সোৱাদেই নহয়, গুণেৰেও সমৃদ্ধ চয়াবিনঃ আছে এনে আচৰিত উপকাৰিতা, জানিলে হ’ব উপকৃত

হাড় নোহোৱা মঙহ বুলি চয়াবিন সন্দৰ্ভত আমি ৰস কৰোঁ। পিছে এই চয়াবিনৰ উপকাৰিতাৰ বিষয়ে জানিলে, এনে উপহাস আমি কেতিয়াও নকৰোঁ। ভালদৰে ৰান্ধিলে চয়াবিনৰ সোৱাদ অনুপম হৈ পৰে। সোৱাদৰ লগতে ই আমাৰ দেহত যথেষ্ট উপকাৰী প্ৰভাৱো পেলায়।

সোৱাদেই নহয়, গুণেৰেও সমৃদ্ধ চয়াবিনঃ আছে এনে আচৰিত উপকাৰিতা, জানিলে হ’ব উপকৃত

চয়াবিনৰ উপকাৰিতা

Published: 

13 Mar 2025 | 11:41 PM

চয়াবিন এক পুষ্টিসমৃদ্ধ খাদ্য। এয়া আমি সকলোৱে জানো। অৱশ্যে এই কথা জানিও বহুসময়ত চয়াবিনক লৈ বিদ্ৰুপৰ বাণীও শুনা যায়। হাড় নোহোৱা মঙহ বুলি চয়াবিন সন্দৰ্ভত আমি ৰসো কৰোঁ। পিছে এই চয়াবিনৰ উপকাৰিতাৰ বিষয়ে জানিলে, এনে উপহাস আমি কেতিয়াও নকৰোঁ। ভালদৰে ৰান্ধিলে চয়াবিনৰ সোৱাদ অনুপম হৈ পৰে। সোৱাদৰ লগতে ই আমাৰ দেহত যথেষ্ট উপকাৰী প্ৰভাৱো পেলায়। চয়াবিনত প্ৰচুৰ পৰিমাণে পুষ্টিকৰ উপাদান থাকে। চাওঁ আহক এই খাদ্য সামগ্ৰীবিধৰ উপকাৰিতাৰ বিষয়ে।

আমি প্ৰায়ে আঁঠু, কঁকাল, হাত বা ডিঙিৰ বিষত ভুগিব পাৰো। বা এনে সমস্যা কিছু লোকৰ ক্ষেত্ৰত পুৰণিও হ’ব পাৰে। বাতবিষত আক্ৰান্ত ৰোগীৰ সংখ্যাও দিনক দিনে বাঢ়িছে। সেই বিষ দূৰ কৰাৰ ক্ষেত্ৰত এই চয়াবিন অত্যন্ত ফলপ্ৰসূ। চিকিৎসকৰ মতে, সপ্তাহত কমেও তিনিদিন ৩০ৰ পৰা ৫০ গ্ৰাম চয়াবিন খালে হাড়ৰ ক্ষয় ৰোধ কৰিব পৰা যায়।

বিশেষকৈ ৰজোনিবৃত্তি অৰ্থাৎ মাহেকীয়াৰ পিছত মহিলাৰ হাড়ত কেলচিয়ামৰ পৰিমাণ কমিবলৈ আৰম্ভ কৰে। এই সময়ত হাড়বোৰ দুৰ্বল হৈ পৰে। দৈনিক খাদ্যত ফাইটোইষ্ট্ৰজেন সমৃদ্ধ চয়াবিন অন্তৰ্ভুক্ত কৰিলে কেলচিয়ামৰ অভাৱ দূৰ হয়। মাহেকীয়া হোৱাৰ পিছত মহিলাসকলে একেৰাহে কমেও ৬ মাহ ৩০ গ্ৰাম চয়াবিন খাব লাগে। চয়াবিনত থকা প্ৰটিনে অষ্টিঅ’পৰ’ছিছৰ দৰে হাড়ৰ ক্ষয়ৰ সমস্যাও ৰোধ কৰাত সহায় কৰে।

চয়াবিনত আইছ’ফ্লেভন আৰু লেচিথিন থাকে। দুয়োটা উপাদানেই শক্তিশালী এন্টিঅক্সিডেন্ট। এইবোৰে কম ঘনত্বৰ কলেষ্টেৰলৰ মাত্ৰা স্বাভাৱিক কৰি ৰখাত সহায় কৰে। কম ঘনত্বৰ কলেষ্টেৰলে ধমনীত কলেষ্টেৰল জমা কৰি তেজৰ সোঁত লেহেমীয়া কৰে। চয়াবিনত থকা এন্টিঅক্সিডেন্টে এই সমস্যাৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে।

তদুপৰি ইয়াত থকা আইছ’ফ্লেভন অতি শক্তিশালী ফাইটোইষ্ট্ৰজেন। এই উপাদানে ছাল আৰু চুলি উজ্জ্বল আৰু চিকচিকিয়া কৰি ৰখাত সহায় কৰে। চয়াবিনত থকা লেচিথিনে ৰক্তচাপ স্বাভাৱিক কৰি ৰখাত সহায় কৰে আৰু হৃদযন্ত্ৰ আৰু মগজু সুস্থ কৰি ৰাখে। ইয়াৰ ফলত অকাল বয়স বৃদ্ধিৰ পৰাও সকাহ পোৱা যায়। তদুপৰি লেচিথিনে চৰ্বিৰ বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰাত সহায় কৰে।

নিয়মিতভাৱে চয়াবিন খালে উচ্চ ঘনত্বৰ কলেষ্টেৰল আৰু কম ঘনত্বৰ কলেষ্টেৰলৰ মাজত ভাৰসাম্য ৰক্ষা কৰাত সহায়ক হয়। ফলত হৃদৰোগৰ সম্ভাৱনা কমি যায়। চয়াবিনত থকা প্ৰটিনেও কলেষ্টেৰল হ্ৰাস কৰাত সহায় কৰে। তেজত ট্ৰাইগ্লিচাৰাইডৰ মাত্ৰা স্বাভাৱিক কৰি ৰখাতো চয়াবিনত উপলব্ধ ফাইবাৰ অতি ফলপ্ৰসূ। কিন্তু মনত ৰাখিব যে দিনটোত ৫০ গ্ৰামতকৈ অধিক চয়াবিন খোৱাটো দেহৰ বাবে ভাল নহয়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...