লিভাৰক সুৰক্ষিত কৰি ৰাখিবলৈ হেপাটাইটিছ কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি? জানক

এই ৰোগৰ পৰা কিছুমান ক্ষেত্ৰত নিজা উপায়েৰে আৰোগ্য লাভ কৰিব পাৰি, কিন্তু কেতিয়াবা ই গুৰুতৰ আৰু দীৰ্ঘস্থায়ী হ’ব পাৰে, যাৰ ফলত যকৃতৰ অধিক ক্ষতি হ’ব পাৰে। হেপাটাইটিছ দীৰ্ঘদিন ধৰি থাকিলে লিভাৰ ফাইব্ৰ’ছিছ, চিৰ’ছিছ বা লিভাৰ বিকল হোৱাৰ সম্ভাৱনাও বৃদ্ধি পায়।

লিভাৰক সুৰক্ষিত কৰি ৰাখিবলৈ হেপাটাইটিছ কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি? জানক

হেপাটাইটিছ প্ৰতিৰোধ কৰাৰ উপায়

Published: 

28 Jul 2025 08:49 AM

হেপাটাইটিছ(Hepatitis) হৈছে যকৃতৰ প্ৰদাহজনিত ৰোগ। যকৃতে হজম, পুষ্টি শোষণ, বিষাক্ত পদাৰ্থ নিৰ্মূল কৰাত সহায় কৰে। যকৃতৰ প্ৰদাহ হ’লে ইয়াৰ কাৰ্যক্ষমতা প্ৰভাৱিত হয়। হেপাটাইটিছ A, B, C, D আৰু E ৰ ভিতৰত A আৰু E বেছিভাগেই সংক্ৰমিত পানী বা খাদ্যৰ জৰিয়তে বিয়পে, আনহাতে B, C আৰু D সংক্ৰমিত তেজ, বেজী বা যৌন সম্পৰ্কৰ দ্বাৰা বিয়পে। এই ৰোগৰ পৰা কিছুমান ক্ষেত্ৰত নিজা উপায়েৰে আৰোগ্য লাভ কৰিব পাৰি, কিন্তু কেতিয়াবা ই গুৰুতৰ আৰু দীৰ্ঘস্থায়ী হ’ব পাৰে, যাৰ ফলত যকৃতৰ অধিক ক্ষতি হ’ব পাৰে।

ভাইৰাছৰ সংক্ৰমণ হেপাটাইটিছৰ আটাইতকৈ সাধাৰণ কাৰণ। ইয়াৰ উপৰিও অত্যধিক মদ্যপান, কিছুমান ঔষধৰ পাৰ্শ্বক্ৰিয়া আৰু বিষাক্ত ৰাসায়নিক পদাৰ্থও ইয়াৰ কাৰণ হ’ব পাৰে। প্ৰাৰম্ভিক পৰ্যায়ত ইয়াৰ লক্ষণসমূহ মৃদু হ’ব পাৰে, যেনে ভাগৰুৱা, ভোক কমি যোৱা, বমি, মৃদু জ্বৰ আৰু পেটৰ বিষ। ৰোগ বাঢ়ি যোৱাৰ লগে লগে ছাল আৰু চকু হালধীয়া হোৱা, প্ৰস্ৰাৱ ক’লা হোৱা আৰু সঘনাই বমি হোৱা দেখা যায়। হেপাটাইটিছ দীৰ্ঘদিন ধৰি থাকিলে লিভাৰ ফাইব্ৰ’ছিছ, চিৰ’ছিছ বা লিভাৰ বিকল হোৱাৰ সম্ভাৱনাও বৃদ্ধি পায়। ই শৰীৰৰ ডিটক্স প্ৰক্ৰিয়া আৰু শক্তি উৎপাদন প্ৰক্ৰিয়াত ব্যাঘাত জন্মায়, যাৰ ফলত সমগ্ৰ শৰীৰত বেয়া প্ৰভাৱ পৰে।

যকৃতৰ বাবে হেপাটাইটিছ কেনেদৰে বিপদজনক?

লেডী হাৰ্ডিং হাস্পতালৰ ডাঃ এল এইচ ঘোটকাৰে কয় যে, হেপাটাইটিছে যকৃতৰ কোষবোৰক ক্ষতিগ্ৰস্ত কৰে। যকৃতৰ প্ৰধান ভূমিকা হ’ল তেজৰ পৰা ক্ষতিকাৰক উপাদানসমূহ ফিল্টাৰ কৰি পিত্ত উৎপন্ন কৰা আৰু শৰীৰৰ বিপাকীয় ক্ৰিয়া নিয়ন্ত্ৰণ কৰা। হেপাটাইটিছ বৃদ্ধি হ’লে এই সকলোবোৰ প্ৰক্ৰিয়াত ব্যাঘাত জন্মে। অহৰহ প্ৰদাহৰ বাবে ফাইব্ৰ’ছিছ হোৱা সম্ভাৱনা বৃদ্ধি পায়। সময়ৰ লগে লগে ই চিৰ’ছিছলৈ আগবাঢ়িব পাৰে, য’ত যকৃত বিকল হৈ পৰিব পাৰে।

ক্ৰনিক হেপাটাইটিছ বি আৰু চিয়েও যকৃতৰ কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে। যকৃতৰ ক্ষতিৰ ফলত শৰীৰৰ অন্যান্য অংশতো প্ৰভাৱ পৰে, কিয়নো ই প্ৰটিন সংশ্লেষণ, হৰম’নৰ ভাৰসাম্য আৰু শক্তি উৎপাদনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। গুৰুতৰ ক্ষেত্ৰত বিশেষকৈ সময়মতে চিকিৎসা নকৰিলে ই মাৰাত্মক হ’ব পাৰে।

কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি?

  • বিশুদ্ধ খোৱা পানীৰ ওপৰত অধিক গুৰুত্ব দিব লাগে। পৰিষ্কাৰ আৰু গৰম কৰা পানী খাব লাগে।
  • সংক্ৰমিত লোকক ব্যৱহাৰ কৰা বেজী বা ব্লেড পুনৰ ব্যৱহাৰ নকৰিব।
  • হেপাটাইটিছ বিৰ প্ৰতিষেধক গ্ৰহণ কৰক।
  • অসুৰক্ষিত যৌন সম্পৰ্ক পৰিহাৰ কৰক।
  • মদ আৰু যকৃতৰ ক্ষতিসাধন কৰা ঔষধৰ পৰা আঁতৰি থাকক।
  • স্বাস্থ্যসন্মত খাদ্য আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি গুৰুত্ব দিয়ক।
  • সময়ে সময়ে স্বাস্থ্য পৰীক্ষা কৰি থাকিব।
সঘনাই জ্বৰ উঠে নেকি আপোনাৰ? উলাই নকৰিব, হ’ব পাৰে এনে চিন্তনীয় সমস্যাৰ লক্ষণ
ৰাতিপুৱাৰ মূৰ গধুৰ আৰু চকু ফুলি উঠা: মগজুৰ টিউমাৰৰ প্ৰাৰম্ভিক লক্ষণ নেকি?
ভাগৰুৱা, বমি, জ্বৰৰ লগতে ভোক কমি গৈছে নেকি? সাৱধান হওক, হ'ব পাৰে এই ৰোগ...
ব্ৰেকফাষ্ট নকৰাকৈয়ে আৰম্ভ কৰে নেকি দিনটো? সাৱধান, এই ভুলৰ ফলত দেহত হ’ব পাৰে ৫টা চিন্তনীয় সমস্যা