কাতি বিহুত ৰবাব টেঙা খোৱাৰ পৰম্পৰা, আপুনি জানেনে এই ৰবাব টেঙাৰ উপকাৰী গুণৰ কথা
ৰবাব টেঙাত যথেষ্ঠ ভিটামিন 'চি' পোৱা যায়৷ অসমীয়া লোকে ইয়াক বৰ ভাল পায়। বিশেষকৈ ৰবাব টেঙা পৈণত হ'লে ফুটাৰ ভিতৰৰ জিম আৱৰণৰ পৰা এৰুৱাই নিমখ সানি আৰু কিছুমানে জলকীয়া লৈ খায়৷ বিভিন্ন স্থানত কাতি বিহুত ৰবাব টেঙা খোৱাৰ পৰম্পৰা আছে।

আপুনি জানেনে ৰবাব টেঙাৰ উপকাৰী গুণৰ কথা
ৰবাব টেঙা টেঙা সমগ্ৰ অসমতে উৎপন্ন হয়৷ ৰবাব টেঙা ঋতুজনিত ফল৷ শীতকালত এই ফল খাব পৰা হয়৷ এনে ফলৰ গছ চিৰ সেউজীয়া আৰু জোপোহা হয়৷ ৰবাব টেঙা দুই প্ৰকাৰৰ৷ এবিধৰ জিম ৰঙা আৰু আনবিধৰ বগা৷ দুয়োবিধৰে স্বাদ মিঠা৷ Pummelo আৰু Grapefruit দুয়োবিধক ৰবাব টেঙা বুলি কোৱা হয়৷ কিন্তু এই দুয়োবিধ ফলৰ গছ-পাত,ফল আদিৰ মাজত যথেষ্ট পাৰ্থক্য আছে। অতি সহজে বুজিব পৰা পাৰ্থক্যকেইটা হ’ল:- Pummeloৰ ফলবোৰ এটা এটাকৈ লাগে, অক্ষ(axis) প্ৰায় ফোঁপোলা।
ৰবাব টেঙাৰ ফল যথেষ্ট ডাঙৰ হয়৷ ৰবাব টেঙাত বহিৰ্ভিত্তি (epicarp) আৰু মধ্যৰ্ভিত্তি (mesocarp) একত্ৰিত হৈ বাকলি তৈয়াৰ হয়৷ বাকলিৰ অংশবিশেষ মাজে মাজে ভিতৰলৈ সোমাই ফোটা বা কোঁহৰ সৃষ্টি কৰে৷ কোঁহৰ ভিতৰত অসংখ্য ৰসাল জিমৰ উৎপত্তি হয়৷ জিমৰ মাজত বীজ থাকে৷ পৈণত হ’লে ফুটাৰ ভিতৰৰ জিম আৱৰণৰপৰা এৰুৱাই নিমখ সানি (কিছুমানে জলকীয়া লৈ) খোৱা হয়৷ আঘোণ মাহৰ ধাননিপথাৰত ৰবাব টেঙাৰ জুতি ল’বলৈ বৰ সোৱাদ৷ আনহাতে Grapefruit-অৰ ফলবোৰ থোপা বান্ধি লাগে। আঙুৰৰ(Grape) দৰে থোপা বান্ধি লগাৰ বাবেই এইবিধ ফলক ইংৰাজীত Grapefruit বোলা হয়। এইবিধৰ ফল আকাৰত আনবিধকৈ সৰু, বাকলি কিছু পাতল আৰু অক্ষ প্ৰায় পূৰঠ অৱস্থাত থাকে। অবিভক্ত অসমত নবিধ Pummelo ফল পোৱা যায়৷
ৰবাব টেঙাত যথেষ্ঠ ভিটামিন ‘চি’ পোৱা যায়৷ অসমীয়া লোকে ইয়াক বৰ ভাল পায়। বিশেষকৈ ৰবাব টেঙা পৈণত হ’লে ফুটাৰ ভিতৰৰ জিম আৱৰণৰ পৰা এৰুৱাই নিমখ সানি আৰু কিছুমানে জলকীয়া লৈ খায়৷ বিভিন্ন স্থানত কাতি বিহুত ৰবাব টেঙা খোৱাৰ পৰম্পৰা আছে।
