অলপ সময় গৰম পানীত ভৰি তিয়াই ৰাখিলে কি ৰোগ ভাল হয়? জানক সকলো…

শীতকালত বহুতে গৰম পানী ব্যৱহাৰ কৰে। গৰম পানীৰ বহু উপকাৰিতা আছে। আপুনি জানেনে, গৰম পানীত ভৰি তিয়াই থ'লে কি হয়? ইয়াৰ বহু উপকাৰী গুণ আছে। গতিকে ইয়াৰ বিষয়ে জনা দৰকাৰ।

অলপ সময় গৰম পানীত ভৰি তিয়াই ৰাখিলে কি ৰোগ ভাল হয়? জানক সকলো...

গৰম পানীত ভৰি তিয়াই ৰাখিলে কি হয়

Published: 

20 Nov 2025 16:19 PM

শীতকালত বহুতে খোৱা বা গা ধুৱাৰ বাবে গৰম পানী ব্যৱহাৰ কৰে। কিছুমানে গৰম পানীত ভৰি ডুবাই থোৱা দেখা যায়। কোৱা হয়, ই অতি ফলপ্ৰসূ। গতিকে প্ৰশ্ন হয়, গৰম পানীত ভৰি ডুবাই থ’লে কি হয়? আমাৰ ভৰি দুখনে গোটেই শৰীৰৰ ওজন বহন কৰে। খোজ কঢ়াৰ পৰা বহালৈ, গতিকে ভৰি দুখনৰ যত্ন লোৱা প্ৰয়োজন। এনে অৱস্থাত যেতিয়া ভৰি দুখন গৰম পানীত ডুবাই থয় তেতিয়া তেজৰ ৰক্ত সঞ্চালন উন্নত হয়,মানসিক চাপ কম হয় আৰু ভাগৰ দূৰ হয়। গতিকে আপুনি যদি প্ৰতিদিনে গৰম পানীত ভৰি তিয়াই খৈ তেন্তে ইয়াৰ ভাল ফল লাভ কৰিব।

গৰম পানীত ভৰি তিয়ালে কি হয়

গৰম পানীত কিছু সময় ভৰি ডুবাই ৰাখিলে ভাল ফল লাভ কৰিব। ইয়াৰ ফলত ৰক্ত সঞ্চালন উন্নত হয়। ইয়াৰ ফলত ভৰিৰ পেশীত চাপ কমে আৰু বিষ কম হয়। যদি আপুনি দীৰ্ঘসময় ধৰি থিয় হৈ বা বহি থাকে তেন্তে এই উপায় আপুনি অৱলম্বন কৰিব পাৰে। ই হিলিং থেৰাপি হিচাপে কাম কৰে। গৰম পানীৰ ফলত মাংসপেশীয়ে আৰাম লাভ কৰে আৰু ভাগৰ দূৰ হোৱাত সহায় হয়।

ই ভাল নে বেয়া

এয়া একেবাৰে এক ভাল তথা ফলপ্ৰসূ উপায়। বিশেষকৈ ভৰি ফুলা, বিষ, ভৰি টানি ধৰা আদি সমস্যা থাকিলে এই উপায় অৱলম্বন কৰিব পাৰে। ই চাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। লগতে ই ভৰিক আৰাম প্ৰদান কৰি সমগ্ৰ শৰীৰটোক শান্তি প্ৰদান কৰে। যদি শীতকালত ভৰি বেছিকৈ ঠাণ্ডা হয় তেন্তে এই কাম কৰিব পাৰে। এনে কৰিলে ৰক্তসঞ্চালন উন্নত হৈ ভৰি গৰম হোৱাত সহায় কৰিব পাৰে।

নিমখ পানী

ইয়াৰোপৰি আপুনি গৰম পানীত নিমখ মিহলাই ভৰি ৰাখিব পাৰে। নিমখত থকা মেগনেছিয়াম আৰু অন্য খনিজই ভৰিক আৰাম প্ৰদান কৰি। ই ফুলা কম কৰাতো সহায় কৰে। ই বিষমুক্তকৰণতো সহায় কৰে। ইয়াৰোপৰি যদি আপোনাৰ ভৰিৰ দুৰ্গন্ধ ওলোৱাৰ সমস্যা আছে তেন্তে নিমখ পানীয়ে সহায় কৰিব পাৰে।

জ্বৰত গৰম পানী

জ্বৰৰ সময়ত ভৰি গৰম পানীত ডুবাই থোৱা এক বহু পুৰণি উপায়। ইয়াৰ ফলত শৰীৰৰ উষ্ণতাৰ ভাৰসাম্যতা আৰু ক্ৰমান্বয়ে জ্বৰ কমি যায়। ই ভৰিৰ স্নায়ু সক্ৰিয় কৰি শৰীৰৰ শক্তি সুস্থিৰ কৰি তোলে। ই ভৰিৰ তললৈ তাপ বৈ যোৱাত সহায় কৰে, যাৰ ফলত মূৰৰ পৰা তাপ কমি যায়। গতিকে জ্বৰ হ’লে গৰম পানীত ভৰি তিয়াই থব পাৰে।

 

অন্য খবৰ পঢ়কঃ আপোনাৰ এই ৫ টা সাধাৰণ অভ্যাসে দুৰ্বল কৰিব পাৰে হাড়! জানক সকলো…

ছালত দেখা দিছে নেকি এনে সমস্যাই? সাৱধান! নকৰিব আওকাণ, হ’ব পাৰে হৃদৰোগৰ ইঙ্গিত
সাৱধান! পাকঘৰৰ এইসমূহ বস্তু হ'ব পাৰে হাৰ্ট এটেকৰ কাৰণ, জানক...
কেৱল সুৰা নহয়! এই ৫ বিধ পানীয়ই নষ্ট কৰিব পাৰে আপোনাৰ যকৃত, জানক...
প্ৰিয়জনক জন্মদিনত ভুলতো নিদিব এই উপহাৰ! কিয় জানক...