Snoring remedies: এটা বিৰক্তিদায়ক সমস্যা নাক বজা, কিন্তু সহজ ঘৰুৱা উপায়েৰে দূৰ কৰিব পাৰে এই সমস্যা!
ৰাতি নাক বজাই সুৱা এটা সাধাৰণ সমস্যা। এই সমস্যা কেৱল এজন ব্যক্তিৰ বাবেই নহয় পৰিয়াল আৰু একেটা কোঠাতে শুই থকা ব্যক্তিজনৰ বাবেও সমস্যাৰ কাৰণ হৈ পৰে। যদি আপোনাৰ সংগীয়ে গোটেই ৰাতি নাক বজাই থাকে তেন্তে ই আনজনৰ টোপনিও বিঘ্নিত কৰিব পাৰে।

সহজ ঘৰুৱা উপায়েৰে দূৰ কৰিব পাৰে নাক বজা সমস্যা!
বহুলোকৰ ৰাতি শোৱাৰ সময়ত নাক বাজি থাকে। যাৰ বাবে তেওঁৰ ওচৰত টোপনি যোৱা মানুহজনৰ ওপৰত বহু পৰিমাণে প্ৰভাৱ পৰে। ইয়াক হ্ৰাস কৰিবলৈ জীৱনশৈলীৰ পৰিৱৰ্তন কৰিব লাগিব আৰু আন বহুতো কাম কৰিব পাৰে। আজি জানক কিছুমান ঘৰুৱা উপায়েৰে এই সমস্যা কেনেকৈ হ্ৰাস কৰিব পাৰি।
ৰাতি নাক বজাই সুৱা এটা সাধাৰণ সমস্যা। এই সমস্যা কেৱল এজন ব্যক্তিৰ বাবেই নহয় পৰিয়াল আৰু একেটা কোঠাতে শুই থকা ব্যক্তিজনৰ বাবেও সমস্যাৰ কাৰণ হৈ পৰে। যদি আপোনাৰ সংগীয়ে গোটেই ৰাতি নাক বজাই থাকে তেন্তে ই আনজনৰ টোপনিও বিঘ্নিত কৰিব পাৰে। এই সমস্যাটোক লৈ ঠাট্টা কৰিয়েই উৰুৱাই দিব নোৱাৰি। অতিৰিক্ত ওজনৰ বাবে, নাকত যিকোনো ধৰণৰ ব্লক, নাকৰ হাড়ৰ যিকোনো সমস্যা, চৰ্দি, হাওঁফাওঁৰ সমস্যাৰ বাবে মানুহৰ নাক বাজে। নাক বজোৱাৰ আঁৰত বহু কাৰণ থাকিব পাৰে। আজি এই বিষয়ে জানো আহক…
শোৱাৰ সময়ত নাক বজোৱা সমস্যাতোৰ বাবে বহুতে অশান্তি পায়। তদুপৰি তেওঁলোকৰ টোপনিৰ সংগীসকলো এই সমস্যাত অসুবিধা পায়। এনে পৰিস্থিতিত মানুহে ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ বহুত চেষ্টা কৰে। যিসকল লোকৰ নাক বন্ধ হৈ থাকে বা চৰ্দি হৈছে, তেওঁলোকে প্ৰায়ে নাক বজা সমস্যাত ভুগিবলগীয়া হয়। শুকান বতৰত এই সমস্যা আৰু বেছি হ’ব পাৰে। গতিকে শোৱা কোঠাটোৰ উষ্ণতা আৰ্দ্ৰ কৰি ৰাখিবলৈ চেষ্টা কৰক, আপুনি হিউমিডিফায়াৰ ব্যৱহাৰ কৰিব পাৰে। সুস্থ জীৱনশৈলী, ব্যায়াম আৰু স্বাস্থ্যসন্মত খাদ্যই বহু পৰিৱৰ্তন আনে। কিন্তু ইয়াৰ উপৰিও নাক বজোৱা কমাবলৈ এই ঘৰুৱা উপায়বোৰো গ্ৰহণ কৰিব পাৰে।
পানী আৰু পদিনা
নাক বজা কমিবলৈ পদিনা পাত কিছু এগিলাচ পানীত উতলাই সেই পানী ঠাণ্ডা হোৱাৰ পিছত খাব লাগে। ইয়াৰ দ্বাৰা আপোনাক বহু পৰিমাণে সকাহ পাব। এই প্ৰতিকাৰ গ্ৰহণ কৰিলে আপুনি বহু পৰিমাণে সকাহ পাব।
গৰম মছলা গুড়ি
ডালচেনিৰ গুড়িও ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ বাবে এগিলাচ কুহুমীয়া পানীত এচামুচ ডালচেনিৰ গুড়ি মিহলাই খাব লাগে। ইয়াৰ প্ৰভাৱ আপুনি দেখিব পাৰে।
নহৰু
এই সমস্যা দূৰ কৰাত নহৰুৱে বহুখিনি সহায় কৰিব পাৰে। ইয়াৰ বাবে ৰাতি শুই উঠাৰ আগতে নহৰু এটা তেলৰ লগত গৰম কৰি নাকত লগাব লাগে। কিন্তু এটা কথা মনত ৰাখিব যে নহৰু গৰম প্ৰকৃতিৰ, সেয়েহে অতি গৰম বতৰত বা বেছি পৰিমাণে ইয়াক সেৱন নকৰিব। লগতে গৰম বস্তুৰ প্ৰতি এলাৰ্জি থকা লোকসকলেও ইয়াক পৰিহাৰ কৰিব লাগে।
ঘি
নাক বজোৱাৰ সমস্যা কম কৰিবলৈ দেশীয় ঘি ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ বাবে ঘি গৰম কৰি এটোপাল নিজৰ নাকত দিব লাগে। মনত ৰাখিব যে ঘিউ বেছি গৰম হ’ব নালাগে।
ইয়াৰোপৰি টোপনি পৰ্যাপ্ত নহ’লে আৰু শৰীৰ দুৰ্বল আৰু ভাগৰুৱা হ’লে নাক বজাৰ সম্ভাৱনা বেছি হয়। গতিকে প্ৰতি নিশা শোৱাৰ আগতে ভাপ ল’ব, ই নাক বজা বন্ধ কৰিব পাৰে।