আপোনাৰো অলপতে খং উঠে নেকি? আজিয়েই শিকি লওক খং নিয়ন্ত্ৰণ কৰাৰ সহজ টিপচ

খং নামেই চণ্ডাল! আপোনাৰো সৰু সৰু কথাতে আপোনাৰো প্ৰচণ্ড খং উঠে নেকি? কেতিয়াবা বিশেষ কাৰণত সকলোৰে খং উঠে। এয়া স্বাভাৱিক আৱেগিক প্ৰতিক্ৰিয়া। কিন্তু আন একাংশ লোকে সৰু সৰু কথাতে খঙত নিজক নিয়ন্ত্ৰণ কৰিব নোৱাৰা হয়।  যাৰ বাবে তেওঁলোকে পিছত অনুতপ্ত হয়। আজিয়েই শিকি লওক খং নিয়ন্ত্ৰণ কৰাৰ সহজ টিপচ।

আপোনাৰো অলপতে খং উঠে নেকি? আজিয়েই শিকি লওক খং নিয়ন্ত্ৰণ কৰাৰ সহজ টিপচ
Published: 

23 Dec 2025 | 06:44 PM

আজিকালি প্ৰায় সংখ্যক লোকৰে অতি সোনকালে খং উঠে। খঙত দিক্-বিদিক হেৰুৱাই পেলাই একাংশই। ক্ৰোধ বা খং মানৱ জীৱনৰ এনে এটা নেতিবাচক ভাব যিটো আমাৰ জীৱনত যিকোনো মুহূৰ্ততে বা পৰিস্থিতিতে প্ৰকট হ’ব পাৰে । কিছুমানে খঙতে সন্মুখত থকা ব্যক্তিজনক এনে কিছুমান কথা কৈ দিয়ে, যাৰ ফলত পিছত অনুশোচনা কৰিবলগীয়া হয়।

যদিহে আপোনাৰো কোনো কথাত অতি সোনকালে খং উঠে তেন্তে আপুনি ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব লাগে। ই আপোনাৰ স্বাস্থ্যৰ বাবেও হানি কাৰক। আজি জানো আহক খং সহজে নিয়ন্ত্ৰণ কৰাৰ টিপচ…

  1. যদি কোনো কথাত প্ৰচণ্ড খং উঠে তেতিয়া তিনিবাৰ দীঘলকৈ উশাহ ল’বলৈ চেষ্টা কৰক। এই উপায়ে আপোনাৰ মনটো শান্ত কৰিব।
  2. খং উঠাৰ সময়ত নিজকে বুজাবলৈ চেষ্টা কৰিব। কিছু সময় মনে মনে থাকি বা মুকলিকৈ ওলাই আহিলেও খং কমি যায়।
  3. যদি আপোনাৰ প্ৰচণ্ড খং উঠিছে, তেন্তে আপুনি গান শুনিব পাৰে। মিউজিক থেৰাপিৰ আশ্ৰয় ল’লে আপোনাক প্ৰশান্তি দিব ।
  4. শাৰীৰিক কাৰ্যকলাপে আপোনাক প্ৰতিটো মানসিক চাপৰ পৰা সকাহ দিব পাৰে। একেদৰে খং নিয়ন্ত্ৰণৰ বাবেও ই এক উত্তম বিকল্প।
  5. খং শান্ত কৰিবলৈ আপুনি ষ্ট্ৰেছ বলৰ সহায় ল’ব পাৰে।
  6. যদি আপোনাৰ সৰু কথাতে প্ৰায়ে খং কৰে, তেন্তে আপোনাক ভাল আৰু গভীৰ টোপনিৰ প্ৰয়োজন।
  7. যদি আাপুনি সকলো কৰিও খং কমাব পৰা নাই, তেন্তে কোনো মানসিক চিকিৎসকৰ সহায় ল’ব পাৰে।
ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...