এণ্টিবায়’টিক ব্যৱহাৰে স্বাস্থ্যৰ ক্ষতি কৰে নেকি, জানক কি কি পাৰ্শ্বক্ৰিয়া হ’ব পাৰে

ডাঃ সংগীতাই কয় যে, এন্টিবায়টিক অত্যধিক ব্যৱহাৰ কৰাৰ পৰা সাৱধান। সুস্থ বেক্টেৰিয়াৰ ওপৰত এন্টিবায়’টিকৰ প্ৰভাৱ বন্ধ হৈ যায়। এনে অৱস্থাত এই ঔষধ যেতিয়া ৰোগীক দিয়া হয় তেতিয়া তাৰ কোনো প্ৰভাৱ শৰীৰত নপৰে। এনে পৰিস্থিতিত চিকিৎসকে কোনো সহায় কৰিব নোৱাৰে আৰু ৰোগীৰ মৃত্যু হয়।

এণ্টিবায়’টিক ব্যৱহাৰে স্বাস্থ্যৰ ক্ষতি কৰে নেকি, জানক কি কি পাৰ্শ্বক্ৰিয়া হব পাৰে
Updated On: 

03 Dec 2025 12:54 PM

এণ্টিবায়’টিকৰ ক্ৰমবৰ্ধমান ব্যৱহাৰ দেশৰ বাবে এক ডাঙৰ চিন্তাৰ কাৰণ হৈ পৰিছে। ভাৰতত বিগত কেইবছৰমানৰ পৰা এই ঔষধসমূহৰ ব্যৱহাৰ যথেষ্ট বৃদ্ধি পাইছে। অত্যধিক ব্যৱহাৰেও স্বাস্থ্যৰ যথেষ্ট ক্ষতি কৰিব পাৰে। এণ্টিবায়’টিক দীৰ্ঘদিন ধৰি উচ্চ মাত্ৰাত ব্যৱহাৰ কৰাৰ ফলত অন্ত্ৰত বসতি কৰা বহুতো অণুজীৱ ধ্বংস হয়, সেই অণুজীৱসমুহ শৰীৰৰ বাবে প্ৰয়োজনীয় আৰু উপকাৰী। অন্ত্ৰত বাসকৰা কৰা কিছুমান অণুজীৱই শৰীৰৰ ভিতৰতে ভিনভিন খাদ্যপ্ৰাণ গঠন কৰে, অন্ত্ৰত থকা অণুজীৱ এণ্টিবায়’টিক ব্যৱহাৰৰ ফলত বিনষ্ট হ’লে শৰীৰটো প্ৰয়োজনীয় বহুতো খাদ্যপ্ৰাণৰ পৰা বঞ্চিত হয় আৰু দেহৰ পুষ্টি সাধনত ব্যাঘাত জন্মে। বহুদিন এণ্টিবায়’টিক ব্যৱহাৰ কৰি থাকিলে পাছলৈ অণুজীৱৰ ওপৰত তাৰ ক্ৰিয়া নাইকীয়া হয়।

ডাঃ সংগীতাই কয় যে এন্টিবায়টিক অত্যধিক ব্যৱহাৰ কৰাৰ পৰা সাৱধান। সুস্থ বেক্টেৰিয়াৰ ওপৰত এন্টিবায়’টিকৰ প্ৰভাৱ বন্ধ হৈ যায়। এনে অৱস্থাত এই ঔষধ যেতিয়া ৰোগীক দিয়া হয় তেতিয়া তাৰ কোনো প্ৰভাৱ শৰীৰত নপৰে। এনে পৰিস্থিতিত চিকিৎসকে কোনো সহায় কৰিব নোৱাৰে আৰু ৰোগীৰ মৃত্যু হয়।

এণ্টিবায়টিকৰ পাৰ্শ্বক্ৰিয়া কি হ’ব পাৰে

  • গেছৰ সমস্যা
  • ডায়েৰিয়া
  • মানসিক ৰোগৰ লক্ষণে
  • উচপ খাই উঠা
  • পেট চলা
  • বৃক্ক বিকল হোৱা
  • অষ্টিওপোৰোচিছ
  • হাড়ৰ মজ্জা বেয়া হোৱা
  • ছালৰ ক্ষতি
উচ্চ কলেষ্টেৰল নিয়ন্ত্ৰণত ৰাখিবলৈ খাওক এইবিধ ফল, আছে বহু উপকাৰিতা
এই ৪ বিধ ফলে দূৰ কৰে লিভাৰৰ সমস্যা! নহয় ৰোগ...
বগা নে ব্ৰাউন ৰঙৰ কণী বেছি উপকাৰী ? বিশেষজ্ঞৰ মতে কোনটো খাব লাগে ? জানক
কেৱল জণ্ডিচ বা পেট ফুলাই নহয় ! লিভাৰৰ সমস্যা হ'লে হাত-ভৰিত কি কি লক্ষণ দেখা যায়? জানক
প্ৰেয়সীক আনিবলৈ দৰা সাজি ৰথেৰে যাত্ৰা দৰাৰ...
লুৰিণজ্যোতি গগৈৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰীৰ...
নিশা ৰাজ্যিক চিৰিয়াখানাৰ পৰা ওলাই আহিল হৰিণ
ডিব্ৰুগড় বিমানবন্দৰত অভিনেত্রী ছানী লিয়নী