এই ৩টা অভ্যাসৰ বাবে ফেটি লিভাৰ ৰোগত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে

বৰ্তমান সময়ত মানুহৰ বিশেষ তিনিটা অভ্যাসৰ বাবে এই সমস্যা বৃদ্ধি পাবলৈ ধৰিছে। কি কি অভ্যাসে ফেটি লিভাৰৰ সমস্যা সৃষ্টি কৰিব পাৰে জানোঁ আহক।

এই ৩টা অভ্যাসৰ বাবে ফেটি লিভাৰ ৰোগত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে
Published: 

20 Jan 2026 | 02:19 PM

ফেটি লিভাৰৰ সমস্যা বৰ্তমান সময়ত একেবাৰে সাধাৰণ হৈ পৰিছে। বেয়া জীৱনশৈলী আৰু খাদ্যভ্যাসৰ বাবে প্ৰায় সংখ্যক লোক ফেটি লিভাৰ ৰোগত আক্ৰান্ত হোৱা দেখা গৈছে। দীৰ্ঘদিন ধৰি অস্বাস্থ্যকৰ খাদ্যাভ্যাস আৰু অনিয়ন্ত্ৰিত জীৱনশৈলীৰ বাবে যকৃতৰ অলপ অলপকৈ ক্ষতি হ’বলৈ আৰম্ভ কৰে। মদ্যপান নকৰা চৰ্বিযুক্ত যকৃত হ’ল এটা ডাঙৰ ৰোগৰ কাৰণ। ইয়াৰ পৰাই আৰম্ভ হয়, যিটো পিছলৈ যকৃতৰ জটিল ৰোগ চিৰ’ছিছৰ কাৰণ হৈ পৰে।

আপুনি যদি মদ্যপান নকৰে তথাপিও আপোনাৰ ফেটি লিভাৰ হ’ব পাৰে। যদি আপুনি ফেটি লিভাৰ সমস্যাৰ পৰা বাছি থাকিব বিচাৰে তেন্তে কিছুমান অভ্যাস আজিয়ে ত্যাগ কৰিব লাগিব। বিশেষজ্ঞৰ মতে, বৰ্তমান সময়ত মানুহৰ বিশেষ তিনিটা অভ্যাসৰ বাবে এই সমস্যা বৃদ্ধি পাবলৈ ধৰিছে। কি কি অভ্যাসে ফেটি লিভাৰৰ সমস্যা সৃষ্টি কৰিব পাৰে জানোঁ আহক।

ফেটি লিভাৰৰ তিনিটা কাৰণ

বহুতে ৰাতি কাম কৰে বা চিনেমা চায়। আৰু বহুতে মাজনিশা চিপচ, কেক, চকলেট আদি খায়। মাজনিশা খাদ্য খোৱাৰ অভ্যাসে ইনচুলিনক বিৰতি লোৱাত বাধা দিয়ে। ইয়াৰ ফলত লিভাৰত ফেট জমা হ’ব পাৰে। গভীৰ ৰাতি খাদ্য খোৱাৰ অভ্যাস আছে যদি আজিয়ে ত্যাগ কৰক।

বহুতৰে বাবে ব্ৰেকফাষ্ট মানে চাহ, কফি। লগতে লঘু আহাৰ। বহুতে জলপানত কাৰ্বহাইড্ৰেট বেছিকৈ খায়। কিন্তু এই অভ্যাসৰ বাবে তেজত চুগাৰৰ মাত্ৰা বহুগুণে বৃদ্ধি পায়। আৰু একে কাৰণতে দিনটোৰ মাজভাগত ভজা খাদ্য আৰু মিঠাই খোৱাৰ হেঁপাহ বাঢ়ি যায়। ফলত যকৃতত চৰ্বি জমা হ’বলৈ আৰম্ভ কৰে।

ৰেজিষ্টেন্স ট্ৰেইনিং নকৰিলে তেজৰ ইনচুলিনৰ সংবেদনশীলতা কেতিয়াও বৃদ্ধি নহয়। বিশেষজ্ঞৰ মতে, কিছুমানে জিমলৈ গৈ কেৱল কাৰ্ডিঅ’ কৰে, আনহাতে আন কিছুমানে একে ঠাইতে বহি ১২-১৪ ঘন্টা কাম কৰে। যদি আপুনি ৰেজিষ্টেন্স ট্ৰেইনিং নকৰে তেন্তে ফেটি লিভাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব।

স্পষ্টীকৰণ: এই প্ৰতিবেদন কেৱল শিক্ষাৰ উদ্দেশ্যে প্ৰস্তুত কৰা হৈছে। Tv9 অসমীয়াই কোনো ধৰণৰ স্বাস্থ্যৰ পৰামৰ্শ নিদিয়ে। নিশ্চিত তথ্যৰ বাবে স্বাস্থ্যৰ বিশেষজ্ঞৰ সৈতে যোগাযোগ কৰক।

দিনত শোৱাৰ অভ্যাস ভাল নে বেয়া? ইয়াৰ ফলত কি কি সমস্যা হ'ব পাৰে?
ৰক্তহীনতা কিয় হয় ? শৰীৰত তেজৰ অভাৱ দূৰ কৰাৰ ঘৰুৱা উপায় জানক
পুৱা আপুনিও কৰে নেকি এনে ভুল? সাৱধান, নিজেই মাতি আনিছে ডায়েবেটিছৰ বিপদ
কণী খালে বৃদ্ধি হয় নেকি শৰীৰৰ ওজন? চিকিৎসকৰ পৰা জানক ...
এজাহাৰ দাখিলৰ পাছতে গ্ৰেপ্তাৰ বিতৰ্কিত শিখা শৰ্মাক
পাৰ্থ সাৰথি মহন্তলৈ ডি. লিট সন্মান
মুম্বাই বিমান বন্দৰত দেখা গ'ল বিৰাট কোহলিক...
এলিভেটেড ক'ৰিডৰৰ বিৰোধিতা গৌৰৱ গগৈৰ...