চাহ খোৱাৰ আগতে পানী খালে শৰীৰত কি প্ৰভাৱ পৰে? এচিডিটিৰ পৰা উপশম পাব পাৰি নেকি! বিশেষজ্ঞৰ পৰা জানক

খালী পেটত চাহ খালে পাচনতন্ত্ৰ, এচিডিটি আৰু বিপাকীয় ক্ৰিয়াত বেয়া প্ৰভাৱ পৰে। গতিকে ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে চাহ খোৱাৰ অভ্যাস থাকিলে তাৰ আগতে পানী খোৱাটো ভাল।

চাহ খোৱাৰ আগতে পানী খালে শৰীৰত কি প্ৰভাৱ পৰে? এচিডিটিৰ পৰা উপশম পাব পাৰি নেকি! বিশেষজ্ঞৰ পৰা জানক

প্ৰতীকী ফটো

Updated On: 

17 Sep 2025 08:29 AM

কিছুমান মানুহে চাহ খোৱাৰ পিছতে এচিডিটিৰ সমস্যাৰ সন্মুখীন হয়। এনে পৰিস্থিতিত চাহ খোৱাৰ পিছত এচিডিটি কমাবলৈ কি ব্যৱস্থা ল’ব পাৰি সেই বিষয়ে জানক। আয়ুৰ্বেদ আৰু স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে খালী পেটত চাহ খালে পাচনতন্ত্ৰ, এচিডিটি আৰু বিপাকীয় ক্ৰিয়াত বেয়া প্ৰভাৱ পৰে। কাৰণ চাহত কেফেইন আৰু টেনিন উপাদান পোৱা যায় যিয়ে এচিডিটি বৃদ্ধি কৰে। গতিকে ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে চাহ খোৱাৰ অভ্যাস থাকিলে তাৰ আগতে পানী খোৱাটো ভাল।

চাহৰ আগত পানী খালে এচিডিটি ৰোধ কৰিব পাৰি নেকি ?

আৰ এম এল হাস্পতালৰ মেডিচিন বিভাগৰ ডাঃ সুভাষ গিৰীয়ে কয় যে, যদি আপুনি খালী পেটত চাহ খোৱাৰ আগতে এগিলাচ সাধাৰণ পানী খায় তেন্তে পানীয়ে শৰীৰত থকা এচিড পাতল কৰি পেলায়। এনে কৰিলে চাহত থকা কেফেইনৰ প্ৰভাৱ কমি যায়, যাৰ ফলত পেটৰ বিষ কমিব পাৰে। যদিও পানী খালে এচিডিটি সম্পূৰ্ণৰূপে নাইকিয়া কৰিব পাৰি বুলি ক’লে ভুল হ’ব, কিন্তু বহু পৰিমাণে চাহৰ ফলত হোৱা এচিডিটি নিশ্চিতভাৱে হ্ৰাস কৰিব পৰা যায়।

চাহ খোৱাৰ আগতে খালী পেটত পানী সেৱন কৰক

গেষ্ট্ৰ’এণ্টেৰ’লজিষ্টৰ মতে, চাহৰ ফলত এচিডিটি হোৱা লোকসকলে প্ৰথমে খালী পেটত পানী খাব লাগে।

ইচ্ছা কৰিলে কুহুমীয়া পানী খাব। ইয়াৰ ফলত পেটৰ পি এইচ লেভেল ভাৰসাম্য ৰক্ষা পৰে।

খালী পেটত চাহ খোৱাৰ আগতে লঘু ব্ৰেকফাষ্ট বা কিছু ফল-মূল খাব পাৰে। ব্ৰেকফাষ্টৰ পিছতহে চাহ খাবলৈ চেষ্টা কৰক।

যিসকল লোকৰ এচিডিটি বেছিকৈ হয়, তেওঁলোকে বনৌষধি চাহ, গ্ৰীণ টি বা ক’লা চাহ খাব পাৰে।

ইয়াৰ বাহিৰেও সম্ভৱ হ’লে চাহ গাখীৰৰ লগত উতলাব নালাগে, তাৰ পৰিৱৰ্তে ক’লা চাহ বনাই তাত গৰম গাখীৰ দি খাব।

কেৱল পানী খোৱাটোৱেই যথেষ্ট নেকি?

পানীয়ে সকাহ দিব পাৰে, কিন্তু যদি আপুনি দিনটোৰ ভিতৰত তেলীয়া, টেঙা বা জাংক ফুড খাই থাকে আৰু যদি কেফেইন গ্ৰহণ কৰে, তেন্তে এচিডিটি সম্পূৰ্ণৰূপে আঁতৰোৱাটো কঠিন। গতিকে খাদ্যাভ্যাস সলনি কৰি স্বাস্থ্যসন্মত জীৱনশৈলী গ্ৰহণ কৰক।

মহিলাৰ ক্ষেত্ৰত প্ৰস্ৰাৱ সংক্ৰমণৰ আশংকা কিয় বেছি ? এই সমস্যা হ'লে কি কি লক্ষণে দেখা দিয়ে?
ছাল, চুলিৰ লগতে এইসমূহ সমস্যা দূৰ কৰাত নিম পাত অতি উপকাৰী, জানক কেনেকৈ ব্যৱহাৰ কৰিব?
শুভ সংযোগ, আজিৰে পৰা এই ৫ ৰাশিৰ সলনি হ’ব ভাগ্য!
ডেংগু জ্বৰৰ পৰা হাত সাৰি থকাৰ উপায় কি? জানক কেনেকৈ গম পাব লক্ষণ