ডায়েবেটিছৰ ফলত দুৰ্বল হ’ব পাৰে নেকি দেহৰ হাড়! বিশেষজ্ঞই দিছে উত্তৰ, বিপদৰ পূৰ্বে চাই লওক এতিয়াই

দেহত ডায়েবেটিছে বাহ ল’লে সমগ্ৰ শৰীৰত বিৰূপ প্ৰভাৱ পেলায়। ডায়েবেটিছ ৰোগে আক্ৰান্ত লোকজনৰ বৃক্ক, হৃদযন্ত্ৰ আৰু চকুত গুৰুতৰ প্ৰভাৱ পেলায়। পিছে এই ৰোগে হাড়ৰ স্বাস্থ্যৰো ক্ষতি কৰিব পাৰে নেকি? জানো আহক এই বিষয়ে।

ডায়েবেটিছৰ ফলত দুৰ্বল হ’ব পাৰে নেকি দেহৰ হাড়! বিশেষজ্ঞই দিছে উত্তৰ, বিপদৰ পূৰ্বে চাই লওক এতিয়াই

ডায়েবেটিছ

Updated On: 

14 Nov 2025 | 06:29 PM

সাম্প্ৰতিক সময়ত ডায়েবেটিছৰ আগ্ৰাসী ৰূপৰ কথা সকলো পৰিচিত দেহত ডায়েবেটিছে বাহ লে সমগ্ৰ শৰীৰত বিৰূপ প্ৰভাৱ পেলায়ডায়েবেটিছ ৰোগে আক্ৰান্ত লোকজনৰ বৃক্ক, হৃদযন্ত্ৰ আৰু চকুত গুৰুতৰ প্ৰভাৱ পেলায় পিছে আপুনি জানেনে যে এই ৰোগে হাড়ৰ স্বাস্থ্যৰো ক্ষতি কৰিব পাৰে? বিশেষজ্ঞসকলে কয় যে ডায়েবেটিছ হ’লে হাড় আৰু গাঁঠিৰ ৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়কিছুমান ক্ষেত্ৰত ডায়েবেটিছৰ ফলত হাড়ৰ ৰোগ নিউৰ’পেথিক আৰ্থ্ৰ’পেথীও হ’ব পাৰে।

দিল্লীৰ এণ্ড’ক্ৰাইন’লজী বিভাগৰ এইচ অ’ ডি অধ্যাপক ডাঃ নিখিল টণ্ডনে জানিবলৈ দিয়া মতে কিছুসংখ্যক ডায়েবেটিছ আক্ৰান্ত ৰোগীৰ ক্ষেত্ৰত Charcot joint সমস্যা দেখিবলৈ পোৱা যায় স্নায়ুতন্ত্ৰৰ কোনো সমস্যাৰ ফলত সাধাৰণতে এই সমস্যা হয়ডায়েবেটিছে দেহৰ গাঁঠিবোৰতো প্ৰভাৱ পেলায় বিশেষকৈ ইয়াৰ ফলত গাঁঠিবোৰ সিৰামূৰি ধৰা আৰু জনজননি পাৰে।

ডায়েবেটিছ ৰোগীয়ে এই লক্ষণসমূহ দেখা পালে তাৎক্ষণিকভাৱে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। ডাঃ নিখিল টণ্ডনেৰ মতে, প্ৰতিজন ডায়েবেটিছ ৰোগীৰ ক্ষেত্ৰত এই অৱস্থা সৃষ্টি নহয় কিন্তু যিসকল লোকৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণত নাথাকে, তেওঁলোক বিপদত পৰে বুলি চিকিৎসকগৰাকীয়ে সদৰী কৰে। বিশেষকৈ ৪৫ বছৰৰ ওপৰৰ লোকসকল বিপদত পৰে বুলি তেওঁ জানিবলৈ দিয়ে

ডায়েবেটিছে কিয় হাড় দুৰ্বল কৰে?

ডাঃ নিখিল টেণ্ডনে কয় যে হাই ব্লাড চুগাৰে অষ্টিঅ’ব্লাষ্ট কোষ দুৰ্বল কৰে। এই কোষবোৰে নতুন হাড় গঠন কৰে। কিন্তু হাই ব্লাড চুগাৰে ইহঁতৰ কাৰ্যকলাপ হ্ৰাস কৰে আৰু ইয়াৰ ফলত হাড়ৰ গঠন লেহেমীয়া হয়ইয়াৰ ফলত হাড় দুৰ্বল হৈ পৰে। ডায়েবেটিছ নিয়ন্ত্ৰণত নাথাকিলে দীৰ্ঘদিনীয়া প্ৰদাহ আৰু স্নায়ুৰ ক্ষতি হোৱাৰ আশংকা থাকে।

কি কি লক্ষণ চাব লাগেঃ

সামান্য আঘাততো বাৰে বাৰে বিষ হোৱা

সামান্য আঘাততে ফ্ৰেকচাৰ হোৱা

ঘাঁ সোনকালে ভাল নোহোৱা

স্থায়ী গাঁঠিৰ বিষ

এই ৰোগ কিদৰে প্ৰতিৰোধ কৰিব পাৰিঃ

দৈনিক ব্যায়াম কৰক

চিকিৎসকৰ নিৰ্দেশনা অনুসৰি ভিটামিন ডি আৰু কেলচিয়ামৰ পৰিপূৰক গ্ৰহণ কৰক

ধূমপান আৰু মদ্যপান পৰিহাৰ কৰক

খাদ্যৰ যত্ন লওক

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...