আপুনিও ৰাতিপুৱা খালী পেটত চাহ খায় নেকি? এই অভ্যাস ভাল নে বেয়া ?

খালী পেটত চাহ খালে সহজেই সতেজ অনুভৱ হয়। কিন্তু খালী পেটত চাহ খাব লাগেনে? এই অভ্যাসে শৰীৰৰ কিবা ক্ষতি কৰে নেকি? এই অভ্যাসে শৰীৰত কি প্ৰভাৱ পেলায় জানোঁ আহক।

আপুনিও ৰাতিপুৱা খালী পেটত চাহ খায় নেকি? এই অভ্যাস ভাল নে বেয়া ?
Published: 

06 Jan 2026 | 02:36 PM

শীতকালেই হওক, গ্ৰীষ্মকালেই হওক বা বাৰিষা হওক, কিছুমান মানুহে খালী পেটত চাহ খাই ভাল পায়। তেওঁলোকৰ মতে ই শৰীৰক সতেজ কৰি তোলে। খালী পেটত চাহ খালে সহজেই সতেজ অনুভৱ হয়। কিন্তু খালী পেটত চাহ খাব লাগেনে? এই অভ্যাসে শৰীৰৰ কিবা ক্ষতি কৰে নেকি? এই অভ্যাসে শৰীৰত কি প্ৰভাৱ পেলায় জানোঁ আহক।

চফদৰজং হাস্পতালৰ জ্যেষ্ঠ আৱাসী ডাঃ দীপক কুমাৰ সুমনে বুজাই দিয়ে যে, চাহৰ অসুবিধাও আছে। গাখীৰৰ চাহে উপকাৰতকৈ বেছি ক্ষতি কৰে। দিনটোত একাপ চাহ যথেষ্ট; ইয়াতকৈ বেছি চাহ খোৱাটো এৰাই চলাটোৱেই উত্তম। বিশেষকৈ ৰাতিপুৱা খালী পেটত চাহ খোৱাটো পৰিহাৰ কৰিব লাগে। খালী পেটত চাহ খালে এচিডিটি বৃদ্ধি হোৱাৰ লগতে পেট ফুলা বা বমি হোৱাৰ দৰে পাচনতন্ত্ৰৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে।

ডাঃ দীপকে বুজাইছে যে, চাহত টেনিন আৰু কেফেইন থাকে। এইবোৰে শৰীৰত পুষ্টিকৰ উপাদান (বিশেষকৈ আইৰণ) শোষণ হ্ৰাস কৰিব পাৰে, যাৰ ফলত কৰ্টিছলৰ মাত্ৰা বৃদ্ধি পায়, যিটো মানসিক চাপৰ হৰম’ন যিয়ে উদ্বেগ আৰু হৰম’নৰ ভাৰসাম্যহীনতাৰ সৃষ্টি কৰিব পাৰে। খালী পেটত চাহ খোৱাৰ ফলত ডিহাইড্ৰেচন হ’ব পাৰে। কিছুমান মানুহৰ ক্ষেত্ৰত উচ্চ টেনিনে পাচনতন্ত্ৰত প্ৰভাৱ পেলাব পাৰে, যাৰ ফলত বমি হ’ব পাৰে।

খালী পেটত চাহ খালে শক্তি পোৱা যায় বুলি একাংশ লোকে যুক্তি আগবঢ়ায়। এই প্ৰশ্নৰ উত্তৰত ডাঃ দীপকে বুজাইছে যে, চাহত কেফেইন থাকে। ই তৎক্ষণাত শক্তি প্ৰদান কৰে যদিও ই আপোনাক প্ৰায়ে ভাগৰুৱা বা নাৰ্ভাছ অনুভৱ কৰাব পাৰে। খালী পেটত চাহ খালে প্ৰথমে কেফেইন গ্ৰহণ কৰা হয়, যিটো আপোনাৰ স্বাস্থ্যৰ বাবে উপকাৰী নহয়। কেফেইনে ৰক্তচাপ বৃদ্ধি কৰিব পাৰে। সঘনাই প্ৰস্ৰাৱ হ’ব পাৰে।

ৰাতিপুৱা খালী পেটত চাহ নাখাবলৈ চেষ্টা কৰক। যদি আপুনি চাহ খোৱাটো একেবাৰে প্ৰয়োজনীয় বুলি অনুভৱ কৰে তেন্তে চাহ খোৱাৰ আগতে এগিলাচ কুহুমীয়া পানী খাব লাগে। লঘু ব্ৰেকফাষ্টৰ পিছত চাহ খাব। দিনটোত দুকাপতকৈ বেছি চাহ নাখাব।

শীতত এই তিনিবিধ খাদ্য হৈ উঠিব আপোনাৰ হৃদযন্ত্ৰৰ শত্ৰু! বিপদৰ পূৰ্বে চাওক এতিয়াই
আলু বাকলিৰ উপকাৰিতা জানিলে পেলাবলৈ মন নকৰিব!
গুপ্তাংগত বিষ ? প্ৰস্ৰাৱৰ সময়ত জ্বলা-পোৰা কৰে নেকি? নকৰিব ভুল!
ডায়েবেটিছত মহৌষধি হ’ব পাৰে তিতা কেৰেলা, এইদৰে ব্যৱহাৰ কৰিলে পাব সুফল
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি
কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সন্দৰ্ভত মন্তব্য বিজয়া চক্ৰৱৰ্তীৰ
কংগ্ৰেছক কটাক্ষ কৰি কি ক'লে মুখ্যমন্ত্ৰীয়ে?
আজমল মতে পল্টু মুখ্যমন্ত্ৰী কোন?