যকৃতৰ বাবে বিহতকৈ কম নহয় এইসমূহ স্বাস্থ্যকৰ যেন লগা খাদ্য, ভয়াৱহ বিপদৰ পূৰ্বেই জানি লওক
আমাৰ খাদ্য তালিকাত থকা কোনবোৰ স্বাস্থ্যকৰ খাদ্যই প্ৰকৃততে যকৃতৰ বাবে বিপদৰ সৃষ্টি কৰে, সেয়া বুজি পোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ হৈ পৰে। কোনবোৰ স্বাস্থ্যকৰ খাদ্যই ফেটি লিভাৰ হোৱাত অৰিহণা যোগায়, জানো আহক।

যকৃতৰ বাবে বিপজ্জনক হ’ব পাৰে এনে খাদ্য
শেহতীয়া সময়ছোৱাত যকৃতৰ ৰোগ দ্ৰুতগতিত বৃদ্ধি পাইছে, বিশেষকৈ নৱপ্ৰজন্মৰ মাজত এনে ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। যকৃতৰ ভিতৰত ক্ৰমান্বয়ে চৰ্বি জমা হৈ সময়ৰ লগে লগে অৱস্থা জটিল হৈ পৰিব পাৰে আৰু ইয়াৰ ফলত যকৃতৰ কাৰ্যক্ষমতা দুৰ্বল হৈ পৰে। প্ৰথম অৱস্থাত যকৃত ৰোগৰ লক্ষণসমূহ মৃদু হয় যদিও প্ৰাৰম্ভিক পৰ্যায়ত এই লক্ষণসমূহ আওকাণ কৰিলে গুৰুতৰ জটিলতাৰ সৃষ্টি হ’ব পাৰে। বিশেষজ্ঞসকলৰ মতে ফেটি লিভাৰৰ মূল কাৰণ হৈছে অস্বাস্থ্যকৰ খাদ্যাভ্যাস আৰু জীৱনশৈলী।
ফেটি লিভাৰৰ তৎকালীন চিকিৎসা নকৰিলে লিভাৰ চিৰ’ছিছৰ দৰে সংকটজনক অৱস্থাৰ সৃষ্টি কৰিব পাৰে। বিশেষজ্ঞসকলৰ মতে ফেটি লিভাৰৰ পৰা যকৃতৰ ক্ষতি আৰম্ভ হয় আৰু চিৰ’ছিছ তথা যকৃত বিকল হোৱাৰ দৰে সমস্যা হ’ব পাৰে। অস্বাস্থ্যকৰ খাদ্যাভ্যাস এই ফেটি লিভাৰ সমস্যাৰ এটা প্ৰধান কাৰণ।
সাধাৰণতে স্বাস্থ্য সচেতন লোকসকলে নিজকে সুস্থ কৰি ৰাখিবলৈ কিছুমান খাদ্যসামগ্ৰী দৈনিক খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰে। এনে কিছুমান খাদ্যক তেওঁলোকে অত্যন্ত স্বাস্থ্যকৰ গণ্য কৰে যদিও মূৰকত এই খাদ্যসমূহ আপোনাৰ যকৃতৰ বাবে বিপজ্জনক হৈ পৰিব পাৰে। ক্ৰমান্বয়ে এই খাদ্যসমূহে ফেটি লিভাৰৰ সৃষ্টি কৰিব পাৰে।
গতিকে আমাৰ খাদ্য তালিকাত থকা কোনবোৰ স্বাস্থ্যকৰ খাদ্যই প্ৰকৃততে যকৃতৰ বাবে বিপদৰ সৃষ্টি কৰে, সেয়া বুজি পোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ হৈ পৰে। কোনবোৰ স্বাস্থ্যকৰ খাদ্যই ফেটি লিভাৰ হোৱাত অৰিহণা যোগায়, জানো আহক।
পেকেজড ফ্ৰুট জুচ
দিল্লীৰ ছাৰ গংগা ৰাম চিকিৎসালয়ৰ লিভাৰ ট্ৰাঞ্চপ্লাণ্ট আৰু হেপাটো-বিলিয়াৰী চাৰ্জাৰী বিভাগৰ সঞ্চালক তথা মুৰব্বী চিকিৎসক ডাঃ উশস্ত ধীৰে জানিবলৈ দিয়া মতে ব্যৱসায়িকভাৱে উপলব্ধ পেকেটত ভৰোৱা ৰসত চেনিৰ পৰিমাণ বেছি আৰু ফাইবাৰ কম। ইয়াৰ ফ্ৰুক্ট’জ পোনপটীয়াকৈ যকৃতত জমা হৈ চৰ্বি জমা হোৱাত অৰিহণা যোগায়, ইয়াৰ ফলত ফেটি লিভাৰৰ সম্ভাৱনা বৃদ্ধি পায়।
