নিদ্ৰাহীনতাই চিন্তিত কৰিছে নেকি আপোনাক? সাৱধান! মানসিক স্বাস্থ্যত পৰিব পাৰে প্ৰভাৱ….

টোপনিয়ে কেৱল আমাৰ দৈহিক স্বাস্থ্যতে নহয়, মানসিক স্বাস্থ্যতো প্ৰভাৱ পেলায়। গৱেষণাই প্ৰমাণ কৰিছে যে ভাল টোপনি আমাৰ মানসিক আৰু আৱেগিক স্বাস্থ্যৰ লগত জড়িত। ভাল টোপনিৰ অভাৱ মানসিক আৰু আৱেগিক স্বাস্থ্য দুৰ্বল হোৱাৰ এক অন্যতম প্ৰধান কাৰণ হ’ব পাৰে।

নিদ্ৰাহীনতাই চিন্তিত কৰিছে নেকি আপোনাক? সাৱধান! মানসিক স্বাস্থ্যত পৰিব পাৰে প্ৰভাৱ....

প্ৰতিনিধিত্বমূলক ছবি

Published: 

06 Jul 2025 23:08 PM

এক সুস্থ-সবল দেহৰ বাবে ভাল টোপনিৰ অত্যন্ত প্ৰয়োজন, এই কথা আমি অধিকাংশ লোকেই জানো। পিছে নিজকে সুস্থ কৰি ৰখাৰ বাবে এই তথ্যই যথেষ্ট নহয়। টোপনিয়ে কেৱল আমাৰ দৈহিক স্বাস্থ্যতে নহয়, মানসিক স্বাস্থ্যতো প্ৰভাৱ পেলায়। গৱেষণাই প্ৰমাণ কৰিছে যে ভাল টোপনি আমাৰ মানসিক আৰু আৱেগিক স্বাস্থ্যৰ লগত জড়িত। ভাল টোপনিৰ অভাৱ মানসিক আৰু আৱেগিক স্বাস্থ্য দুৰ্বল হোৱাৰ এক অন্যতম প্ৰধান কাৰণ হ’ব পাৰে। হতাশা, মানসিক চাপ আৰু অন্যান্য মানসিক ৰোগত ভাল টোপনিৰ আশা কৰাটো কঠিন হৈ পৰে। কিন্তু টোপনিৰ যত্ন নল’লে সমস্যা অধিক হৈ পৰিব পাৰে।

বৰ্তমান ব্যস্তময় জীৱনশৈলীৰ লগতে মোবাইলৰ দৰে ইলেক্ট্ৰনিক গেজেটৰ অত্যধিজ ব্যৱহাৰৰ ফলত টোপনিত ব্যাঘাত জন্মা পৰিলক্ষিত হয়। আওকাণ কৰা হয়। লগতে নানা চিন্তাৰ ফলতো টোপনিৰ মানদণ্ড নষ্ট হয়। কিন্তু নিয়মিত টোপনিৰ অভাৱ হ’লে মানসিক ক্লান্তি বা খিংখিঙীয়া স্বভাৱ বৃদ্ধি পোৱাৰ লগতে হতাশা, উদ্বেগ আৰু স্মৃতিশক্তি হেৰুওৱাৰ দৰে সমস্যা হ’ব পাৰে।

গাজিয়াবাদ জিলা চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসক ডাঃ সন্তৰাম বাৰ্মাই এই সন্দৰ্ভত কয় যে টোপনি ভাল নহ’লে মগজুৱে জিৰণি ল’বলৈ আৰু ৰিছেট কৰিবলৈ সময় নাপায়। টোপনিৰ সময়ত মগজুৱে দিনটোৰ স্মৃতিসমূহ সংগ্ৰহ কৰি আৱেগিক ভাৰসাম্য ৰক্ষা কৰে। যদি টোপনি অসম্পূৰ্ণ হৈ থাকে, তেতিয়া এই প্ৰক্ৰিয়া বন্ধ হৈ যায় আৰু ইয়াৰ ফলত বহু ধৰণৰ মানসিক সমস্যাৰ সৃষ্টি হ’ব পাৰে।

টোপনি বেয়া হ’লে মানসিক চাপ আৰু উদ্বেগৰ ওপৰতো যথেষ্ট প্ৰভাৱ পৰে। শৰীৰ আৰু মগজুৱে যেতিয়া সম্পূৰ্ণৰূপে জিৰণি লাভ নকৰে, তেতিয়া ষ্ট্ৰেছ হৰম’ন (কৰ্টিছল)ৰ মাত্ৰা বৃদ্ধি হ’বলৈ আৰম্ভ কৰে। ইয়াৰ ফলত মনত অস্থিৰতা, ভয়ভাৱৰ অনুভৱ হয়। কম টোপনিৰ বাবে মন শান্ত হৈ নাথাকে। ইয়াৰ ফলত সৰু সৰু কথাত খং উঠাটো সাধাৰণ হৈ পৰে। লগতে মানসিক চাপ আৰু উদ্বেগ বৃদ্ধি পায়।

ধাৰাবাহিকভাৱে টোপনি বেয়া হ’লে মনত নেতিবাচক চিন্তা বাঢ়ি যায় আৰু মানুহজন মানসিকভাৱে ভাঙি পৰিবলৈ আৰম্ভ কৰে। মনোযোগ দুৰ্বল হৈ পৰাৰ লগতে মানসিক বিভ্ৰান্তিৰ সৃষ্টি হয় আৰু সিদ্ধান্ত লোৱাত অসুবিধাৰ সৃষ্টি হয়। যাৰ বাবে স্মৃতিশক্তিও দুৰ্বল হৈ পৰে।

টোপনি ভাল হ’বলৈ এনেধৰণৰ কিছুমান সহজ উপায় অৱলম্বন কৰিব পাৰে-

১/ প্ৰতিদিনে একে সময়তে শোৱা আৰু শোৱাৰ পৰা উঠাৰ অভ্যাস গঢ়ি তোলক

২/ শোৱাৰ পূৰ্বে মোবাইল, টিভি, লেপটপ আদিৰ ব্যৱহাৰ কম কৰক

৩/ অতি গধুৰ খাদ্য নাখাব বা ৰাতি কেফেইন জাতীয় খাদ্যবস্তু খাব নালাগে

৪/ শোৱাৰ পূৰ্বে লঘু সংগীত শুনা, কিতাপ পঢ়া বা ধ্যান কৰাৰ অভ্যাস গঢ়ি তোলক

৫/ কোঠাটো নিস্তব্ধ, শীতল আৰু আন্ধাৰ কৰি ৰাখক

ঘৰত কেতিয়াও নহ'ব ধনৰ অভাৱ, মাত্ৰ কৰক এই কাম!
আপুনি বৈবাহিক জীৱনত সুখীনে? সম্পৰ্ক মধুৰ কৰি ৰাখিবলৈ অনুসৰণ কৰক চাণক্যৰ এই নীতিসমূহ
আপুনিৰ কোঠাৰ ভিতৰতে ফেনৰ তলত কাপোৰ শুকাবলৈ দিয়ে নেকি? কেনে ক্ষতি হ’ব পাৰে জানেনে?
অকাল মৃত্যুৰ পৰা পৰিত্ৰাণৰ উপায় ক'লে প্ৰেমানন্দ মহাৰাজে...