Reduce Heart Attack Risk : হাৰ্ট এটেকৰ সম্ভাৱনা হ্ৰাস কৰিবলৈ গঢ়ি তোলক এই অভ্যাস…

যুৱ প্ৰজন্মৰ মাজত উচ্চ ৰক্তচাপৰ দৰে স্বাস্থ্য সম্পৰ্কীয় সমস্যাবোৰ অতি সাধাৰণ হৈ পৰিছে । লগতে নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা নকৰাৰ বাবে এই সমস্যা মৃত্যুৰ কাৰণ হ'বলৈ আৰম্ভ কৰিছে। হাৰ্ট এটেকৰ সম্ভাৱনা হ্ৰাস কৰিবলৈ কেনেদৰে ল'ব স্বাস্থ্য়ৰ যত্ন ?

Reduce Heart Attack Risk : হাৰ্ট এটেকৰ সম্ভাৱনা হ্ৰাস কৰিবলৈ গঢ়ি তোলক এই অভ্যাস...

হাৰ্ট এটেকৰ সম্ভাৱনা হ্ৰাস কৰিবলৈ কি কৰিব ?

Updated On: 

10 Feb 2025 | 07:27 PM

কিছুদিনৰ পৰা দেশত বৃদ্ধি পাবলৈ ধৰিছে হাৰ্ট এটেকত মৃত্যুৰ সংখ্যা । শেহতীয়াকৈ ইন্দোৰত এগৰাকী যুৱতীয়ে নৃত্য প্ৰদৰ্শন কৰি থকাৰ সময়তে অচেতন হৈ পৰা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । যুৱতীগৰাকীক তেওঁৰ পৰিয়ালৰ লোকে চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰিছিল । লগতে যুৱতীগৰাকী হাৰ্ট এটেকত মৃত্যু হোৱা বুলিও কয় চিকিৎসকে ।

গতিকে হৃদৰোগৰ পৰা নিজকে ৰক্ষা কৰিবলৈ আপোনাৰ স্বাস্থ্যৰ যত্ন লোৱাটো অতি প্ৰয়োজন। অস্বাস্থ্য়কৰ জীৱনশৈলীৰ বাবে এই ধৰণৰ সমস্যা বৰ্তমান সময়ত বৃদ্ধি পাবলৈ ধৰিছে । বিশেষজ্ঞৰ মতে, যুৱ প্ৰজন্মৰ মাজত উচ্চ ৰক্তচাপৰ দৰে স্বাস্থ্য সম্পৰ্কীয় সমস্যাবোৰ অতি সাধাৰণ হৈ পৰিছে । লগতে নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা নকৰাৰ বাবে এই সমস্যা মৃত্যুৰ কাৰণ হ’বলৈ আৰম্ভ কৰিছে।

হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰিবলৈ কেনেদৰে ল’ব স্বাস্থ্য়ৰ যত্ন ?

  1. ৩০ বছৰ বয়সৰ পাছৰ প্ৰতিজন লোকে নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰাব লাগে। ইয়াৰ জৰিয়তে হৃদযন্ত্ৰ সম্পৰ্কীয় বা যিকোনো ধৰণৰ ৰোগ সময়মতে ধৰা পেলাব পাৰি, যাৰ চিকিৎসা সময়মতে আৰম্ভ কৰিব পাৰি।
  2. ৩০ বছৰ বয়সৰ পাছত ৰক্তচাপ, উচ্চ কলেষ্টেৰল আৰু ডায়েবেটিছ আদি ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। এই ৰোগে হৃদযন্ত্ৰৰ ক্ষতি কৰিব পাৰে।
  3. হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিবলৈ সঠিক জীৱনশৈলী গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয়। গতিকে খাদ্যাভ্যাসৰ প্ৰতি বিশেষ যত্ন ল’ব লাগিব আৰু ভজা, টেঙা আৰু মিঠা বস্তু সেৱন কৰাৰ পৰা দূৰত্ব বজাই ৰাখিব ।
  4. অত্যাধিক ভজা, টেঙা আৰু মিঠা খাদ্য়ই উচ্চ কলেষ্টেৰল, ডায়েবেটিছ বা উচ্চ ৰক্তচাপৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে। ইয়াৰ পৰিৱৰ্তে খাদ্যত সতেজ ফল-মূল, শাক-পাচলি আৰু দাইল অন্তৰ্ভুক্ত কৰক।
  5. দৈনিক ৮ ঘণ্টা টোপনি যাবলৈ চেষ্টা কৰক । বয়স আৰু স্বাস্থ্যৰ অৱস্থাৰ অনুসৰি ব্যায়াম বা যোগাসন কৰক।
  6. মানসিক চাপ কম কৰক কাৰণ মানসিক চাপে স্বাস্থ্যৰ ওপৰতো বেয়া প্ৰভাৱ পেলায়। সেয়ে ইয়াক কমাবলৈ প্ৰাণায়াম বা ধ্যান কৰিব পাৰে।
ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...