বাৰিষা থাকিব পাৰে চকুৰ সংক্ৰমণৰ ভয়! উলাই নকৰিব এনে লক্ষণ, হ’ব পাৰে চিন্তনীয় সমস্যা

যদিও চকুৰ সংক্ৰমণ প্ৰথমতে বৰ গুৰুতৰ যেন অনুভৱ নহ’ব পাৰে, কিন্তু সময়ৰ লগে লগে এই সমস্যাই গুৰুতৰ ক্ষতি কৰিব পাৰে। প্ৰাৰম্ভিক পৰ্যায়ত চিকিৎসা নকৰিলে চকুৰ গুৰুতৰ ক্ষতি হ’ব পাৰে।

বাৰিষা থাকিব পাৰে চকুৰ সংক্ৰমণৰ ভয়! উলাই নকৰিব এনে লক্ষণ, হ’ব পাৰে চিন্তনীয় সমস্যা

প্ৰতিনিধিত্বমূলক ছবি

Updated On: 

08 Aug 2025 | 04:56 PM

ৰাজ্যৰ ভিন্ন স্থানত শেহতীয়া কিছুদিনত দেখা পোৱা গৈছে বৰষুণৰ সমান্তৰালকৈ পিছে সংক্ৰমণৰ শংকাও বৃদ্ধি পাইছে বাৰিষা কালত অতিৰিক্ত আৰ্দ্ৰতাৰ ফলত বেক্টেৰিয়া বৃদ্ধিৰ পৰিৱেশ সুগম হৈ পৰে এনে পৰিস্থিতিত ফলত সংক্ৰমণ বৃদ্ধি হোৱাটো স্বাভাৱিক। এই আৰ্দ্ৰ পৰিৱেশত বাৰিষাৰ সময়ত চকুৰ সংক্ৰমণ অতি সাধাৰণ সমস্যা। যদিও চকুৰ সংক্ৰমণ প্ৰথমতে বৰ গুৰুতৰ যেন অনুভৱ নহব পাৰে, কিন্তু সময়ৰ লগে লগে এই সমস্যাই গুৰুতৰ ক্ষতি কৰিব পাৰে। প্ৰাৰম্ভিক পৰ্যায়ত চিকিৎসা নকৰিলে চকুৰ গুৰুতৰ ক্ষতি হব পাৰে।

সেয়ে চকুৰ সংক্ৰমণৰ কোনো লক্ষণ দেখা পালে সাৱধান হোৱাটো অত্যন্ত প্ৰয়োজনীয় জানো আহক প্ৰয়োজনীয় এনে কিছুমান দিশৰ বিষয়ে

১) চকু ৰঙা পৰাঃ যদি চকু দীৰ্ঘদিন ধৰি ৰঙা পৰি থাকে, তেতিয়া সাৱধান হোৱা প্ৰয়োজন। এয়া সংক্ৰমণৰ সাধাৰণ লক্ষণ হ’ব পাৰে। ই কনজাংটিভাইটিছ, কেৰাটাইটিছ বা আন যিকোনো বেক্টেৰিয়া বা ভাইৰাছৰ সংক্ৰমণৰ ইংগিত হ’ব পাৰে।

২) অত্যধিক পানী ওলোৱাঃ চকুৰ পৰা অত্যধিক পানী ওলোৱাটো ভাইৰাছৰ সংক্ৰমণৰ লক্ষণ হ’ব পাৰে। চকুৰ পতা বা চকুৰ গুৰিত পানী জমা হৈ ডাঠ হৈ পৰাটো গুৰুতৰ সমস্যাৰ লক্ষণ হ’ব পাৰে। গতিকে, পলম নকৰাকৈ চিকিৎসকৰ পৰামৰ্শ লওক।

৩) চকুৰ বিষ বা অস্বস্তিঃ চকুৰ সংক্ৰমণৰ ফলত সামান্য বিৰক্তিৰ পৰা আৰম্ভ কৰি তীব্ৰ বিষলৈকে যিকোনো সমস্যা হ’ব পাৰে। সামান্য চকুৰ টিপ মাৰোঁতেই বা পোহৰলৈ চাওঁতেই যদি বিষ অনুভৱ হয়, তেতিয়া ই কৰ্ণিয়াৰ সমস্যাৰ লক্ষণ হ’ব পাৰে, যাৰ বাবে তৎকালীন চিকিৎসাৰ প্ৰয়োজন হয়।

৪) চকু ফুলাঃ চকুৰ চাৰিওফালে হঠাতে তীব্ৰভাৱে ফুলি উঠাটো ব্লেফেৰাইটিছ বা চেলুলাইটিছ আদি সংক্ৰমণৰ লক্ষণ হ’ব পাৰে। যদি এইদৰে ফুলি উঠাৰ লগত গৰম অনুভৱ হয় বা ফুলি উঠা অংশ কোমল হৈ পৰে, তেতিয়া ই চিন্তনীয় সংক্ৰমণৰ ইংগিত দিয়ে।

৫) দৃষ্টিশক্তি ম্লান হোৱাঃ দৃষ্টিশক্তিৰ হঠাৎ পৰিৱৰ্তন, দৃষ্টিশক্তি ম্লান হোৱা, পোহৰৰ প্ৰতি সংবেদনশীলতা কৰ্ণিয়াত প্ৰভাৱ পেলোৱা সংক্ৰমণৰ লক্ষণ হ’ব পাৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...