কিডনী ষ্ট’ন হৈ আছে যদি কেতিয়াও নাখাব এইসমূহ খাদ্য, অন্যথা সমস্যা হৈ পৰিব অধিক
লক্ষণীয়ভাৱে এনে বহু খাদ্য দৈনন্দিন জীৱনত অত্যন্ত পুষ্টিকৰ আৰু উপকাৰী হিচাপে বিবেচিত হয়। কিন্তু কিডনী ষ্ট’নৰ ক্ষেত্ৰত এয়া উপকাৰতকৈ অধিক অপকাৰীহে হৈ পৰে। জানো আহক কিডনী ষ্ট’নৰ ৰোগীয়ে পৰিহাৰ কৰিব লগা এনে কিছুমান খাদ্যবস্তুৰ বিষয়ে।

কিডনী ষ্ট’ন
খাদ্যাভ্যাস আৰু জীৱনশৈলীৰ ভুলৰ বাবে বাবে বৰ্তমান সময়ত বহুলোকৰ কিডনী ষ্ট’নৰ সমস্যা হোৱা পৰিলক্ষিত হৈছে। কঠিন খনিজ আৰু নিমখ জমা হোৱাৰ ফলত প্ৰস্ৰাৱ অত্যধিক ঘনীভূত হ’লে কিডনী ষ্ট’নৰ সমস্যা হয়। এনে কিডনী ষ্ট’নসমূহ ভিন্ন আকাৰৰ হ’ব পাৰে আৰু ইয়াৰ ফলত ৰোগীজনে তীব্ৰ বিষত ভুগিব পাৰে। কিছুমান খাদ্যই কিডনী ষ্ট’নৰ সমস্যাক অধিক কৰি তুলিব পাৰে। এই খাদ্যসমূহে প্ৰস্ৰাৱত ছডিয়াম, অক্সালেট, ইউৰিক এচিড, কেলচিয়ামৰ মাত্ৰা বৃদ্ধি কৰি বৃক্কত পাথৰ গঠনত অৰিহণা যোগাব পাৰে।
লক্ষণীয়ভাৱে এনে বহু খাদ্য দৈনন্দিন জীৱনত অত্যন্ত পুষ্টিকৰ আৰু উপকাৰী হিচাপে বিবেচিত হয়। কিন্তু কিডনী ষ্ট’নৰ ক্ষেত্ৰত এয়া উপকাৰতকৈ অধিক অপকাৰীহে হৈ পৰে। জানো আহক কিডনী ষ্ট’নৰ ৰোগীয়ে পৰিহাৰ কৰিব লগা এনে কিছুমান খাদ্যবস্তুৰ বিষয়ে।
চাহ
চাহত কিডনী ষ্ট’নৰ অন্যতম কাৰক অক্সালেট প্ৰচুৰ পৰিমাণে থাকে। ফলত অধিক পৰিমাণে চাহ খালে অক্সালেটৰ মাত্ৰা বৃদ্ধি পায় আৰু কিডনী ষ্ট’নৰ সমস্যা অধিক হৈ পৰে। সেয়ে গ্ৰীণ টিৰ বিকল্প গ্ৰহণ কৰাই উচিত।
পালেং
পালেঙত অক্সালেটৰ পৰিমাণ বহু বেছি। এই যৌগ কেলচিয়ামৰ লগত সংযোজিত হৈ বৃক্কত অক্সালেট পাথৰ সৃষ্টি কৰিব পাৰে। অৰ্থাৎ সাধাৰণ অৱস্থাত অতি উপকাৰী পালেং কিডনী ষ্ট’নৰ ক্ষেত্ৰত সমস্যাপূৰ্ণ হৈ পৰে।
বাদাম আৰু বীজ
আলমণ্ড, কাজুৰ দৰে বাদামসমূহ স্বাস্থ্যৰ বাবে অতি উপকাৰী। কিন্তু এইসমূহত অক্সালেট বহু পৰিমাণে থাকে বাবে পূৰ্বে কিডনী ষ্ট’নত ভোগা লোকৰ ক্ষেত্ৰত এইধৰণৰ খাদ্যবস্তু অতিৰিক্তভাৱে সেৱন কৰিলে পুনৰ হোৱাৰ সম্ভাৱনা থাকে।
বীট
কিডনী ষ্ট’নৰ সমস্যা থকা লোকসকলে বীট সীমিত পৰিমাণে কৰিব লাগে, কিয়নো বীটত অক্সালেটৰ মাত্ৰা অধিক। ফলত নিয়মিতভাৱে বীট খালে প্ৰস্ৰাৱত অক্সালেট জমা হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে।
চকলেট
ডাৰ্ক চকলেট আৰু ক’ক’ত অক্সালেট যথেষ্ট পৰিমাণে থাকে। সেয়ে কিডনী ষ্ট’ন হোৱাৰ সম্ভাৱনা থকা লোকসকলে নিয়মীয়াকৈ বা অত্যধিক পৰিমাণে ডাৰ্ক চকলেট খালে সমস্যা অধিক হৈ পৰে।
ৰেড মিট
ৰেড মিটত পিউৰিনৰ পৰিমাণ অধিক, ইয়াৰ ফলত শৰীৰত ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি পাব পাৰে। অত্যধিক ইউৰিক এচিড জমা হ’লে কিডনী ষ্ট’নৰ সমস্যা অধিক হ’ব পাৰে। প্ৰাণীৰ প্ৰটিন কৰ্তন কৰিলে এই ধৰণৰ পাথৰ গঠন হোৱাত সহায় কৰিব পাৰি।