পুৱা শোৱাৰ পৰা উঠিয়ে জুৰুলা হৈছে নেকি দেহৰ বিষত? সঠিক বিচনাত শুইছেনে আপুনি!

পুৱা বিচনাৰ পৰা উঠিয়েই কেতিয়াবা গোটেই দেহত বিষ অনুভৱ কৰা দেখা যায়। নিশা সঠিক বিচনাত নুশুলে শৰীৰত বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব পাৰে। গতিকে আপোনাৰ দেহৰ উপকাৰিতাৰ বাবে বিচনাখন কোমল নে বা কঠিন হ’ব লাগে, জানো আহক।

পুৱা শোৱাৰ পৰা উঠিয়ে জুৰুলা হৈছে নেকি দেহৰ বিষত? সঠিক বিচনাত শুইছেনে আপুনি!

প্ৰতিনিধিত্বমূলক ছবি

Updated On: 

07 Nov 2025 | 04:52 PM

কোৱা হয়, স্বাস্থ্যই পৰম সম্পদ দেহ সুস্থসবল হৈ থাকিলে আন বহু সমস্যাৰ পিছতো জীৱনটো হৈ পৰে বহুক্ষেত্ৰত সুখকৰ পিছে আজিৰ ব্যস্ততাপূৰ্ণ জীৱনশৈলীত শৰীৰটোক ভাল অৱস্থাত ৰখাটোও কিছু কঠিন হৈ পৰে। দিনটোৰ কাম শেষ কৰি ঘৰলৈ অহাৰ পিছত বিচনাত বাগৰ দিলে দূৰ হয় অৱসাদ পিছে বহুসময়ত পুৱা বিচনাৰ পৰা উঠিয়েই গোটেই দেহত বিষ অনুভৱ কৰা দেখা যায় কঠোৰ শাৰীৰিক পৰিশ্ৰমৰ বাবে এনে সমস্যা হয় বুলি বহু লোকে ধাৰণা কৰে

পিছে এই শৰীৰৰ বিষৰ কাৰণ কঠোৰ পৰিশ্ৰম নহবও পাৰে আপোনাৰ বিচনাখনৰ বাবেও এই সমস্যা হ’ব পাৰে। অৰ্থা নিশা সঠিক বিচনাত নুশুলে শৰীৰত বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব পাৰে! গতিকে আপোনাৰ দেহৰ উপকাৰিতাৰ বাবে বিচনাখন কোমল নে বা কঠিন হ লাগে, জানো আহক

কঠিন বিচনাত শোৱাৰ উপকাৰিতা

কঠিন বিচনা মেৰুদণ্ডৰ বাবে অতি উপকাৰী। ই শৰীৰক পোন কৰি ৰাখে। ফলত শৰীৰত কষ্ট কম হয়। দীৰ্ঘদিন ধৰি মেৰুদণ্ডৰ সমস্যাত ভুগি থকা লোকসকলে বিশেষকৈ কঠিন বিচনাত শোৱাৰ অভ্যাস গঢ়ি তুলিব লাগে।

যদি আপুনি কঠিন বিচনাত শোৱাৰ অভ্যাস কৰে, তেতিয়া শৰীৰত তেজৰ সঞ্চালন ভাল হয়। শৰীৰটো পোনকৈ ৰাখিলে সমগ্ৰ শৰীৰত তেজৰ সোঁত ভালদৰে প্ৰবাহিত হ’ব পাৰে। কেৱল সেয়াই নহয়, এনে বিচনাত শুলে শৰীৰত অক্সিজেনৰ মাত্ৰাও ভাল হয়

কোমল বিচনাত শোৱাৰ উপকাৰিতা

গাঁঠিৰ বিষ হোৱা লোকৰ বাবে কোমল বিচনা অতি উপকাৰী বিবেচিত হয়। ই বিষৰ পৰা উপশম দিয়েবাতবিষত আক্ৰান্তসকলেও কোমল বিচনাত শোৱাৰ অভ্যাস কৰিব লাগে।

ওজন কম হোৱা লোকৰ বাবে কোমল বিচনা সঠিক প্ৰমাণিত হয়। কম ওজনৰ লোকে কোমল বিচনাত শুলে মেৰুদণ্ডৰ সমস্যাৰ দৰে পৰিস্থিতিৰ সৃষ্টি নহয়

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...