আনকি ঘৰতে প্ৰস্তুত কৰা ফ্ৰুট জুচতো ফাইবাৰৰ পৰিমাণ কম হোৱাৰ বাবে বিশেষ উপকাৰী বিবেচিত নহয়। গতিকে ৰসৰ সলনি গোটা ফল খোৱাটো যকৃতৰ বাবে অধিক উপকাৰী।
সোৱাদযুক্ত দৈ
দৈ স্বাস্থ্যকৰ, কিন্তু ব্যৱসায়িকভাৱে উপলব্ধ সোৱাদযুক্ত দৈত প্ৰচুৰ পৰিমাণে চেনি, তথা কৃত্ৰিম সোৱাদ থাকে। এইবোৰে যকৃতত প্ৰদাহ আৰু চৰ্বি জমা হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে। যদি আপুনি দৈ পছন্দ কৰে, তেতিয়াহ’লে সাধাৰণ দৈ বা ঘৰতে বনোৱা দৈ বেছি ভাল।
তাৎক্ষণিকভাৱে প্ৰস্তুত কৰিব পৰা অ’টছৰ পেকেট
অ’টছ স্বাস্থ্যকৰ যদিও তাৎক্ষণিকভাৱে প্ৰস্তুত কৰিব পৰা অ’টছত চেনি, সোৱাদযুক্ত পদাৰ্থ আৰু ছডিয়াম অধিক পৰিমাণে থাকে। এই পদাৰ্থসমূহ হজম কৰাত সহজ হ’ব পাৰে যদিও সঘনাই সেৱন কৰিলে যকৃতৰ ওপৰত চাপ বৃদ্ধি পাব পাৰে।
ৰিফাইনড গ্ৰেইনছ
বগা ৰুটি আৰু বগা চাউলৰ দৰে শোধিত শস্যই যকৃতৰ চৰ্বি জমা হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে। এইসমূহ সোনকালে হজম হোৱাৰ ফলত তেজত চেনি দ্ৰুতগতিত বৃদ্ধি পায়, ফলত যকৃতৰ ওপৰত চাপ বৃদ্ধি পায়। আনকি ১০০% গোটা শস্যৰ ৰুটি বা পাস্তাও বৃহৎ পৰিমাণে খালে অতিৰিক্ত কাৰ্ব লিভাৰত জমা হ’ব পাৰে।
বাদাম আৰু বীজ অতিমাত্ৰা সেৱন
বাদাম আৰু বীজ স্বাস্থ্যকৰ, কিন্তু অত্যধিক পৰিমাণে খালে অধিক কেলৰি আৰু চৰ্বিৰ সৃষ্টি হ’ব পাৰে। বিশেষকৈ জুইত পোৰা বা নিমখ দিয়া থাকিলে যকৃতৰ বাবে আৰু অধিক ক্ষতিকাৰক হ’ব পাৰে।
যকৃতৰ সুস্বাস্থ্যৰ বাবে কি খাব লাগে?
যকৃতক সুস্থ কৰি ৰাখিবলৈ ফাইবাৰ, প্ৰটিন আৰু স্বাস্থ্যকৰ চৰ্বিৰ ভাৰসাম্যতা থকা খাদ্য অতি প্ৰয়োজনীয়। সেউজীয়া শাক-পাচলি, বীন, দাইল, ফল-মূল, চালাড, গোটা শস্যই যকৃত পৰিষ্কাৰ কৰাত সহায় কৰে আৰু চৰ্বি জমা হোৱাত বাধা দিয়ে। মাছ, আখৰোট, চিয়া গুটি আদি ওমেগা-৩ খাদ্যই যকৃতৰ প্ৰদাহ কমায়।
ইয়াৰ উপৰিও মিঠা নকৰা কফি, গ্ৰীণ টি, লেমনেড আৰু পৰ্যাপ্ত পানীয়ে যকৃতৰ বিষমুক্ত কৰাত সহায় কৰে। ৰঙা মাংস আৰু ডিপ ফ্ৰাইড খাদ্য পৰিহাৰ কৰাটো গুৰুত্বপূৰ্ণ, কিয়নো এইবোৰে যকৃতৰ চৰ্বি জমা হোৱাত অৰিহণা যোগায়।
যকৃতৰ বাবে এইসমূহ খাদ্যও গুৰুত্বপূৰ্ণঃ
দৈনিক ৩০ মিনিট শাৰীৰিক ক্ৰিয়া-কলাপ কৰক।
আপোনাৰ ওজন নিয়ন্ত্ৰণ কৰক।
অতিৰিক্ত চেনি আৰু তেলত ভজা খাদ্য হ্ৰাস কৰিব লাগে।
সুৰাৰ পৰা আঁতৰি থাকক।
নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা নিশ্চিত কৰক।