চুলি সোনকালে দীঘল নহয় নেকি? আজিয়েই খাবলৈ আৰম্ভ কৰক এইবোৰ বস্তু

পুষ্টিকৰ উপাদানৰ অভাৱত চুলি সৰা, চুলি পাতল হোৱা আৰু চুলি দুৰ্বল হোৱা আৰু ভাঙি যোৱাৰ দৰে সমস্যা বাঢ়িব পাৰে। কিন্তু কিছুমান খাদ্য আমাৰ চুলিৰ বাবে উপকাৰী। কোনবোৰ খাদ্য চুলিৰ বাবে উপকাৰী জানো আহক...

চুলি সোনকালে দীঘল নহয় নেকি? আজিয়েই খাবলৈ আৰম্ভ কৰক এইবোৰ বস্তু

চুলি সোনকালে দীঘল নহয় নেকি?

Published: 

24 Sep 2025 | 06:52 PM

আজিকালি ছাল চুলিৰ বাবে সকলো সচেতন। যাৰ বাবে বিভিন্ন ধৰণৰ দামী-দামী প্ৰসাধন সামগ্ৰীও ব্যৱহাৰ কৰা দেখা যায়। ইয়াৰোপৰি খাদ্যাভ্যাসৰ প্ৰতিও বিশেষ যত্ন লোৱাটো অতি প্ৰয়োজনীয়। পুষ্টিকৰ উপাদানৰ অভাৱত চুলি সৰা, চুলি পাতল হোৱা আৰু চুলি দুৰ্বল হোৱা আৰু ভাঙি যোৱাৰ দৰে সমস্যা বাঢ়িব পাৰে। কিন্তু কিছুমান খাদ্য আমাৰ চুলিৰ বাবে উপকাৰী। কোনবোৰ খাদ্য চুলিৰ বাবে উপকাৰী জানো আহক…

  1. ৰঙালাওৰ গুটিত ওমেগা ফেটি এচিড পোৱা যায়। ইয়াৰ গুটিত যথেষ্ট পৰিমাণে জিংক থাকে। এইবোৰ খালে চুলি সৰা সমস্যা নিয়ন্ত্ৰণত থাকে। বিশেষজ্ঞসকলেও খাদ্যত ৰঙালাওৰ গুটি অন্তৰ্ভুক্ত কৰিবলৈ পৰামৰ্শ দিয়ে।
  2. সেউজীয়া পাতত এন্টিঅক্সিডেন্ট, ফলেট আৰু ভিটামিন চি আদি উপাদান পোৱা যায়। খাদ্যত বন্ধাকবি পাত, কচু আদি শাক-পাচলি খাব লাগে। ইয়াৰ ফলত আপোনাৰ চুলিত পৰ্যাপ্ত পুষ্টি লাভ কৰাৰ লগতে চুলি সৰাও কম হ’ব।
  3. বাদাম এবিধ অতি উপকাৰী শুকান ফল। ইয়াত ভিটামিন ই প্ৰচুৰ পৰিমাণে পোৱা যায়। বাদাম ভিটামিন ই-ৰ ভাল উৎস আৰু ইয়াক খালে চুলিৰ বৃদ্ধি ত্বৰান্বিত হয়। যদি আপুনি আপোনাৰ চুলিবোৰ চিকচিকিয়া কৰিব বিচাৰে তেন্তে বাদাম খাবলৈ আৰম্ভ কৰক।
  4. ইয়াৰ উপৰিও গাখীৰ, দৈ আৰু পনিৰৰ দৰে দুগ্ধজাত সামগ্ৰী খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক। এইবোৰত ভিটামিন বি প্ৰচুৰ পৰিমাণে পোৱা যায়।
  5. আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তু হৈছে আমি প্ৰতিদিনে সঠিক পৰিমানে পানী খোৱাটো উচিত।

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...