শৰীৰৰ বিষৰ আঁৰত থাকিব পাৰে আন বহু চিন্তনীয় সমস্যা! নকৰিব আওকাণ

শৰীৰত অনুভৱ কৰা বিষ আমি বহু সময়ত সাধাৰণ কোনো সমস্যা বুলি আওকাণ কৰি চলো। কিন্তু এই অভ্যাস আমাৰ দেহৰ বাবে ক্ষতিকাৰক প্ৰমাণিত হ’ব পাৰে। বিশেষজ্ঞসকলে জানিবলৈ দিয়া মতে শৰীৰত হোৱা এনে বিষে আন বহু ৰোগৰ উমান দিব পাৰে।

শৰীৰৰ বিষৰ আঁৰত থাকিব পাৰে আন বহু চিন্তনীয় সমস্যা! নকৰিব আওকাণ

প্ৰতিনিধিত্বমূলক ছবি

Published: 

13 Sep 2024 00:12 AM

সাধাৰণতে আন ৰোগৰ প্ৰতি যিদৰে আমাৰ গুৰুত্ব বা চিন্তা থাকে, তাৰ তুলনাত শৰীৰৰ বিষৰ দৰে সমস্যাৰ প্ৰতি খুব কমেইহে আমি গুৰুত্ব দিওঁ। এক স্বাভাৱিক সমস্যা বুলি ভাবি আমি বহু সময়ত এই সমস্যাক আওকাণ কৰোঁ। কিন্তু আমাৰ এই অভ্যাস হৈ উঠিব পাৰে বিপদজনক। বিশেষজ্ঞসকলৰ মতে দেহত হোৱা এই বিষ বহু ৰোগৰ কাৰণ। এই ৰোগসমূহ যাতে প্ৰাৰম্ভিক অৱস্থাত চিনাক্ত কৰিব পৰা যায়, তাৰ বাবে বিষৰ সঠিক চিকিৎসা কৰাটো অন্যন্ত জৰুৰী। বিষৰ কাৰণ জানিবলৈ চিকিৎসকে বহু ধৰণৰ পৰীক্ষা কৰে।

চিকিৎসকে ৰোগীগৰাকীৰ স্বাস্থ্যৰ অৱস্থাৰ সঠিকভাৱে বুজ লৈ প্ৰয়োজন অনুসাৰে শাৰীৰিক পৰীক্ষা কৰে। তেজ পৰীক্ষাৰ লগতে ইমেজিং টেষ্ট, এম আৰ আই, চি টি স্কেনৰ জৰিয়তেও শৰীৰৰ পৰীক্ষা কৰা হয়। যদি কোনো ৰোগীৰ বিষ কোনো স্নায়ুৰ সৈতে জড়িত হয়, তেন্তে স্নায়ুৰ পৰীক্ষা কৰা হয়।

ইণ্টাৰনেচনেল পেইন চেণ্টাৰৰ চিকিৎসক ডাঃ আমোদ মনোচাই ্জানিবলৈ দিয়া মতে বিষ বহু কাৰণত হ’ব পাৰে। সেয়ে এই বিষৰ সমস্যাক সঠিকভাৱে বুজি পোৱা আৰু চিনাক্ত কৰাটো গুৰুত্বপূৰ্ণ। সাধাৰণতে যিকোনো ধৰণৰ আঘাতৰ ফলত কেতিয়াবা শৰীৰত বিষ হ’ব পাৰে। একেদৰে মানসিক চাপ, উদ্বেগ আৰু শৰীৰত পানীৰ অভাৱৰ বাবে মূৰৰ বিষ হব পাৰে। কিন্তু এই শৰীৰৰ বিষ পিছে বহু ৰোগৰ লক্ষণো।

বাতবিষ

গাঁঠিৰ বিষ বাতবিষৰ ফলত হয়। ইয়াৰ ফলত শৰীৰৰ গাঁঠিবোৰ ফুলি উঠে।

পাচনতন্ত্ৰৰ সমস্যা

গেছ, বদহজম বা পেটৰ যিকোনো সংক্ৰমণৰ বাবে পেটৰ বিষ হয়।

স্নায়ুতন্ত্ৰ

স্নায়ুতন্ত্ৰৰ লগত জড়িত ৰোগ, যেনে স্নায়ু ফুলি উঠা বা স্নায়ুৰ ওপৰত চাপ পৰা, হাত বা ভৰিৰ জিনজিননি আদিৰ লক্ষণ হ’ব পাৰে এনে বিষ।

ভাগৰ আৰু মানসিক চাপ

মানসিক চাপৰ ফলতো পেশীৰ বিষ হ’ব পাৰে।

শৰীৰৰ বিষ এনে ৰোগৰ কাৰণ হ’ব পাৰে। গতিকে যদি আপুনিও এইদৰে বিষৰ সমস্যাত ভুগি আছে, তেন্তে এনে সমস্যাক আওকাণ নকৰি তৎক্ষণাত চিকিৎসকৰ সৈতে যোগাযোগ কৰিব লাগে। সময়মতে চিকিৎসা কৰিলে এনে ধৰণৰ ৰোগসমুহ প্ৰতিৰোধ কৰিব পাৰি।

আমেৰিকাত কিমান সংখ্যক মুছলিম লোকে বাস কৰে জানেনে? জানক...
ভাৰতৰ পৰা সৰ্বাধিক সুৰা ক্ৰয় কৰে এইখন মুছলমান দেশে! কিমান?
নৱৰাত্ৰিত ঘটিব ২ টাকৈ ডাঙৰ সংযোগ, হাতলৈ ধন আহিবলৈ কৰক এইকেইটা কাম!
ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে কি ধৰ্ম মানি চলে জানেনে? জানক...