চুলিত ব্যৱহাৰ কৰক এই ৪ বিধ বস্তু! হৈ পৰিব দীঘল, ঘন আৰু মজবুত…

শীতকালত চুলি ভালদৰে ৰখা সকলোৰে বাবে জৰুৰী। সেয়ে এই সময়চোৱাত চুলিত কিছুমান বস্ত ব্যৱহাৰ কৰিব লাগে যাৰ ফলত চুলি মজবুত হোৱাৰ লগতে ঘন আৰু দীঘল হয়।

চুলিত ব্যৱহাৰ কৰক এই ৪ বিধ বস্তু! হৈ পৰিব দীঘল, ঘন আৰু মজবুত...

চুলিৰ যত্ন

Published: 

20 Jan 2025 | 07:03 AM

শীতকালত ছাল আৰু চুলি ভালদৰে ৰখা কঠিন। ঠাণ্ডাৰ বাবে এই সময়চোৱাত বহুতৰে চুলি শুকান হৈ ফাঁটি যায়। ইয়াৰ ফলত চুলিৰ গুড়ি দুৰ্বল হৈ পৰে। শীতকালত চুলি সৰা সমস্যাৰ পৰা হাত সাৰিবলৈ কুহুমীয়া তেলেৰে মালিচ কৰিব লাগে। এনে কৰিলে চুলিয়ে পুষ্টিকৰ উপাদান লাভ কৰে লগতে চুলি শুকান নহয়। কুহুমীয়া তেলেৰে মূৰত মালিচ কৰিলে ৰক্ত সঞ্চালন বৃদ্ধি পায় আৰু চুলি দীঘলো হয়। ইয়াৰোপৰি তেলেৰে মূৰত মালিচ কৰিলে মানসিক চাপ কমে আৰু ভাল টোপনি অহাত সহায় কৰে।

নাৰিকল তেল

নাৰিকল তেল চুলিৰ বাবে ভাল। এই তেলেৰে আপুনি চুলিৰ গুড়ি মালিচ কৰিব পাৰে। ইয়াত থকা এন্টী ফাংগাল আৰু এন্টী বেক্টেৰিয়েল গুণে চুলিত হ’বলগীয়া সংক্ৰমণ দূৰ কৰাৰ লগতে চুলি মজবুত কৰাত সহায় কৰে। গতিকে নাৰিকল তেল সামান্য গৰম কৰি চুলিত লগালে ভাল ফলাফল পোৱা যায়। এই তেল চুলিত লগাই কিছু সময় পাছত মূৰ ধুই দিব লাগে।

অলিভ অইল

চুলিক কোমল আৰু চিকচিকিয়া কৰি তোলাৰ বাবে অলিভ অইল উপকাৰী। এই তেলে মূৰৰ ছালৰ আৰ্দ্ৰতা বজাই ৰাখে আৰু শুকানতা দূৰ কৰে। ইয়াত এন্টিঅক্সিডেন্ট থাকে আৰু ই চুলিত পুষ্টি প্ৰদান কৰে। ইয়াৰ ফলত মূৰৰ খজুৱতিও কম হয়। এনে সময়ত প্ৰায় আধা ঘন্টামান সময় চুলিত তেল লগাব লাগে আৰু পাছত ধুই দিব লাগে।

আলমণ্ড তেল

আলমণ্ড অইলত ভিটামিন ই, মেগনেছিয়াম আৰু ফছফৰাছ আদি পুষ্টিকৰ উপাদান থাকে। এনেবোৰ উপাদানে চুলিৰ শিপাবোৰ মজবুত কৰে। ই উফিৰ সমস্যাও দূৰ কৰে। কুহুমীয়া আলমণ্ড অইলেৰে মালিচ কৰিলে চুলি কম সময়তে দীঘল হয়। গতিকে চুলি মজবুত আৰু ধুনীয়া কৰি ৰাখিবলৈ আলমণ্ড অইল লগাব পাৰে। প্ৰায় ২০ মিনিটমান তেল মূৰত লগাই চুলি ধুই দিব লাগে।

কেষ্টাৰ অইল

কেষ্টাৰ অইলত প্ৰচুৰ পৰিমাণে ৰিচিনোলেইক এচিড থাকে আৰু ই চুলি দীঘল, মজবুত কৰাত সহায় কৰে। এই তেলে মূৰৰ ছালত হাইড্ৰেট কৰি চুলি সৰা ৰোধ কৰে। এনে ক্ষেত্ৰত কুহুমীয়া কেষ্টাৰ অইলেৰে মালিচ কৰিলে চুলিৰ শিপা শক্তিশালী হয়। প্ৰায় ২০ মিনিটমান সময় এই তেল মূৰত লগাই পাচত ধুই দিব লাগে। এনে কৰিলে আপোনাৰ চুলি মজবুত, দীঘল আৰু ধুনীয়া হৈ পৰিব। সপ্তাহত ৩-৪ দিন এনেকৈ তেল ব্যৱহাৰ কৰিব পাৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...