৰতা, হৃদস্পন্দন বৃদ্ধি, টোপনিৰ সমস্যা, হাত কঁপা, পেটৰ সমস্যা বা সঘনাই মলত্যাগ কৰা হাইপাৰথাইৰয়ডিজমৰ লক্ষণ হ’ব পাৰে।

যদি আপোনাৰ দেহতো এনে লক্ষণে দেখা যায়, তেতিয়া সাৱধান হোৱা উচিত হ’ব। অৱশ্যে ভীতিগ্ৰস্ত হোৱাতকৈ চিকিৎসকৰ কাষ চপাহে উচিত। সাধাৰণ তেজৰ পৰীক্ষাৰ জৰিয়তেই আপোনাৰ থাইৰয়ড হৰম’নৰ মাত্ৰা নিৰ্ণয় কৰিব পাৰে। সেয়ে সময়মতে চিকিৎসকৰ কাষ চাপি পৰামৰ্শ মতে থাইৰয়ড পৰীক্ষা কৰাব লাগে।

চিকিৎসকৰ নিৰ্দেশনা অনুসৰি ঔষধ গ্ৰহণ কৰাৰ লগতে পুষ্টিকৰ খাদ্য গ্ৰহণ আৰু নিয়মিতৱে ব্যায়াম অভ্যাস, মানসিক চাপ নিয়ন্ত্ৰণত আদিৰ দ্বাৰা আপুনি এনে সমস্যাৰ পৰা সকাহ লাভ কৰিব। গতিকে ভাগৰ লগা যেন অনুভৱ কৰিলে বা ওপৰত উল্লিখিত আন লক্ষণসমূহে দেখা দিলে পলম নকৰি চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাই উচিত।

কেতিয়াও নষ্ট নহয়, ফ্ৰীজত মাংস সংৰক্ষণ কৰাৰ আগতে এই কথা মনত ৰাখক...
মৃত্যুৰ পিছত আত্মাই কেতিয়া নতুন শৰীৰ লাভ কৰে? কিদৰে কৰা হয় কৰ্মৰ ফলৰ বিচাৰ?
শৰীৰত ইউৰিক এচিড বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে? সবিশেষ জানক
ডিঙি আৰু ভৰিৰ বিষ কিয় হয়? জানক ই কোনটো ৰোগৰ লক্ষণ...