Happy New Year 2026 Wishes : বন্ধু-বান্ধৱীলৈ নতুন বছৰৰ শুভেচ্ছা, এই বাৰ্তাৰে আপোনজনক উৎসাহিত কৰক…

Happy New Year Wishes 2026 for Friends: অতীতক পাহৰি নতুন আদৰাৰ সময় এয়া। এই কাৰণেই মানুহে ইজনে সিজনক নৱবৰ্ষৰ শুভেচ্ছা জনাই আগন্তুক বছৰটো ভাল হোৱাৰ কামনা কৰে। গতিকে এই সুন্দৰ শুভেচ্ছা, উক্তি, আৰু কবিতা শ্বেয়াৰ কৰি আপোনাৰ বন্ধু-বান্ধৱীক নতুন বছৰৰ শুভেচ্ছা জনাওক।

Happy New Year 2026 Wishes : বন্ধু-বান্ধৱীলৈ নতুন বছৰৰ শুভেচ্ছা, এই বাৰ্তাৰে আপোনজনক উৎসাহিত কৰক…
Published: 

28 Dec 2025 10:24 AM

নতুন বছৰে সকলোৰে জীৱনলৈ নতুন আশা, নতুন শক্তি আৰু নতুন আৰম্ভণি কঢ়িয়াই আনে। অতীতক পাহৰি নতুন আদৰাৰ সময় এয়া। এই কাৰণেই মানুহে ইজনে সিজনক নৱবৰ্ষৰ শুভেচ্ছা জনাই আগন্তুক বছৰটো ভাল হোৱাৰ কামনা কৰে। এই পৰম্পৰা বছৰ বছৰ ধৰি প্ৰচলিত হৈ আহিছে। পূৰ্বে মানুহে গ্ৰিটিংছ কাৰ্ডৰ জৰিয়তে বন্ধু-বান্ধৱীক নতুন বছৰৰ শুভেচ্ছা জনাইছিল। কিন্তু এতিয়া ডিজিটেল যুগত হোৱাটছএপ, ফেচবুক, ইনষ্টাগ্ৰামত মানুহে মেছেজ বা ষ্টেটাছ মেছেজ প্ৰেৰণ কৰে।

বন্ধুসকল এনে এক বান্ধোন যিয়ে সুখ-দুখ দুয়োটাতে আপোনাৰ কাষত থিয় দিয়ে। নৱবৰ্ষৰ দৰে এনেকুৱা অনুষ্ঠান কমেইহে পোৱা যায় য’ত আমি বন্ধু-বান্ধৱীৰ আগত আমাৰ হৃদয়ৰ অনুভৱবোৰ প্ৰকাশ কৰিব পাৰো। গতিকে এই সুন্দৰ শুভেচ্ছা, উক্তি, আৰু কবিতা শ্বেয়াৰ কৰি আপোনাৰ বন্ধু-বান্ধৱীক নতুন বছৰৰ শুভেচ্ছা জনাওক।

