Fruits: ফল খোৱাৰ পিছত পানী খালে কি হয়? নকৰিব এই ভুল!

বয়োজ্যেষ্ঠ বা স্বাস্থ্য বিশেষজ্ঞই প্ৰায়ে ফল খোৱাৰ লগে লগে পানী খোৱাত নিষেধাজ্ঞা আৰোপ কৰে। এই সাধাৰণ উপদেশৰ আঁৰত এটা বৈজ্ঞানিক কাৰণ আছে। এই নিয়ম মানি চলাটো কিয় গুৰুত্বপূৰ্ণ জানো আহক।

Fruits: ফল খোৱাৰ পিছত পানী খালে কি হয়? নকৰিব এই ভুল!

ফল খোৱাৰ পিছত পানী খালে কি হয়?

Published: 

24 Nov 2025 15:47 PM

আমি সকলোৱে জানো যে ফল আমাৰ শৰীৰৰ বাবে কিমান উপকাৰী। ভিটামিন, খনিজ পদাৰ্থ আৰু আঁহযুক্ত ফলমূল সুস্থ হৈ থকাৰ মূল চাবিকাঠি। কিন্তু ফল খোৱাৰ লগে লগে পানী খালে শৰীৰৰ কি হ’ব পাৰে? বয়োজ্যেষ্ঠ বা স্বাস্থ্য বিশেষজ্ঞই প্ৰায়ে ফল খোৱাৰ লগে লগে পানী খোৱাত নিষেধাজ্ঞা আৰোপ কৰে। এই সাধাৰণ উপদেশৰ আঁৰত এটা বৈজ্ঞানিক কাৰণ আছে। এই নিয়ম মানি চলাটো কিয় গুৰুত্বপূৰ্ণ জানো আহক।

ফল খোৱাৰ পিছত পানী কিয় খাব নালাগে?

আচলতে ফল খুব সোনকালে হজম হয়। কিন্তু পেটত এই ফল হজম কৰিবলৈ বিশেষ প্ৰস্তুতি চলাব লগা হয়। ফল খোৱাৰ পিছত পানী খালে প্ৰাকৃতিক পাচন প্ৰক্ৰিয়াত ব্যাঘাত জন্মে। ইয়াৰ মূল কাৰণসমূহ তলত আলোচনা কৰা হ’ল:

১) পাচন এনজাইম বা পাচন ৰস পাতল হৈ পৰে

ফল হজম কৰিবলৈ আমাৰ পেটত কিছু এচিড আৰু বিশেষ পাচন এনজাইম উৎপন্ন হয়। এই এচিড আৰু এনজাইমে ফলৰ জটিল উপাদানসমূহ ভাঙি শৰীৰক পুষ্টিকৰ পদাৰ্থ শোষণ কৰাত সহায় কৰে। কোনোবাই যেতিয়া ফল খোৱাৰ ঠিক পিছতেই পানী খায়, তেতিয়া এই গুৰুত্বপূৰ্ণ পাচন ৰসবোৰ পাতল হৈ পৰে। ফলত এনজাইমবোৰে সঠিকভাৱে কাম কৰিব নোৱাৰে, যাৰ ফলত পাচন প্ৰক্ৰিয়াটো লেহেমীয়া হয়।  হজম সঠিকভাৱে নকৰিলে শৰীৰে ফলৰ সকলো পুষ্টিকৰ উপাদান শোষণ কৰিব নোৱাৰে।

২) এচিডিটি আৰু গেছৰ সমস্যা বৃদ্ধি পায়

বহুতো ফলত ফ্ৰুক্ট’জ আৰু ঈষ্ট আদি প্ৰাকৃতিক চেনি থাকে। পাচন ৰস পাতল হ’লে পাচন প্ৰক্ৰিয়া দুৰ্বল হৈ পৰে আৰু ফলৰ চেনিবোৰ পেটত অতিৰিক্ত সময় থাকে। এই অহজম চেনিবোৰে পেটত কিম্বন প্ৰক্ৰিয়া আৰম্ভ কৰে। এই কিম্বন প্ৰক্ৰিয়াৰ ফলত পেটত অতিৰিক্ত কাৰ্বন ডাই অক্সাইড উৎপন্ন হয়, যাৰ ফলত গেছ, পেট ফুলা, আৰু এচিডিটি বা হাৰ্টবাৰ্ণ হ’ব পাৰে। বিশেষকৈ টেঙা ফল (যেনে- কমলা, আনাৰস) বা পানীৰ পৰিমাণ বেছি থকা ফল (যেনে-তৰমুজ) খোৱাৰ পিছত পানী খালে এই সমস্যাটো বেছিকৈ দেখা যায়।

