Period cramps: ঘৰুৱা উপায়েৰে দূৰ কৰক মাহেকীয়াৰ পেটৰ বিষ

ঋতুস্ৰাৱৰ সময়ত মহিলাসকলেও গেছৰ সমস্যা বৃদ্ধিৰ সন্মুখীন হ’ব পাৰে, যাৰ ফলত তেওঁলোকৰ পেটত বিষ হোৱাৰ সম্ভাৱণা থাকে। ইয়াত আমি আপোনালোকৰ বাবে কিছুমান ঘৰুৱা উপায় লৈ আহিছোঁ, যিবোৰ অনুসৰণ কৰিলে আপুনি এই সমস্যাৰ পৰা সকাহ পাব পাৰে।

Period cramps: ঘৰুৱা উপায়েৰে দূৰ কৰক মাহেকীয়াৰ পেটৰ বিষ

মাহেকীয়াৰ অসহ্যকৰ পেটৰ বিষ

Published: 

04 Jul 2025 | 06:31 PM

মাহেকীয়াত বহু মহিলাৰ পেটৰ বিষৰ দৰে সমস্যা হয়। যাৰ বাবে মহিলাসকলে কাম-কাজ কৰাত ষথেষ্ঠ সমস্যাৰ সন্মুখীন হয়। বহু মহিলাই মাহেকীয়াৰ সময়ত অসহ্যকৰ বিষ অনুভৱ কৰে, যিটোৰ পৰা সাধাৰণতে আৰাম পোৱাটো কঠিন। কিন্তু এতিয়া এই বিষৰ বাবে বেছি চিন্তিত হোৱাৰ কোনো কাৰণ নাই। ইয়াত আমি আপোনালোকৰ বাবে কিছুমান ঘৰুৱা উপায় লৈ আহিছোঁ, যিবোৰ অনুসৰণ কৰিলে আপুনি এই সমস্যাৰ পৰা সকাহ পাব পাৰে।

গৰম পানী

যদি পিৰিয়ডৰ সময়ত বিষ হয়, তেন্তে পেটৰ তলৰ অংশত গৰম পানীৰ বেগ লগাব লাগে। ইয়াৰ ফলত বহুত সকাহ পোৱা যায়। উত্তেজনাৰ বাবেও হিটিং পেড ব্যৱহাৰ কৰিব পাৰি। আচলতে ই পেশীবোৰক শিথিল কৰে, যাৰ ফলত বিষৰ পৰা সকাহ পোৱা যায়।

জিৰা পানী

ঋতুস্ৰাৱৰ সময়ত মহিলাসকলেও গেছৰ সমস্যা বৃদ্ধিৰ সন্মুখীন হ’ব পাৰে, যাৰ ফলত তেওঁলোকৰ পেটত বিষ হোৱাৰ সম্ভাৱণা থাকে। ইয়াৰ পৰা মুক্তি পাবলৈ আপোনাৰ পাকঘৰত থকা জিৰা হৈছে উত্তম বিকল্প। পিৰিয়ডৰ সময়ত বিষৰ পৰা উপশম পাবলৈ আধা চামুচ আজৱাইন নিমখ আৰু কুহুমীয়া পানীৰ সৈতে খাব লাগে। ইয়াৰ দ্বাৰা বিষৰ পৰা সকাহ পাব।

আদা আৰু কেঁচা হালধিৰ চাহ

পিৰিয়ডৰ বিষৰ পৰা সকাহ পাবলৈ আদা আৰু কেঁচা হালধিৰ চাহ বনাই খাব পাৰে, তাত অলপ গুড় দিব পাৰে। কিন্তু যদি আপোনাৰ মাহেকীয়া গধুৰ হোৱাৰ সমস্যা হয় তেন্তে চাহত গুৰ যোগ কৰাৰ পৰা আঁতৰি থাকিব।

মালিচ কৰিলে সকাহ পোৱা যায়

এই সময়ছোৱাত পিৰিয়ডৰ বিষ আৰু পেশীৰ বিষৰ পৰা সকাহ পাবলৈ গৰম তেলৰ মালিচ কৰাটো উপকাৰী। পেটৰ তলৰ অংশত মালিচ কৰাৰ লগতে কঁকাল, পিঠি আৰু ভৰিৰ তলুৱাতো মালিচ কৰিব পাৰি।

বনৌষধি চাহ

মাহেকীয়াৰ বিষৰ বাবে বনৌষধি চাহ অতি উপকাৰী। ইয়াক সেৱন কৰিলে মাহেকীয়াৰ বিষ আৰু অস্বস্তিৰ পৰা সকাহ পোৱা যায়। কেৱল পদিনাৰ চাহেও মাহেকীয়াৰ বিষ বহু পৰিমাণে হ্ৰাস কৰাত সহায় কৰিব পাৰে।

(এই লেখাত দিয়া তথ্যসমূহ সাধাৰণ বিশ্বাসৰ ওপৰত ভিত্তি কৰি কৰা হৈছে। টিভি৯ অসমে এইবোৰ নিশ্চিত নকৰে। বিশেষজ্ঞৰ পৰামৰ্শ লৈহে এই কথা অনুসৰণ কৰক।)

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...