দুপৰীয়া আৰু ৰাতিৰ আহাৰ গ্ৰহণৰ মাজত কিমান সময় ব্যৱধান থাকিব লাগে? জানক

এই প্ৰতিবেদনৰ জৰিয়তে জানক দুপৰীয়া আৰু ৰাতিৰ আহাৰ গ্ৰহণৰ মাজত কিমান সময়ৰ ব্যৱধান থাকিব লাগে ? উল্লেখ্য যে,এই ব্যৱধানৰ ওপৰত বহু পৰিমানে নিৰ্ভৰ কৰে হজম শক্তি । শৰীৰৰ শক্তিৰ মাত্ৰা আৰু সামগ্ৰিক স্বাস্থ্যৰ বাবে এই ব্যৱধান থকাটো অতি প্ৰয়োজন।

দুপৰীয়া আৰু ৰাতিৰ আহাৰ গ্ৰহণৰ মাজত কিমান সময় ব্যৱধান থাকিব লাগে? জানক

প্ৰতীকী ফটো

Published: 

20 Jan 2025 | 08:14 PM

সুস্বাস্থ্যৰ বাবে খোৱা-বোৱাৰ ক্ষেত্ৰত প্ৰত্যেকজন লোকে ৰুটিন মানি চলিব লাগে । খোৱা-বোৱাৰ ক্ষেত্ৰত যদি নিদিষ্ট সময় নাথাকে তেন্তে শৰীৰিক সমস্যাই দেখা দিয়াৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে । ব্যৱসায়ৰ সৈতে জড়িত লোক বা বিভিন্ন কামত নিয়োজিত লোকসকলে খাদ্যৰ ৰুটিন মানি চলাত কিছু অসুবিধা হয় । কিন্তু তথাপিও চেষ্টা কৰিব লাগে যাতে সঠিক সময়ত খাদ্য গ্ৰহণ কৰিব পাৰে । সঠিক খাদ্যাভ্যাস গ্ৰহণ কৰাটো আমাৰ উন্নত জীৱনশৈলীৰ অংশ ।

এই প্ৰতিবেদনৰ জৰিয়তে জানক দুপৰীয়া আৰু ৰাতিৰ আহাৰ গ্ৰহণৰ মাজত কিমান সময়ৰ ব্যৱধান থাকিব লাগে ? উল্লেখ্য যে,এই ব্যৱধানৰ ওপৰত বহু পৰিমানে নিৰ্ভৰ কৰে হজম শক্তি । শৰীৰৰ শক্তিৰ মাত্ৰা আৰু সামগ্ৰিক স্বাস্থ্যৰ বাবে এই ব্যৱধান থকাটো অতি প্ৰয়োজন। যিহেতু সকলোৰে জীৱনশৈলী বেলেগ বেলেগ, সেয়েহে দৈনন্দিন কাম-কাজৰ বাবে একে সময়তে খাদ্য খোৱাটো অতি কঠিন। তথাপিও চেষ্টা কৰাটো প্ৰয়োজন ।

স্বাস্থ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি দুপৰীয়াৰ আহাৰ আৰু ৰাতিৰ আহাৰ গ্ৰহণৰ মাজত ৪ৰ পৰা ৬ ঘণ্টাৰ ব্যৱধান ৰাখিব লাগে। ইয়াৰ উপৰিও এই ব্যৱধানৰ প্ৰয়োজনীয়তাও আছে। খাদ্য খোৱাৰ পিছত হজম হ’বলৈ কিছু সময় লাগে । খাদ্যৰ হজমৰ লগে লগে খাদ্যৰ পুষ্টিকৰ উপাদান শৰীৰে গ্ৰহণ কৰে । গতিকে দুপৰীয়া আৰু ৰাতি আহাৰৰ মাজত ৪ ৰ পৰা ৬ ঘণ্টা ব্য়ৱধান ৰাখিব লাগে ।

যদি আপোনাৰ খাদ্যৰ খোৱাৰ ব্যৱধান বেছি হয় তেতিয়াও সমস্যা হ’ব পাৰে। ধৰি লওক পুৱা আহাৰ গ্ৰহণ কৰাৰ পাছত দিনটো কামত ব্যৱস্থা হৈ থাকে । ইয়াৰ ফলত আপুনি দুপৰীয়া খাদ্য গ্ৰহণ কৰিবলৈ সময় নাপায় । একেবাৰে ৰাতিহে আহাৰ গ্ৰহণ কৰে । এনে ক্ষেত্ৰত শাৰীৰিক সমস্যা সৃষ্টি হোৱাৰ সম্ভাৱনা থাকে । তদুপৰি এনে ক্ষেত্ৰত আপোনাৰ অতিৰিক্ত খাদ্য প্ৰয়োজন হ’ব পাৰে আৰু ইয়াৰ ফলত ওজন বৃদ্ধি হ’ব পাৰে।

খাদ্যৰ ৰুটিন কেনেকৈ বনাব পাৰি? যদি আপুনি এটা নিদিষ্ট সময়ৰ বাবে কামত নিয়োজিত হৈ থাকে, তেনে ক্ষেত্ৰত আপুনি আহাৰ গ্ৰহণৰ বাবে এটা নিদিষ্ট সময় নিৰ্ধাৰণ কৰিব ল’ব পাৰে । যদি আপুনি পুৱা ৯ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ কামত ব্যস্ত হৈ থাকে, তেনেহ’ল আপুনি দুপৰীয়া ১২ বজাৰ পৰা ১ বজাৰ ভিতৰত আহাৰ গ্ৰহণৰ সময় নিৰ্ধাৰণ কৰিব পাৰে আৰু সেই অনুসৰি আপুনি সন্ধিয়া ৬-৭ বজাত ৰাতি আহাৰ গ্ৰহণ কৰিব পাৰে । দিনটোৰ ব্যস্ততাৰ ওপৰত নিৰ্ভৰ কৰি আপুনি আহাৰ গ্ৰহণৰ ৰুটিন প্ৰস্তুত কৰিব পাৰে ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...