Vastu Shastra: বৃদ্ধি পাব ধন-সম্পত্তি, সলনি হ’ব ভাগ্য ! ঘৰখনৰ মংগলৰ বাবে বাস্তু শাস্ত্ৰৰ এই ৫ টা টিপছ অনুসৰণ কৰক…

ঘৰৰ বাস্তু যদি শুদ্ধ হয়, তেন্তে জীৱনত প্ৰগতি, ধন-সম্পত্তি আৰু সুখ স্বয়ংক্ৰিয়ভাৱে আকৰ্ষিত হয়। ঘৰখনৰ মংগলৰ বাবে বাস্তু শাস্ত্ৰৰ এই পাঁচটা টিপছ অনুসৰণ কৰক।

Vastu Shastra: বৃদ্ধি পাব ধন-সম্পত্তি, সলনি হব ভাগ্য ! ঘৰখনৰ মংগলৰ বাবে বাস্তু শাস্ত্ৰৰ এই ৫ টা টিপছ অনুসৰণ কৰক...
Published: 

24 Aug 2025 | 12:43 PM

বাস্তু শাস্ত্ৰৰ মতে আমি আমাৰ ঘৰখন যি ধৰণে সজাই থওঁ, কি কি দিশত কি কি সামগ্ৰী ৰাখোঁ, তাৰ প্ৰত্যক্ষ প্ৰভাৱ আমাৰ জীৱনৰ সুখ, ধন-সম্পত্তিৰ ওপৰত পৰে। প্ৰতিজন গৃহস্থই ৫টা গুৰুত্বপূৰ্ণ কথা অনুসৰণ কৰিব লাগে। বাস্তু শাস্ত্ৰই কৈছে যে, এই সৰু সৰু পৰিৱৰ্তনৰ লগে লগে ঘৰত ধনাত্মক শক্তিয়ে ঠাই লয় আৰু জীৱনত প্ৰগতিৰ পথ মুকলি হয়।

বাস্তু শাস্ত্ৰৰ মতে, ঘৰ কেৱল বাসস্থান নহয়। শক্তিৰ প্ৰবাহ প্ৰতিটো দিশ আৰু ঘৰখনৰ প্ৰতিটো বস্তুৰ লগত সংযুক্ত হৈ থাকে। ঘৰৰ বাস্তু যদি শুদ্ধ হয়, তেন্তে জীৱনত প্ৰগতি, ধন-সম্পত্তি আৰু সুখ স্বয়ংক্ৰিয়ভাৱে আকৰ্ষিত হয়। ঘৰখনৰ মংগলৰ বাবে বাস্তু শাস্ত্ৰৰ এই পাঁচটা টিপছ জানক।

মূল দুৱাৰৰ গুৰুত্ব

বাস্তু শাস্ত্ৰই কৈছে যে ঘৰৰ মূল দুৱাৰখনেই শক্তিৰ প্ৰৱেশদ্বাৰ। ইয়াক সদায় পৰিষ্কাৰ আৰু পোহৰত ৰাখিব লাগে। মূল দুৱাৰৰ সন্মুখত জাৱৰ-জোঁথৰ, জোতা-চেণ্ডেল ৰাখিলে বা লেতেৰা হৈ থাকিল ঋণাত্মক শক্তিৰ প্ৰৱেশ ঘটে।

তুলসী আৰু সেউজীয়া গছ

ঘৰৰ উত্তৰ-পূব দিশত তুলসী গছ ৰোপণ কৰাটো শুভ বুলি গণ্য কৰা হয়। তুলসীয়ে পৰিৱেশ বিশুদ্ধ কৰাই নহয় ইতিবাচক শক্তিক আকৰ্ষিত কৰে। কাঁইটীয়া গছ-গছনি ঘৰৰ ভিতৰত ৰখাৰ পৰা বিৰত থাকক।

পাকঘৰৰ স্থান

ঘৰৰ পাকঘৰটো সদায় দক্ষিণ-পূব দিশত থাকিব লাগে। পাকঘৰৰ চৌকাটো উত্তৰ-পূব কোণত ৰাখিলে আৰ্থিক লোকচান আৰু বিবাদৰ সম্ভাৱনা বৃদ্ধি পায়।

দাপোন স্থাপনৰ নিয়ম

বাস্তু শাস্ত্ৰৰ মতে, বিচনাৰ ঠিক সন্মুখত কেতিয়াও দাপোন ৰাখিব নালাগে। ইয়াৰ ফলত টোপনিৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰে আৰু মানসিক চাপ বৃদ্ধি কৰে। পূব বা উত্তৰ ৱালত দাপোন স্থাপন কৰাটো শুভ।

পানীৰ স্থান

পানীৰ লগত জড়িত বস্তু যেনে একুৰিয়াম বা ফোয়াৰা ঘৰৰ উত্তৰ-পূব দিশত ৰাখিব লাগে। ইয়াৰ ফলত ঘৰত ধন-সম্পত্তি আৰু সৌভাগ্য বৃদ্ধি পায়। পানীৰ লগত জড়িত যিকোনো বস্তু দক্ষিণ দিশত ৰখাৰ পৰা বিৰত থাকক।

স্পষ্টীকৰণ: বাস্তু-শাস্ত্ৰ আৰু সাধাৰণ বিশ্বাসৰ ওপৰত ভিত্তি কৰি এই প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে। TV9 অসমীয়াই কথা নিশ্চিত নকৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...