৩) শৰীৰৰ pH মাত্ৰাত ব্যাঘাত জন্মে

সঠিক হজমৰ বাবে পেটৰ এটা নিৰ্দিষ্ট pH মাত্ৰা (এচিডিটি লেভেল) ৰখাটো প্ৰয়োজন। ফল-মূল বা পানীৰ পৰিমাণ বেছি থকা ফল-মূল খোৱাৰ পিছত পানী খোৱাৰ ফলত পেটৰ এচিডিটিৰ মাত্ৰা হ্ৰাস পোৱাৰ লগতে pH মাত্ৰাৰ ভাৰসাম্য বিঘ্নিত হ’ব পাৰে। ইয়াৰ ফলত হজম শক্তি আৰু অধিক বিঘ্নিত হ’ব পাৰে আৰু অস্বস্তি বৃদ্ধি পাব পাৰে।

৪) তেজত চুগাৰৰ মাত্ৰা বৃদ্ধি

পাচন প্ৰক্ৰিয়া লেহেমীয়া হ’লে ফলৰ চুগাৰ বা গ্লুক’জ সঠিকভাৱে প্ৰক্ৰিয়াকৰণ কৰিব নোৱাৰি। ইয়াৰ ফলত তেজত গ্লুক’জৰ মাত্ৰা বৃদ্ধি পাব পাৰে, যাৰ ফলত দীৰ্ঘম্যাদীভাৱে ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে।

ফল খোৱাৰ পিছত কিমান সময় পিছত পানী খোৱাটো নিৰাপদ?

ফল-মূল খোৱাটো শৰীৰৰ বাবে অতি উত্তম অভ্যাস। অৱশ্যে সঠিক সময়ত পানী খোৱাটো প্ৰয়োজনীয়। বিশেষজ্ঞসকলে পৰামৰ্শ দিয়ে যে ফল খোৱাৰ পিছত কমেও ৩০ মিনিটৰ পৰা ১ ঘণ্টা অপেক্ষা কৰিব লাগে। এই সময়ছোৱাত ফলবোৰ বেছিভাগেই হজম হয় আৰু পাচন ৰসবোৰে নিজৰ কাম শেষ কৰিব পাৰে।

গতিকে এতিয়াৰ পৰা যদি আপুনি ফল-মূল খোৱাৰ পিছত অতি পিয়াহ অনুভৱ কৰে তেন্তে এগিলাচ সৰু পানী খাব পাৰে। অৱশ্যে এবাৰতে এগিলাচ পানী খোৱাৰ পৰা বিৰত থাকিব। এই সৰু পৰিৱৰ্তনে আপোনাৰ পাচনতন্ত্ৰ সুস্থ কৰি ৰখাত সহায় কৰিব আৰু আপুনি ফলৰ সম্পূৰ্ণ পুষ্টিকৰ মূল্য শোষণ কৰিবলৈ সক্ষম হ’ব।

লগতে পঢ়ক: শীতকালত এইসকল লোকৰ বেছিকৈ ফাটে ওঁঠ, সাৱধান হওক…

এলঝেইমাৰৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি? এই ৰোগ কিয় হয় জানেনে?
ডায়েবেটিছ ৰোগীৰ বাবে মহৌষধি হালধি! এনে উপকাৰিতাৰ কথা শুনিলে আচৰিত হ’ব আপুনি
গাখীৰ চাহ খালে বৃক্কত পাথৰ অৰ্থাৎ কিডনী ষ্ট’ন হয় নেকি? চাহৰ নিচা আছে যদি চাওক এতিয়াই
পুৱাৰ সময়ত কিয় অধিক লোক হাৰ্ট এটেকৰ সন্মুখীন হয়? জানিলে হ’ব পাৰিব সাৱধান
কংগ্ৰেছক তীব্ৰ সমালোচনা মুখ্যমন্ত্ৰীৰ
SR সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে ?
সাংবাদিকে লাভ কৰিব আঁচনিৰ সুবিধা: মুখ্যমন্ত্ৰী
গুৱাহাটীত যুৱ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