জাপানীজ খোজ কঢ়াৰ কৌশল: ৩০ মিনিটৰ এই অভ্যাসে হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰাৰ লগতে দ্ৰুতগতিত ওজন হ্ৰাস কৰিব পাৰে

খোজ কঢ়াটো এটা সহজ ফলপ্ৰসূ ব্যায়ামৰ ধৰণ, যিয়ে স্বাস্থ্যৰ বাবে অসংখ্য উপকাৰ সাধন কৰে। ই সুস্থ ওজন বজাই ৰখাত সহায় কৰে, মানসিক স্বাস্থ্য উন্নত কৰে আৰু সকলো বয়সৰ আৰু সকলো ফিটনেছ স্তৰৰ লোকৰ বাবে উপযোগী।

জাপানীজ খোজ কঢ়াৰ কৌশল: ৩০ মিনিটৰ এই অভ্যাসে হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰাৰ লগতে দ্ৰুতগতিত ওজন হ্ৰাস কৰিব পাৰে
Published: 

15 Nov 2025 15:18 PM

খোজ কঢ়াৰ ক্ষেত্ৰত জাপানীজ কৌশল অতি উপকাৰী হিচাপে পৰিগণিত হৈছে। জাপানীজ ষ্টাইলত যদি আপুনি ৩০ মিনিট খোজ কাঢ়ে তেন্তে হৃদযন্ত্ৰৰ স্বাস্থ্যৰ লগতে ওজন হ্ৰাস কৰাত সহায় কৰিব পাৰে। খোজ কঢ়াটো এটা সহজ ফলপ্ৰসূ ব্যায়ামৰ ধৰণ, যিয়ে স্বাস্থ্যৰ বাবে অসংখ্য উপকাৰ সাধন কৰে। ই সুস্থ ওজন বজাই ৰখাত সহায় কৰে, মানসিক স্বাস্থ্য উন্নত কৰে আৰু সকলো বয়সৰ আৰু সকলো ফিটনেছ স্তৰৰ লোকৰ বাবে উপযোগী।

জাপানীজ খোজ কঢ়াৰ কৌশল

জাপানীজ খোজ কঢ়াৰ কৌশল সকলোৱে নাজানে। এই পদ্ধতি প্ৰথমে লাহে লাগে খোজ কাঢ়িব লাগে আৰু পৰ্যায়ক্ৰমে খোজ কঢ়াৰ গতি বৃদ্ধি কৰিব লাগে। আকৌ লাহে লাহে খোজ কাঢ়িব লাগে।

৩ মিনিট যদি দ্ৰতগতিত খোজ কাঢ়ে, আকৌ ৩ মিনিট লাহে লাহে খোজ কাঢ়িব লাগে। প্ৰতিদিনে ২০-৩০ মিনিটৰ বাবে এইদৰে খোজ কঢ়াৰ অভ্যাস কৰিব লাগে।

মনক ৰাখিব যে, খোজ কঢ়াৰ পূৰ্বে ৫-১০ মিনিটৰ ৱাৰ্ম আপ কৰিব লাগে। এক কথাত এবাৰ দ্ৰুতগতিত খোজ কাঢ়িলে, এবাৰ লাহে লাহে খোজ কাঢ়িব লাগে। এইদৰে ৩০ সম্পূৰ্ণ কৰিব লাগে।

ইয়াৰ উপকাৰিতা

এইদৰে খোজ কাঢ়িলে মানসিক স্বাস্থ্যৰ উন্নতি হয়। জাপানীজ খোজ কঢ়াৰ কৌশলে মেজাজ উন্নত কৰাৰ লগতে সামগ্ৰিক মানসিক স্বাস্থ্য বজাই ৰখাত সহায় কৰিব পাৰে।

ই ওজন হ্ৰাস কৰাত সহায় কৰিব পাৰে। দ্ৰুতগতিত খোজ কঢ়াৰ ফলত কেলৰি বাৰ্ন বৃদ্ধি কৰে, আনহাতে হজম শক্তি বৃদ্ধি কৰে।

হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবেও ই উপকাৰী। ই সুস্থ ৰক্তচাপ বজাই ৰখাত সহায় কৰাৰ লগতে উচ্চ ৰক্তচাপ হ্ৰাস কৰি হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বজাই ৰখাত সহায় কৰে।

অভ্যাসে টোপনি ভাল কৰে। ই দ্ৰুতভাৱে টোপনি অহাত সহায় কৰিব পাৰে আৰু টোপনিৰ মানদণ্ড উন্নত কৰিব পাৰে।

কিয় ভোক কমিব পাৰে? ই কি কি ৰোগৰ লক্ষণ হ'ব পাৰে? জানক
শীতকালত হাঁপানী সমস্যা হ'লে কি কৰিব ? পৰিত্ৰাণ পোৱাৰ ঘৰুৱা উপায়
খাদ্যত নিমখ-জ্বলা বেছি হ'লে কেনেকৈ দূৰ কৰিব? জানক উপায়
দুই ভৰিত পৃথক ডিজাইনৰ জোতা, প্ৰত্যাৱৰ্তনতে সেহৱাগক অতিক্ৰমি ঈৰ্ষণীয় অভিলেখ পণ্টৰ