হৃদযন্ত্ৰৰ কাৰ্যক্ষমতা ৫০% কম হ’লে দেখা দিয়ে এই ৪টা লক্ষণ, জানক চিকিৎসকৰ পৰা…
আজিকালি যুৱক-যুৱতীসকলৰ মাজত হৃদযন্ত্ৰৰ সমস্যা বৃদ্ধি পাইছে। গতিকে হৃদযন্ত্ৰ সুস্থ কৰি ৰখা দৰকাৰ। যেতিয়া হৃদযন্ত্ৰ দুৰ্বল হৈ পৰে তেতিয়া শৰীৰত কিছুমান লক্ষণে দেখা দিয়ে। ইয়াৰ বিষয়ে জনা দৰকাৰ।

হৃদযন্ত্ৰ
আজিকালি মানুহৰ স্বাস্থ্যজনিত বিভিন্ন সমস্যাই দেখা দিয়ে। এনে অৱস্থাত স্বাস্থ্যৰ যত্ন লোৱা ভাল। দিনক দিনে দেশত হৃদৰোগীৰ সংখ্যা বৃদ্ধি পাই আহিছে। গতিকে ইয়াৰ বিষয়ে সজাগ হোৱা প্ৰয়োজন। যেতিয়া আমাৰ হৃদযন্ত্ৰই নিজৰ স্বাভাৱিক কাৰ্যক্ষমতা (pumping capacity)তকৈ কম কাম কৰে, বিশেষকৈ ৫০% ৰ তলত, তেতিয়া এই অৱস্থাক হৃদযন্ত্ৰৰ বিকলতা বা কম ইজেকচন ফ্ৰেকচন (Heart Failure বা Low Ejection Fraction) বোলা হয়। হৃদযন্ত্ৰই শৰীৰলৈ প্ৰয়োজনীয় পৰিমাণৰ তেজ আৰু অক্সিজেন যোগান ধৰিব নোৱাৰিলে এই অৱস্থাৰ সৃষ্টি হয়। এই সময়চোৱাত কিছুমান লক্ষণে দেখা দিয়ে।
বহু সময়ত মানুহে ইয়াক সাধাৰণ লক্ষণ বুলি আওকান কৰে। কিন্তু যদি সময়মতে ইয়াক ধৰিব পাৰে তেন্তে বহু সমস্যাৰ পৰা হাত সাৰিব পাৰে। যদি হৃদযন্ত্ৰই ৫০% তকৈ কম ক্ষমতাত কাম কৰি আছে, তেন্তে ইয়াৰ লক্ষণ লাহে লাহে দেখা দিবলৈ ধৰে। যদি আপুনি অনবৰতে এই লক্ষণসমূহ অনুভৱ কৰি থাকে তেন্তে তৎক্ষণাত হৃদৰোগ বিশেষজ্ঞৰ সৈতে যোগাযোগ কৰিব লাগে। চিকিৎসকে আপোনাক প্ৰয়োজনীয় পৰীক্ষা যেনে ইচিজি, ইচিএইচঅ’, ইজেকচন ফ্ৰেকচন টেষ্ট আদি দিব পাৰে। সময়মতে চিকিৎসা কৰিলে হৃদযন্ত্ৰৰ কাম-কাজ উন্নত কৰাৰ লগতে জীৱনৰ মান উন্নত কৰিব পাৰি।
হৃদযন্ত্ৰৰ কাৰ্যক্ষমতা দূৰ হ’লে দেখা দিয়া লক্ষণ
এপ’ল’ হাস্পতালৰ কাৰ্ডিঅ’লজি বিভাগৰ ডাঃ বৰুণ বংছালে এই ৰোগৰ কিছুমান লক্ষণৰ বিষয়ে উল্লেখ কৰিছে। এই লক্ষণসমূহ সাধাৰণতে হৃদযন্ত্ৰৰ ক্ষমতা কমি গ’লে বা ৫০ শতাংশৰ তললৈ গ’লে দেখা যায়। তেওঁৰ মতে, মুখ্যত ৪ টা লক্ষণে দেখা দিয়ে। এইসমূহ তলত উল্লেখ কৰা হ’ল-
- সবাতোকৈ সাধাৰণ লক্ষণ হ’ল উশাহ-নিশাহত কষ্ট পোৱা। বিশেষকৈ খোজ কঢ়া, চিৰি বগোৱা, শুই থকাৰ সময়ত উশাহ লোৱাত কষ্ট পোৱা এই ৰোগৰ লক্ষণ হ’ব পাৰে।যেতিয়া হৃদযন্ত্ৰই সঠিকভাৱে তেজ পাম্প কৰিব নোৱাৰে তেতিয়া হাওঁফাওঁত তৰল পদাৰ্থ জমা হ’বলৈ ধৰে, যাৰ ফলত স্বাভাৱিক কামৰ সময়তো মানুহৰ উশাহ-নিশাহ লোৱাত অসুবিধা পায়।
- দ্বিতীয় লক্ষণ হ’ল ভাগৰ আৰু দুৰ্বলতা। হৃদযন্ত্ৰ দুৰ্বল হ’লে শৰীৰৰ অংগবোৰে পৰ্যাপ্ত শক্তি আৰু অক্সিজেন লাভ নকৰে, যাৰ বাবে ব্যক্তিজনে অলপ কাম কৰিলেও সোনকালে ভাগৰুৱা হৈ পৰে।
- ভৰি, গোৰোহা আৰু পেট ফুলা আদিও হৃদযন্ত্ৰই সঠিকভাৱে তেজ পাম্প নকৰাৰ লক্ষণ। হৃদযন্ত্ৰ দুৰ্বল হ’লে শৰীৰত অতিৰিক্ত তৰল পদাৰ্থ জমা হ’বলৈ আৰম্ভ কৰে, যাৰ ফলত ফুলা আৰু গধুৰতা হয়। সন্ধিয়া এই সমস্যা বাঢ়িব পাৰে।
- নিশা শুৱাৰ পাছত বাৰে বাৰে সাৰ পোৱা, উশাহত কষ্ট পোৱা, অস্বস্তি অনুভৱ আদি ইয়াৰ লক্ষণ হ’ব পাৰে। ইয়াৰোপৰি মানসিক বিভ্ৰান্তি, মূৰ ঘূৰোৱা,মনোযোগৰ অভাৱ আদি ইয়াৰ লক্ষণ হ’ব পাৰে।
পৰিত্ৰাণ
চিকিৎসকগৰাকীয়ে কয় যে,হৃদযন্ত্ৰৰ স্বাস্থ্য কেৱল ঔষধৰ ওপৰতেই নহয়, আপোনাৰ দৈনন্দিন জীৱনশৈলীৰ ওপৰতো নিৰ্ভৰ কৰে। ইয়াৰ বাবে কিছু সাৱধানতা আৰু জীৱনশৈলী পৰিবৰ্তন কৰা দৰকাৰ। কেইটামান উপায় যেনে-
- নিয়মিতভাৱে ব্যায়াম কৰা।
- স্বাস্থ্যসন্মত আৰু সুষম খাদ্য গ্ৰহণ কৰক।
- মানসিক চাপ কম কৰিব।
- ধূমপান আৰু মদৰ পৰা আঁতৰি থাকক।
- মাজে সময়ে স্বাস্থ্য পৰীক্ষা কৰা দৰকাৰ।
অন্য খবৰ পঢ়কঃ আঁঠু আৰু নিতম্বৰ বিষ হৈ থাকে নেকি? কেনেকৈ পাব সকাহ, ক’লে বিশিষ্ট চিকিৎসকে…