Heart Attack: শীতকালত বৃদ্ধি পাই হাৰ্ট এটেকৰ আশংকা; ৪টা ডাঙৰ কাৰণ কি? জানক চিকিৎসকৰ পৰা…

Heart Disease: শীতকালত বিভিন্ন ধৰণৰ ৰোগে মানুহক সমস্যাত পেলায়। বিভিন্ন প্ৰকাৰৰ ৰোগৰ ভিতৰত এই সময়চোৱাত হৃদযন্ত্ৰৰ লগত জড়িত সমস্যা বৃদ্ধি হোৱাও দেখা যায়। গতিকে ইয়াৰ কাৰণ কি সেয়া জনা দৰকাৰ।

Heart Attack: শীতকালত বৃদ্ধি পাই হাৰ্ট এটেকৰ আশংকা; ৪টা ডাঙৰ কাৰণ কি? জানক চিকিৎসকৰ পৰা...

হৃদযন্ত্ৰৰ সমস্যা

Published: 

21 Nov 2025 | 06:43 AM

শীত নামিছে। দিনক দিনে উষ্ণতা প্ৰায় কমি আহিছে। এই শীতকালত মানহৰ বিভিন্ন স্বাস্থ্যজনিত সমস্যা হয়। তাৰ ভিতৰত হৃদযন্ত্ৰৰ সমস্যা অন্যতম। এনে পৰিস্থিতিত পূৰ্বৰে পৰা হৃদৰোগ থকা, বৃদ্ধ, ডায়েবেটিছ ৰোগী, উচ্চ ৰক্তচাপৰ সমস্যা থকা লোকসকলৰ হাৰ্ট এটেকৰ আশংকা বৃদ্ধি পায়। গতিকে প্ৰশ্ন হয়, কিয় ঠাণ্ডাৰ দিনত হাৰ্ট এটেকৰ আশংকা বৃদ্ধি পায়? এই সন্দৰ্ভত সবিশেষ জনাইছে বিশেষজ্ঞই।

লক্ষণ

শীতকালত হৃদযন্ত্ৰৰ সমস্যা কিয় বৃদ্ধি পাই আৰু ইয়াৰ লক্ষণ কি এই সন্দৰ্ভত সবিশেষ জনাইছে ৰাজীৱ গান্ধী হাস্পতালৰ কাৰ্ডিঅ’লজি বিভাগৰ ডাঃ অজিত জৈনে। তেওঁৰ মতে, ঠাণ্ডাৰ দিনত হৃদযন্ত্ৰৰ লগত জড়িত সৰু সৰু লক্ষণবোৰো আওকাণ কৰিব নালাগে।

  • আটাইতকৈ সাধাৰণ লক্ষণ হ’ল বুকুৰ বিষ বা বুকুত গধুৰতা। এই বিষ বাওঁফালে হয়। লাহে লাহে এই বিষ কান্ধ বা পিঠিলৈ বিয়পিব পাৰে।
  • উশাহ লোৱাত কষ্ট।
  • মূৰ ঘূৰোৱা।
  • বহুত ভাগৰ লগা।
  • ঘাম ওলোৱা।
  • ডিঙিৰ কাষত বিষ।
  • খোজ কঢ়া বা চিৰি বগোৱাৰ সময়ত উশাহত কষ্ট আদি।

ঠাণ্ডাৰ দিনত এই লক্ষণবোৰ মানুহে সাধাৰণ বুলি আওকান কৰে। কিন্তু এই ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ  কৰা ভাল।

কাৰণ

ডাঃ অজিত জৈনে কয় যে, শীতকালত আমাৰ সিৰাবোৰ সংকুচিত হৈ পৰে। যাৰ ফলত ৰক্তচাপ বৃদ্ধি পায়। এনে পৰিস্থিতিত হৃদযন্ত্ৰত চাপ পৰে আৰু হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি পায়। কেইটামান কাৰণ-

ৰক্তবাহী নলী সংকুচিত হোৱাঃ শীতকালত ৰক্তবাহী নলীবোৰ সংকুচিত হৈ পৰে।  এনে অৱস্থাত ব্লাড প্ৰেচাৰৰ লগতে হাৰ্ট এটেকৰ সম্ভাৱা বৃদ্ধি পায়।

তেজ ঘন হোৱাঃ ঠাণ্ডাত শৰীৰৰ উষ্ণতা কমি গ’লে তেজ অলপ ঘন হৈ পৰে। ইয়াৰ ফলত তেজ জমা হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়, যাৰ ফলত হাৰ্ট এটেক বা ষ্ট্ৰোক হ’ব পাৰে।

অক্সিজেনৰ অভাৱঃ শীতকালত শৰীৰ গৰম কৰি ৰাখিবৰ বাবে হৃদযন্ত্ৰই কষ্ট পায়। এনে অৱস্থাত অক্সিজেনৰ চাহিদা বৃদ্ধি পাই আৰু হৃদযন্ত্ৰ দুৰ্বল হৈ পৰে।

পৰিশ্ৰম বা ব্যায়ামঃ ঠাণ্ডাৰ দিনত হঠাতে অত্যধিক পৰিশ্ৰম বা ব্যায়াম কৰিলেও এই সমস্যা হ’ব পাৰে। এনে পৰিস্থিতিত হৃদস্পন্দ অনিয়মিত হ’ব পাৰে।

পৰিত্ৰাণৰ উপায়

  • শৰীৰটো গৰম কৰি ৰাখক।
  • ঠাণ্ডাত গৰম কাপোৰ পৰিধান কৰিব।
  • ৰক্তচাপ, চুগাৰ, কলেষ্টেৰল পৰীক্ষা কৰিব।
  • সাধাৰণ ব্যায়াম কৰিব।
  • ধূমপান ত্যাগ কৰক।
  • সুষম খাদ্য খাওক।
  • লক্ষণ দেখা দিলে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰক।

 

অন্য খবৰ পঢ়কঃ প্ৰতিদিনে এটাকৈ লং খালে হ্ৰাস পাব এই ডাঙৰ সমস্যা! জানক সকলো…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...