ৰবাব টেঙাৰ উপকাৰিতা
- হজমী শক্তি বৃদ্ধি কৰে আৰু ভোক বঢ়ায়, পেট খোলোচা কৰে
- অৰ্শ্ব ৰোগীৰ বাবেও ৰবাব টেঙা উপকাৰী । কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে আঁহ থাকে
- মূত্ৰজনন (diuretic) হোৱাৰ বাবে প্ৰস্ৰাৱৰ বেক্টেৰিয়াজনিত সংক্ৰমণ বা প্ৰস্ৰাৱ জ্বলা-পোৰা কৰা আদি বিভিন্ন সমস্যাত উপকাৰী
- পটাছিয়াম, মেগনেছিয়াম, ভিটামিন চি, আঁ হ আদি থকাৰ বাবে উচ্চ ৰক্তচাপ, কলেষ্টৰেল আৰু মেদবহুলতাৰ সমস্যাত উপকাৰী
- হাড়ৰ গঠন মজবুত কৰাত সহায় কৰে । অষ্টিঅপ’ৰ’ছিছ সমস্যাত ভোগা লোকৰ বাবেও ই উপকাৰী
- অকালতে পৰা বয়সৰ চাপ কম কৰাতো ই সহায় কৰে । ই একপ্ৰকাৰৰ বডী দিতক্স বা শৰীৰ শোধনকাৰক হিচাপে কাম কৰে । ইয়াত থকা এণ্টিঅক্সিডেণ্টে অকালতে অহা বয়সৰ চাপ ৰোধ কৰে
- ভিটামিন চি থকা বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে । বতৰ সলনি হোৱাৰ সময়ত হোৱা কাহ, জ্বৰ, এলাৰ্জিজনিত সমস্যাৰ পৰাই বচাই ৰাখে
- দাঁতৰ সুস্বাস্থ্যৰ বাবেও ই সহায়ক । কাৰণ প্ৰচুৰ পৰিমাণে ভিটামিন চি আছে । দাঁতৰ আলুৰ পৰা তেজ ওলোৱা সমস্যাত (gums bleeding) ৰবাব টেঙা খালে সুফল পোৱা যায়
- শালমনৰ সমস্যা থকা ছালৰ গৰাকীয়ে ৰবাব টেঙা খোৱা উচিত । ই ছালৰ অতিৰিক্ত তৈলাক্ত ভাব কম কৰে । ক’লা দাগ, হাইপাৰপিগমেণ্টেশ্যন আদি সমস্যাও কম কৰে । ছালৰ কমনীয়তা বৃদ্ধিতো ই সহায় কৰে
- ৰক্তহীনতা বা এনিমিয়া ৰোগতো উপকাৰী
- সৰু ল’ৰা-ছোৱালীৰ কৃমি পেলুৰ সমস্যাত ৰবাব টেঙা খুৱালে সুফল পোৱা যায়
- চুলিৰ সৌন্দৰ্যবৰ্ধনত ৰবাব টেঙা উপকাৰী । ভিটামিন এ, ভিটামিন বি কমপেহ্লক্স , ভিটামিন চি, জিংক আদি থকাৰ বাবে চুলিৰ বাবে ভাল । উফিৰ সমস্যাও কম কৰাত সহায় কৰে
- ষ্ট্ৰ’ক, হাৰ্ট এটেক আদিৰ পৰাও ৰক্ষা কৰাত ৰবাব টেঙা উপকাৰী
- সুন্দৰ স্বাস্থ্য, উজ্জ্বল চুলিৰ কামনা কৰাসকলে ৰবাব টেঙা জাতীয় টেঙা ফল সেৱন কৰা উচিত