বন্ধু যেতিয়া শত্ৰু হয়! অধিক পানীয়ে বিপদ মাতে কিডনীলৈ, এই পৰিমাণতকৈ বেছি খালেই সমস্যা!
বৃক্কক সঠিকভাৱে কাৰ্য সম্পাদনৰ বাবে পানীৰ প্ৰয়োজন, কিন্তু প্ৰয়োজনতকৈ অধিক পানী খালে এই অংগৰ কামৰ বোজা বৃদ্ধি পায় আৰু শৰীৰৰ ভাৰসাম্য বিঘ্নিত হ’ব পাৰে। গতিকে বৃক্কক দৰাচলতে কিমান পৰিমাণৰ পানীৰ প্ৰয়োজন আৰু এইক্ষেত্ৰত আনুষঙ্গিক কিছু কথা জানো আহক।

অধিক পানীয়ে ক্ষতি কৰে কিডনীৰ
আমিৰ সৰুৰে পৰাই জ্যেষ্ঠজনৰ পৰা শুনি আহিছো এক স্বাস্থ্য নিদান- পানীয়েই প্ৰাণীৰ প্ৰাণ। দেহ সুস্থ কৰি ৰাখিবলৈ প্ৰচুৰ পৰিমাণে পানী খাব লাগে বুলি সততে আমাক পৰামৰ্শ দিয়া হয়। পিছে এই প্ৰচুৰ পৰিমাণৰ ক্ষেত্ৰতো আছে এক নিৰ্ধাৰিত সীমা। সকলো বস্তুৰেই অধিক পৰিমাণ দেহৰ বাবে ক্ষতিকাৰক বিবেচিত হয়। এই সত্যৰ আওতাৰ পৰা বাহিৰ নহয় অতি প্ৰয়োজনীয় তথা উপকাৰী পানীও। পানীয়ে দেহৰ গুৰুত্বপূৰ্ণ অংগ বৃক্ক পৰিষ্কাৰ কৰি ৰাখে। কিন্তু সেই পানীৰেই অধিক পৰিমাণে বৃক্কৰ ক্ষতি কৰিব পাৰে।
বৃক্কক সঠিকভাৱে কাৰ্য সম্পাদনৰ বাবে পানীৰ প্ৰয়োজন, কিন্তু প্ৰয়োজনতকৈ অধিক পানী খালে এই অংগৰ কামৰ বোজা বৃদ্ধি পায় আৰু শৰীৰৰ ভাৰসাম্য বিঘ্নিত হ’ব পাৰে। গতিকে বৃক্কক দৰাচলতে কিমান পৰিমাণৰ পানীৰ প্ৰয়োজন আৰু এইক্ষেত্ৰত আনুষঙ্গিক কিছু কথা জানো আহক।
বৃক্কৰ বাবে পানী কিয় গুৰুত্বপূৰ্ণ?
বৃক্ক হৈছে তেজ পৰিষ্কাৰ কৰা এক অতি প্ৰয়োজনীয় অংগ। ই শৰীৰৰ পৰা অপ্ৰয়োজনীয় সামগ্ৰী তথা বিষাক্ত দ্ৰৱ্য আঁতৰাই পানী আৰু খনিজ পদাৰ্থৰ ভাৰসাম্য ৰক্ষা কৰে। শৰীৰত পানীৰ মাত্ৰা পৰ্যাপ্ত হ’লে বৃক্কে সুচাৰুৰূপে কাম কৰিব পাৰে। অৱশ্যে মনত ৰখা ভাল- বৃক্কক পানীৰ প্ৰয়োজন হয়, কিন্তু এটা নিৰ্দিষ্ট পৰিমাণেহে।
অধিক পানী উপকাৰী নহয়
যদি কোনো ব্যক্তিয়ে প্ৰয়োজনতকৈ অধিক পানী খায়, ইয়াৰ ফলত বৃক্কত অপ্ৰয়োজনীয় চাপ পৰে। এয়া কিছু ক্ষেত্ৰত বিপদজনক হ’ব পাৰে। বিশেষকৈ ইতিপূৰ্বৰে পৰা বৃক্ক দুৰ্বল লোকৰ বাবে অতিৰিক্ত পানী ক্ষতিকাৰক হ’ব পাৰে। অত্যধিক পানীয়ে শৰীৰৰ ছডিয়াম ক্ষয় কৰে, ফলত হাইপ’নাট্ৰেমিয়া, মূৰ ঘূৰোৱা, ভাগৰুৱা আদি অৱস্থা হ’ব পাৰে।
কিমান পানী খাব লাগে?
এজন ব্যক্তিয়ে কিমান পৰিমাণৰ পানী খাব লাগে, সেয়া ব্যক্তিজনৰ বয়স, শৰীৰৰ ধৰণ, বতৰ আৰু কামৰ বোজাৰ ওপৰত নিৰ্ভৰ কৰে। সাধাৰণতে এজন সুস্থ ব্যক্তিৰ বাবে প্ৰতিদিনে প্ৰায় ১.৫ৰ পৰা ২ লিটাৰ পানী যথেষ্ট বুলি ধৰা হয়। যদি বতৰ অতি গৰম হয় বা আপুনি তীব্ৰ শাৰীৰিক পৰিশ্ৰম কৰে, তেতিয়া প্ৰয়োজন সামান্য বৃদ্ধি পাব পাৰে।
সঠিক পৰিমাণৰ পানী খাইছেনে কিদৰে জানিব?
যদি আপোনাৰ প্ৰস্ৰাৱ পাতল হালধীয়া হয়, ইয়াৰ অৰ্থ হ’ল আপুনি ভালদৰে হাইড্ৰেটেড। আনহাতে যদি ৰং গাঢ় হালধীয়া বা ক’লা হয়, ই দেহত পানীৰ অভাৱৰ ইংগিত দিয়ে। লগতে পানী খোৱাৰ ক্ষেত্ৰত আৰু এটা কথা মনত ৰখা ভাল, একেলগে অত্যধিক পানী খালে বৃক্কত চাপ পৰে। গতিকে লাহে লাহে আৰু সঘনাই পানী খোৱাটোৱেই উত্তম পন্থা।