এণ্টিবায়’টিক ব্যৱহাৰে স্বাস্থ্যৰ ক্ষতি কৰে নেকি, জানক কি কি পাৰ্শ্বক্ৰিয়া হ’ব পাৰে

ডাঃ সংগীতাই কয় যে, এন্টিবায়টিক অত্যধিক ব্যৱহাৰ কৰাৰ পৰা সাৱধান। সুস্থ বেক্টেৰিয়াৰ ওপৰত এন্টিবায়’টিকৰ প্ৰভাৱ বন্ধ হৈ যায়। এনে অৱস্থাত এই ঔষধ যেতিয়া ৰোগীক দিয়া হয় তেতিয়া তাৰ কোনো প্ৰভাৱ শৰীৰত নপৰে। এনে পৰিস্থিতিত চিকিৎসকে কোনো সহায় কৰিব নোৱাৰে আৰু ৰোগীৰ মৃত্যু হয়।

এণ্টিবায়’টিক ব্যৱহাৰে স্বাস্থ্যৰ ক্ষতি কৰে নেকি, জানক কি কি পাৰ্শ্বক্ৰিয়া হব পাৰে
Updated On: 

03 Dec 2025 | 12:54 PM

এণ্টিবায়’টিকৰ ক্ৰমবৰ্ধমান ব্যৱহাৰ দেশৰ বাবে এক ডাঙৰ চিন্তাৰ কাৰণ হৈ পৰিছে। ভাৰতত বিগত কেইবছৰমানৰ পৰা এই ঔষধসমূহৰ ব্যৱহাৰ যথেষ্ট বৃদ্ধি পাইছে। অত্যধিক ব্যৱহাৰেও স্বাস্থ্যৰ যথেষ্ট ক্ষতি কৰিব পাৰে। এণ্টিবায়’টিক দীৰ্ঘদিন ধৰি উচ্চ মাত্ৰাত ব্যৱহাৰ কৰাৰ ফলত অন্ত্ৰত বসতি কৰা বহুতো অণুজীৱ ধ্বংস হয়, সেই অণুজীৱসমুহ শৰীৰৰ বাবে প্ৰয়োজনীয় আৰু উপকাৰী। অন্ত্ৰত বাসকৰা কৰা কিছুমান অণুজীৱই শৰীৰৰ ভিতৰতে ভিনভিন খাদ্যপ্ৰাণ গঠন কৰে, অন্ত্ৰত থকা অণুজীৱ এণ্টিবায়’টিক ব্যৱহাৰৰ ফলত বিনষ্ট হ’লে শৰীৰটো প্ৰয়োজনীয় বহুতো খাদ্যপ্ৰাণৰ পৰা বঞ্চিত হয় আৰু দেহৰ পুষ্টি সাধনত ব্যাঘাত জন্মে। বহুদিন এণ্টিবায়’টিক ব্যৱহাৰ কৰি থাকিলে পাছলৈ অণুজীৱৰ ওপৰত তাৰ ক্ৰিয়া নাইকীয়া হয়।

ডাঃ সংগীতাই কয় যে এন্টিবায়টিক অত্যধিক ব্যৱহাৰ কৰাৰ পৰা সাৱধান। সুস্থ বেক্টেৰিয়াৰ ওপৰত এন্টিবায়’টিকৰ প্ৰভাৱ বন্ধ হৈ যায়। এনে অৱস্থাত এই ঔষধ যেতিয়া ৰোগীক দিয়া হয় তেতিয়া তাৰ কোনো প্ৰভাৱ শৰীৰত নপৰে। এনে পৰিস্থিতিত চিকিৎসকে কোনো সহায় কৰিব নোৱাৰে আৰু ৰোগীৰ মৃত্যু হয়।

এণ্টিবায়টিকৰ পাৰ্শ্বক্ৰিয়া কি হ’ব পাৰে

  • গেছৰ সমস্যা
  • ডায়েৰিয়া
  • মানসিক ৰোগৰ লক্ষণে
  • উচপ খাই উঠা
  • পেট চলা
  • বৃক্ক বিকল হোৱা
  • অষ্টিওপোৰোচিছ
  • হাড়ৰ মজ্জা বেয়া হোৱা
  • ছালৰ ক্ষতি
ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...