খাদ্য খোৱাৰ পিছতে ভুলতো নকৰিব এই চাৰিটা কাম, হ’ব পাৰে সমস্যা…

খাদ্য খোৱাৰ পিছতো আমি কিছুমান কথা মনত ৰখাৰ প্ৰয়োজন হয়, নহ’লে আমি বদহজম, গেছ, পেটৰ বিষ আদি সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা থাকে। প্ৰায়ে কিছুমান লোক খাদ্য খোৱাৰ পিছত বদহজম আৰু পেট বিষৰ দৰে সমস্যাৰ সন্মুখীন হোৱা দেখা যায়। ইয়াৰ আঁৰৰ কাৰণ হ’ব পাৰে খাদ্য খোৱাৰ পিছত অজ্ঞাতে কৰা কিছুমান সাধাৰণ ভুল।

খাদ্য খোৱাৰ পিছতে ভুলতো নকৰিব এই চাৰিটা কাম, হ’ব পাৰে সমস্যা…

প্ৰতিনিধিত্বমূলক ছবি

Published: 

08 Sep 2024 | 10:44 PM

খাদ্যই শৰীৰক পুষ্টি প্ৰদান কৰে। খাদ্যৰ পৰা লাভ কৰা পুষ্টিৰ দ্বাৰাই আমাৰ দেহ সুস্থ হৈ থাকে আৰু শাৰীৰিক আৰু মানসিক কাম-কাজ সুচাৰুৰূপে কৰিবলৈ সক্ষম হওঁ। সেয়েহে আমি সুষম খাদ্য গ্ৰহণ কৰাটো অত্যন্ত প্ৰয়োজনীয়। সমান্তৰালকৈ আমি ব্ৰেকফাষ্টৰ পৰা আৰম্ভ কৰি দুপৰীয়া আৰু ৰাতিৰ আহাৰ যাতে সঠিক সময়ত গ্ৰহণ কৰো, তাৰ প্ৰতিও বিশেষ দৃষ্টি ৰাখিব লাগে। একেদৰে খাদ্য খোৱাৰ পিছতো আমি কিছুমান কথা মনত ৰখাৰ প্ৰয়োজন হয়, নহ’লে আমি বদহজম, গেছ, পেটৰ বিষ আদি সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা থাকে।

সাধাৰণতে খাদ্য খোৱাৰ পিছত কমেও ১৫ৰ পৰা ২০ মিনিট খোজ কঢ়াৰ অভ্যাস আমাৰ দেহৰ বাবে যথেষ্ট উপকাৰী, ইয়াৰ দ্বাৰা হজম প্ৰক্ৰিয়া সুচাৰুৰূপে পৰিচালিত হয়। ইফালে খাদ্য খোৱাৰ পিছত কিছুমান লোকৰ বদহজম আৰু পেট বিষৰ দৰে সমস্যা প্ৰায়ে হয়। ইয়াৰ আঁৰৰ কাৰণ হ’ব পাৰে খাদ্য খোৱাৰ পিছত অজ্ঞাতে কৰা কিছুমান সাধাৰণ ভুল। এই বিষয়ে জানো আহক-

 

খাদ্য খোৱাৰ পিছত লগে লগে পানী খাব নালাগে

সুস্বাস্থ্যৰ বাবে দৈনিক নিৰ্ধাৰিত পৰিমাণৰ পানী খোৱাটো স্বাস্থ্যৰ বাবে গুৰুত্বপূৰ্ণ। কিন্তু খাদ্য খোৱাৰ পিছত লগে লগে কেতিয়াও পানী খাব নালাগে। খাদ্য খোৱাৰ পিছত লগে লগে পানী খা্লে হজম প্ৰক্ৰিয়া লেহেমীয়া হয় আৰু ইয়াৰ ফলত খাদ্য হজম হোৱাত বাধাৰ সৃষ্টি হয়। এনে পৰিস্থিতিত পেটৰ বিষ, এচিডিটিৰ দৰে সমস্যা হ’ব পাৰে।

 

খাদ্য খোৱাৰ পিছত গা ধুব নালাগে

যিদৰে খাদ্য খোৱাৰ পিছত পানী খোৱাটো ভুল, একেদৰে খাদ্য খোৱাৰ পিছত লগে লগে গা ধোৱাৰ অভ্যাসো দেহৰ বাবে উচিত নহয়। খাদ্য খোৱাৰ পিছতে গা ধুলে শৰীৰৰ উষ্ণতা হ্ৰাস হয়, ইয়াৰ ফলত হজম শক্তিত ব্যাঘাত জন্মে। এনে কাৰণত বমি, গেছ আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে।

 

খোৱাৰ পিছত শুই বা বহি থাকিব নালাগে

যদি খাদ্য খোৱাৰ পিছত লগে লগে শুই থকা বা বহি থকাৰ অভ্যাস আছে, তেন্তে এই অভ্যাস ত্যাগ কৰক। ইয়াৰ ফলত হজম শক্তি দুৰ্বল হোৱাই নহয়, মেদবহুলতাৰ সম্ভাৱনাও বৃদ্ধি পায়। খোৱাৰ পিছত কিছু সময় বজ্ৰাসন কৰিব লাগে নহলে খোজ কাঢ়িলে ভাল।

 

খাদ্য খোৱাৰ পিছত চাহ-কফি নাখাব

খাদ্য খোৱাৰ পিছত চাহ বা কফি খালে এচিডিটি হ’ব পাৰে। তদুপৰি খাদ্য খোৱাৰ পিছত মিঠাই খোৱাৰ অভ্যাসো সঠিক নহয়। এই অভ্যাস স্বাস্থ্যৰ বাবে যথেষ্ট ক্ষতিকাৰক হ’ব পাৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...