ডায়েবেটিছ ৰোগীয়েও খাব পাৰে মিঠাই! কিদৰে সম্ভৱ হ’ব পাৰে এয়া?

ডায়েবেটিছ ৰোগীসকলক মিঠাই খোৱাত বাধা দিয়া হয়। কিন্তু কিছুমান বিশেষ নিয়ম মানি চলিলে ডায়েবেটিছ ৰোগীয়েও মিঠাই খাব পাৰে। কিন্তু কিদৰে সম্ভৱ হ’ব পাৰে এয়া? জানো আহক এই বিষয়ে।

ডায়েবেটিছ ৰোগীয়েও খাব পাৰে মিঠাই! কিদৰে সম্ভৱ হ’ব পাৰে এয়া?

প্ৰতিনিধিত্বমূলক ছবি

Updated On: 

07 Oct 2025 | 03:31 PM

বৰ্তমান সময়ত ডায়েবেটিছ আক্ৰান্ত ৰোগীৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। সাধাৰণতে ডায়েবেটিছ ৰোগীসকলে খাদ্যাভ্যাসৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিবলগা হয়। বিশেষকৈ বিপদৰ পৰা ৰক্ষাৰ বাবে ডায়েবেটিছ ৰোগীসকলক মিঠাই খোৱাত বাধা দিয়া হয়। পিছে চাহকাপ খোৱাৰ সময়ত মিঠাইৰে সজ্জিত প্লেট এখন দেখা পালে লোভ নিয়ন্ত্ৰণ কৰাটো অতি কঠিন হৈ পৰে। কিন্তু নিজৰ স্বাস্থ্যৰ কথা ভাবি এই লোভ অতি কষ্টৰে সামৰিবলগা হয়।

অৱশ্যে কিছুমান দিশত অলপ সচেতন হ’লে স্বাস্থ্যৰ সৈতে মিঠাইৰ লোভো উপভোগ কৰিব পাৰিব। অৰ্থাৎ কিছুমান বিশেষ নিয়ম মানি চলিলে ডায়েবেটিছ ৰোগীয়েও মিঠাই খাব পাৰে। কিন্তু কিদৰে সম্ভৱ হ’ব পাৰে এয়া? জানো আহক এই বিষয়ে-

পৰিমাণ নিয়ন্ত্ৰণঃ ডায়েবেটিছ ৰোগীয়ে মিঠাই খালেও এক নিৰ্দিষ্ট পৰিমাণতহে মিঠাই খাব লাগে। অৰ্থাৎ পৰিমাণ নিয়ন্ত্ৰণ কৰাটো অতি গুৰুত্বপূৰ্ণ। এটা সৰু আকাৰৰ মিঠাই লোভ গুচাবলৈ খাব পাৰে, কিন্তু একেলগে কেইবাটাও মিঠাই খালে হঠাতে তেজত চেনিৰ মাত্ৰা বৃদ্ধি পাব পাৰে।

খালী পেটত মিঠাই নাখাবঃ খালী পেটত মিঠাই খোৱাটো অত্যন্ত বিপদজনক, কিয়নো ইয়াৰ ফলত হঠাতে তেজৰ চেনিৰ পৰিমাণ বৃদ্ধি হ’ব পাৰে। গতিকে মিঠাই খোৱাৰ পূৰ্বে কিছুমান ফাইবাৰ বা প্ৰটিন সমৃদ্ধ খাদ্য যেনে চিৰা, দৈ, বা আলমণ্ড খাব লাগে। ইয়াৰ ফলত চেনিৰ মাত্ৰাৰ আকস্মিক বৃদ্ধিৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস পায়।

পৰ্যাপ্ত পানী খাওকঃ শৰীৰত পৰ্যাপ্ত পৰিমাণৰ পানী নাথাকিলে গ্লুক’জ জমা হয় আৰু চেনিৰ মাত্ৰা বৃদ্ধি পায়। গতিকে বিশেষকৈ মিঠাই খোৱাৰ পিছত নিয়মিতভাৱে পানী খাব লাগে।

খোজ কাঢ়িবঃ কমেও ২০-৩০ মিনিট খোজ কঢ়াৰ অভ্যাস গঢ়ি তোলক। ইয়াৰ ফলত শৰীৰৰ ইনচুলিন ফলপ্ৰসূ হয় আৰু অতিৰিক্ত গ্লুক’জ জ্বলাই দিয়ে।

ঘৰুৱাভাৱে ফলেৰে নিৰ্মিত মিঠাই খাওকঃ খাব লগা হ’লে খেজুৰ, নাৰিকল বা ফলৰ ৰসৰ পৰা তৈয়াৰী মিঠাই খাওক। যেনে, নাৰিকলৰ লাড়ু, শুকান ফলৰ লাড়ু, গাজৰৰ হালোৱা আদি। এইবোৰত প্ৰাকৃতিক চেনি থাকে, যি তুলনামূলকভাৱে কম ক্ষতিকাৰক।

নিয়মিতভাৱে তেজৰ চেনি পৰীক্ষা কৰকঃ বহুলোকে নিজৰ ঔষধ আৰু নিয়মীয়া পৰীক্ষাৰ প্ৰতি বিশেষ লক্ষ্য নকৰাকৈ থকা দেখা যায়। এয়া অত্যন্ত বিপদজনক। অতিৰিক্ত মিঠাই খোৱাৰ প্ৰভাৱ কেনে পৰিছে, সেয়া জানিবলৈ প্ৰতিদিনে পুৱা বা নিশা গ্লুক’মিটাৰৰ সহায়ত তেজৰ চেনিৰ পৰিমাণ পৰীক্ষা কৰক।

চিকিৎসকৰ পৰামৰ্শ মানি চলকঃ ডায়েবেটিছ নিয়ন্ত্ৰণ কৰিবলৈ চিকিৎসকে দিয়া পৰামৰ্শ অনুসৰি নিয়মিতভাৱে ঔষধ গ্ৰহণ কৰক। যদি আপোনাৰ খাদ্যাভ্যাসৰ কোনো পৰিৱৰ্তন হয় বা মিঠাই খোৱাৰ ইচ্ছা জন্মে, আগতীয়াকৈ চিকিৎসকক জনাওক।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...