গাড়ীত যাত্ৰা কৰাৰ সময়ত আপোনাৰো আহে নেকি বমি ভাব? এনে উপায়েৰে পাব সকাহ

যাত্ৰাৰ সময়ত বহুলোক মোচন ছিকনেছৰ সন্মুখীন হয়। মূৰ ঘূৰোৱা, বমি, অত্যধিক ঘাম ওলোৱা আদি এই মোচন ছিকনেছৰ লক্ষণ। কিন্তু কিছুমান সহজ কৌশল অনুসৰণ কৰি এই সমস্যা বহু পৰিমাণে নিয়ন্ত্ৰণ কৰা সম্ভৱ। জানো আহক এই বিষয়ে।

গাড়ীত যাত্ৰা কৰাৰ সময়ত আপোনাৰো আহে নেকি বমি ভাব? এনে উপায়েৰে পাব সকাহ

প্ৰতিনিধিত্বমূলক ছবি

Published: 

30 Sep 2025 | 06:40 AM

এতিয়া পূজাৰ বতৰ। দুৰ্গা পূজাৰ বন্ধৰ সুযোগ লৈ হয়তো বহু লোকে ভ্ৰমণৰ পৰিকল্পনা কৰিছে। গাড়ীত ভ্ৰমণৰ সময়ত পিছে বহুলোকৰ ক্ষেত্ৰত এক বিশেষ সমস্যা দেখা যায়। যাত্ৰাৰ সময়ত বহুলোকে বমি ভাব অনুভৱ কৰে। এই সমস্যাক সাধাৰণতে মোচন ছিকনেছ বুলি কোৱা হয়। বিশেষকৈ বহু সময়লৈ বা ভিৰ থকা বাহনত যাতায়ত কৰিলে এই সমস্যা অধিক হয়। মূৰ ঘূৰোৱা, বমি, অত্যধিক ঘাম ওলোৱা আদি এই মোচন ছিকনেছৰ লক্ষণ। কিন্তু কিছুমান সহজ কৌশল অনুসৰণ কৰি এই সমস্যা বহু পৰিমাণে নিয়ন্ত্ৰণ কৰা সম্ভৱ।

১) গাড়ীৰ সন্মুখত বা খিৰিকীৰ কাষত বহিলে বমি ভাব কম হয়। পিছফালে বা খিৰিকী নথকা ঠাইত বহিলে বায়ুৰ প্ৰবাহ কম হোৱাৰ বাবে অস্বস্তি বৃদ্ধি পায়। সন্মুখৰ চিটত বহিলে সমুখৰ পথ দেখা যায়, গতিকে মগজু আৰু চকুৰ সমন্বয় ভাল হয় আৰু মূৰ ঘূৰোৱাৰ প্ৰৱণতা কমি যায়।

২) ভিৰ কৰা গাড়ীত অধিক জোকাৰণি হ’লে মূৰ ঘূৰোৱাৰ সমস্যা বৃদ্ধি পায়। গতিকে মূৰটো পোন আৰু স্থিৰ কৰি ৰাখিবলৈ চেষ্টা কৰক। গাড়ীৰ হেডৰেষ্ট ব্যৱহাৰ কৰিব পাৰে।

৩) অক্সিজেনৰ অভাৱ বা গাড়ীৰ ভিৰৰ বাবে হোৱা গোন্ধৰ ফলত বমি হ’ব পাৰে। গতিকে পাৰিলে খিৰিকীখন খুলি বিশুদ্ধ বতাহ লওক। যদি আপোনাৰ এয়াৰ কণ্ডিচনাৰ গাড়ী আছে তেতিয়া এচিৰ বায়ু প্ৰবাহ আপোনাৰ ফালে ৰাখক। ইয়াৰ ফলত উশাহ-নিশাহ সহজ হ’ব আৰু বমিৰ ভাব বহু পৰিমাণে কমি যাব।

৪) খালী পেটত উঠিলে বমিৰ প্ৰৱণতা বৃদ্ধি পায়। আনহাতে, বেছিকৈ খাদ্য খোৱাৰ ফলতো সমস্যাৰ সৃষ্টি হ’ব পাৰে। ভ্ৰমণৰ পূৰ্বে সেয়ে লঘু আৰু সহজে হজম হোৱা খাদ্য খাব পাৰে। অধিক তেলত ভজা, জলা বা গধুৰ খাদ্য পৰিহাৰ কৰাটো ভাল।

৫) যাত্ৰাৰ সময়ত পৰ্যাপ্ত পৰিমাণৰ পানী খাব লাগে, কিন্তু এবাৰতে বেছি পানী খাব নালাগে। ইচ্ছা কৰিলে নেমুৰ চৰবত, আদা দিয়া চাহ, পদিনা চৰবত খাব পাৰে। এইবোৰে হজম শক্তি বৃদ্ধি কৰে আৰু বমিৰ ভাব কমায়। মুখত শুকুৱাই থোৱা আদা বা পদিনা ৰাখিব পাৰে।

৬) যাত্ৰাৰ সময়ত কিতাপ পঢ়া, মোবাইল ফোন চোৱা বা চলন্ত গাড়ীত আগলৈ-পিছলৈ চাই আহিলে চকু আৰু কাণৰ ভাৰসাম্য বিঘ্নিত হয়, ইয়াৰ ফলত বমি ভাব বৃদ্ধি পায়। গতিকে ৰাস্তাত পোনে পোনে আগলৈ চোৱা বা দূৰৈৰ কোনো নিৰ্দিষ্ট বস্তুৰ ওপৰত চকু থোৱাটোৱেই ভাল। ইয়াৰ ফলত মূৰ ঘূৰোৱা অনুভৱ নহয়।

৭) যাতায়তৰ সময়ত নিয়মিতভাৱে বমি হোৱা সকলে চিকিৎসকৰ পৰামৰ্শ মতে এণ্টি মোচন ছিকনেছ টেবলেট খাব পাৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...