খাদ্য খোৱাৰ পিছত খাই নেকি মিচিৰি মিহলি চফ? দেহত কেনে প্ৰভাৱ পৰে জানেনে?
খাদ্য গ্ৰহণৰ পিছত বহু লোকৰে মাউথৱাছ হিচাপে মিচিৰি মিহলি চফ খোৱাৰ অভ্যাস আছে। বহু লোকেই এনে চফ খায় যদিও ইয়াৰ ফলত কোনো উপকাৰ হয় নে অপকাৰিতা হ’ব পাৰে, এই বিষয়ে অধিকাংশ লোকেই জ্ঞাত নহয়।

প্ৰতিনিধিত্বমূলক ছবি
খাদ্য গ্ৰহণৰ পিছত বহু লোকৰে মাউথৱাছ হিচাপে মিচিৰি মিহলি চফ খোৱাৰ অভ্যাস আছে। অসমীয়া সমাজত বৈবাহিক অনুষ্ঠানতো এইদৰে মিচিৰি মিহলি চফ দিয়াৰ প্ৰচলন দেখা যায়। বিবাহ অনুষ্ঠানৰ আপ্যায়নত আহাৰ গ্ৰহণৰ পিছত দৰা বা কইনাই হাতত লোৱা সঁফুৰাৰ পৰা এই চফ গ্ৰহণ কৰে অতিথিসকলে। পিছে এই মিচিৰি মিহলি চফ খোৱাৰ ফলত কোনো সমস্যা হ’ব পাৰে নেকি? বহু লোকেই এনে চফ খায় যদিও ইয়াৰ ফলত কোনো উপকাৰ হয় নে অপকাৰিতা হ’ব পাৰে, এই বিষয়ে অধিকাংশ লোকেই জ্ঞাত নহয়।
মিচিৰ মিহলি চফে কেৱল মাউথৱাছ হিচাপে কাম নকৰে। মুখ সতেজ কৰি ৰখাৰ লগতে ইয়াৰ স্বাস্থ্য উপকাৰী কিছুমান গুণ আছে। নিয়মীয়াকৈ এই মিচিৰ মিহলি চফ খালে কি হ’ব জানো আহক-
১) হজম শক্তি উন্নত কৰেঃ চফত থকা কিছুমান তেলে পাচন এনজাইম সক্ৰিয় কৰে, যাৰ ফলত খাদ্যৰ হজম প্ৰক্ৰিয়া উন্নত হয়। এই মিশ্ৰণে এচিডিটি হ্ৰাস কৰে। সেয়ে খাদ্য খোৱাৰ পিছত এই মিশ্ৰণ খালে বদহজম, বুকু জলাপোৰা আদি সমস্যাৰ পৰা উপশম পোৱা যায়।
২) মুখৰ দুৰ্গন্ধ নাইকিয়া কৰেঃ খোৱাৰ পিছত খাদ্যৰ গোন্ধ প্ৰায়ে মুখত থাকে। চফৰ প্ৰাকৃতিক সুগন্ধি তেল আৰু মিচিৰিৰ মিঠা সোৱাদে মুখখন সতেজ কৰি তোলে। ইয়াৰ ফলত বেক্টেৰিয়া কমি যায় আৰু দীৰ্ঘসময়লৈ মুখৰ দুৰ্গন্ধ ৰোধ হয়।
৩) গেছ আৰু পেট ফুলা কমায়ঃ গেছ, পেটৰ বিষ আৰু পেট ফুলাৰ দৰে সমস্যা কম কৰাত চফ অতি ফলপ্ৰসূ। বিশেষকৈ গধুৰ আহাৰ খোৱাৰ পিছত এই মিশ্ৰণ খালে পেটত লঘু অনুভৱ হয় আৰু অস্বস্তিকৰ সমস্যাৰ পৰা উপশম পায়।
৪) ডিটক্স হিচাপে কাম কৰেঃ চফে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰোৱাত সহায় কৰে আৰু লিভাৰৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে। আনহাতে মিচিৰিয়ে শৰীৰ শীতল কৰি ৰাখে। ফলত শৰীৰটো ভিতৰৰ পৰা পৰিষ্কাৰ হৈ পৰে।
৫) উশাহ-নিশাহ সহজ কৰেঃ চফৰ প্ৰদাহ নিবাৰণকাৰী গুণে বায়ুপথ শিথিল কৰে। চৰ্দি আৰু কাহ বা কফ সমস্যাৰ বাবে সফ-মিচিৰি মিশ্ৰণ অতি উপকাৰী। আয়ুৰ্বেদিক কাহৰ চিৰাপত চফ আৰু মিচিৰি প্ৰায়ে ব্যৱহাৰ কৰা হয়।
৬) চকুৰ বাবে উপকাৰীঃ আয়ুৰ্বেদত চফ আৰু মিচিৰি চকুৰ বাবে উপকাৰী বুলি কোৱা হৈছে। নিয়মিতভাৱে খালে চকুৰ বিষ, দুৰ্বলতা আদি কমি যায়। বিশেষকৈ মিচিৰিয়ে শৰীৰৰ অতিৰিক্ত তাপ কমায়, যি চকুৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী।
৭) ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰেঃ চফত ভিটামিন চি, আইৰণ, কেলচিয়াম আৰু ফাইবাৰ থাকে। এই মিশ্ৰণত কিছুমান প্ৰাকৃতিক খনিজ পদাৰ্থ থাকে। গতিকে এই মিশ্ৰণে শৰীৰক ভিতৰৰ পৰা শক্তিশালী কৰে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।