নৱবৰ্ষৰ শুভেচ্ছা বাৰ্তা

  1. নতুন বছৰে আপোনালোকৰ বাবে অলেখ সুখ আৰু সফলতা কঢ়িয়াই আনক। শুভ নৱবৰ্ষ!
  2. আমাৰ বন্ধুত্ব অব্যাহত থকাক, এই নৱবৰ্ষত আমাৰ বন্ধুত্বৰ বান্ধোন আৰু শক্তিশালি হওক। নতুন বছৰৰ শুভেচ্ছা থাকিল বন্ধু!
  3. আপোনাৰ নতুন বছৰটো হাঁহি-ধেমালি, আৰু সফলতাৰে পৰিপূৰ্ণ হওক। প্ৰতিটো পৰিস্থিতিত হাঁহি থাকক! শুভ নৱবৰ্ষ!
  4. নতুন বছৰ আহক, পুৰণি দুখবোৰ আঁতৰি যাওক। এই বছৰটোও আনন্দৰে পৰিপূৰ্ণ হওক,শুভ নৱবৰ্ষ !
  5. এই বছৰো একেই বন্ধুত্ব আৰু আনন্দ অব্যাহত থাকক আৰু প্ৰতিটো সময় হাঁহিৰে উপচি পৰক। শুভ নৱবৰ্ষ!!
  6. শুভ নৱবৰ্ষ! বন্ধুসকল, কেৱল কেলেণ্ডাৰহে সলনি হ’ব, আমি নহয়… নতুন বছৰৰ শুভেচ্ছা থাকিল!!
  7. বন্ধু হ’ল সেইসকল যিয়ে প্ৰতিটো বছৰক বিশেষ কৰি তোলে। ঠিক যেনেকৈ তুমি মোৰ বাবে… নতুন বছৰৰ শুভেচ্ছা থাকিল!
  8. প্ৰতিটো অসুবিধাৰ মাজেৰে আমাৰ কাষত থিয় দিয়া বন্ধুজনলৈ বহু শুভেচ্ছা জ্ঞাপন কৰিলোঁ.!! শুভ নৱবৰ্ষ!!
  9. মোৰ একমাত্ৰ ইচ্ছা যে আমি চিৰদিন একেলগে থাকোঁ… নতুন বছৰৰ শুভেচ্ছা থাকিল বন্ধু!!
  10. সুখী হওক, সমৃদ্ধিশালী হওক, নতুন বছৰত সুখেৰে উপচি পৰক। শুভ নৱবৰ্ষ!!
  11. নতুন বছৰে আপোনাৰ জীৱনলৈ নতুন পোহৰ কঢ়িয়াই আনক…! নতুন বছৰৰ শুভেচ্ছা থাকিল বন্ধু!!
  12. নৱবৰ্ষৰ প্ৰতিটো দিনেই সুখেৰে পৰিপূৰ্ণ হওক, আমাৰ বন্ধুত্ব যিদৰে আছে তেনেদৰেই চলি যাওক। নতুন বছৰৰ শুভেচ্ছা থাকিল বন্ধু!!
  13. মুকলি মনেৰে নতুন বছৰক আদৰণি জনাওক, প্ৰতিটো মুহূৰ্ত হাঁহি আৰু সফলতাৰে ভৰাই তোলক। আপোনাৰ লগতে আপোনাৰ পৰিয়াললৈ নতুন বছৰৰ শুভেচ্ছা থাকিল !!
  14. বন্ধুত্বই সেই শক্তি যিয়ে প্ৰতিটো অসুবিধাক সহজ আৰু প্ৰতিটো আনন্দক বিশেষ কৰি তোলে। নতুন বছৰৰ শুভেচ্ছা থাকিল বন্ধু!!
  15. এই নৱবৰ্ষই প্ৰতিদিনে নতুন আশা আৰু নতুন আনন্দ কঢ়িয়াই আনক, তাৰে কামনা কৰি নতুন বছৰৰ শুভেচ্ছা জনালোঁ !!
  16. জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে সফলতা লাভ কৰক, প্ৰতিটো সপোন বাস্তৱায়িত হওক, বন্ধুত্বৰ এই বান্ধোন ফুলি যাওক, নতুন বছৰটো সুখেৰে ভৰি থাকক!! শুভেচ্ছা থাকিল বন্ধু।
শীতকালত খালী পেটত চাহ খোৱাটো উচিত নে অনুচিত?
সেউজীয়া মটৰত কি ভিটামিন বেছিকৈ থাকে? ছালৰ উজ্বলতাৰ বাবে কৰে কাম!
এইবোৰ খাদ্যই বৃদ্ধি কৰে ইউৰিক এচিড, জানক...
তেজত চুগাৰৰ মাত্ৰা বৃদ্ধি হ’লে এই ৩টা প্ৰধান লক্ষণে দেখা দিয়ে, সাৱধান হওক...
বৰদিন উদযাপন মন্ত্ৰী অতুল বৰাৰ
ন্যায় বিচাৰি জুবিন ক্ষেত্ৰলৈ দৌৰ...
বৈভৱ সূৰ্যবংশীলৈ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ...
পশ্চিম কাৰ্বি আংলঙত সেনা-আৰক্ষীৰ ফ্লেগ মাৰ্চ...