ফটা গাখীৰ পেলাই নিদিব, এইসমূহ কামত ব্যৱহাৰ কৰিব পাৰে…
গাখীৰ বেয়া হোৱা বা ফাটি যোৱাৰ পিছত পেলাই দিয়াৰ বাহিৰে আন উপায় নাথাকে! কিন্তু আপুনি জানেনে ফাটি যোৱা গাখীৰেৰেও বহুতো ডাঙৰ ডাঙৰ কাম কৰিব পাৰি। ইয়াত কিছুমান টিপছ দিয়া হ’ল।

গৰমৰ দিনত প্ৰায়েই খাদ্যবোৰ কম সময়তে বেয়া হৈ যায়। তাৰে ভিতৰত এবিধ হৈছে গাখীৰ। গাখীৰ বেয়া হোৱা বা ফাটি যোৱাৰ পিছত পেলাই দিয়াৰ বাহিৰে আন উপায় নাথাকে! কিন্তু আপুনি জানেনে ফাটি যোৱা গাখীৰেৰেও বহুতো ডাঙৰ ডাঙৰ কাম কৰিব পাৰি। ইয়াত কিছুমান টিপছ দিয়া হ’ল।
১) ফটা গাখীৰেৰে ঘৰতে সুস্বাদু পনীৰ বনাব। পনীৰ বনোৱাটো অতি সহজ। গাখীৰ দৈ হ’বলৈ আৰম্ভ হ’লে তাত ভিনেগাৰ মিহলাই ভালদৰে লৰাই থাকিব। আপুনি দেখিব যে পানী আৰু পৃথক হৈছে। তাৰ পিছত পনীৰখিনি উলিয়াই নিমখীয়া পানীত ভালদৰে ধুই লওক, যাতে ভিনেগাৰৰ টেঙা সোৱাদ আঁতৰি যায়। এইবাৰ পানীৰ পৰা উলিয়াই চেলোফেন ৰেপত মেৰিয়াই ফ্ৰীজত তিনি ঘণ্টামান ৰাখিলে পনিৰ সাজু হ’ব। এতিয়া সেই পনিৰৰ সৈতে সকলো সুস্বাদু ৰেচিপি চেষ্টা কৰিব পাৰিব। প্ৰয়োজন হ’লে চেণ্ডুইচও বনাব পাৰে।
৩) ফটা গাখীৰৰ পৰা কেক আৰু পেনকেক বনাব পাৰি। কেক বনোৱাৰ সময়ত মাখন বা কণীৰ সলনি ফটা গাখীৰ ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ ফলত কেকটোৰ সোৱাদ সম্পূৰ্ণ নতুন হৈ পৰে।
৪) কিন্তু কেৱল খাদ্য বনোৱাৰ বাবেই নহয়। উদ্ভিদৰ যত্নত গাখীৰ ব্যৱহাৰ কৰিব পাৰি। ফটা গাখীৰে উদ্ভিদৰ বাবে সাৰ হিচাপে অতি উত্তম কাম কৰে। গছজোপাৰ গুৰিতে গাখীৰ প্ৰয়োগ কৰিলে গছজোপা খৰকৈ বাঢ়িবলৈ আৰম্ভ কৰে। কেৱল সেয়াই নহয়, ঘৰৰ ভিতৰৰ গছ-গছনিবোৰক উজ্জ্বল কৰি তোলাৰ বাবে ই অতি উত্তম কাম কৰে। ফটা গাখীৰত কপাহ তিয়াই গছজোপাৰ পাত মচি দিব। আপুনি দেখিব যে গছজোপা ৰাতিটোৰ ভিতৰতে সতেজ হৈ পৰিব।
৫) কাঠৰ আচবাব পুৰণি হ’লে কাপোৰ এখন ফটা গাখীৰত তিয়াই আচবাব মচি দিব লাগে। আপুনি দেখিব যে কাঠৰ আচবাববোৰ চিকচিকিয়া হৈ পৰিব। আনকি আইনাখন মচিবও পাৰে।
৬) ফটা গাখীৰেও সৌন্দৰ্যৰ যত্নত বহুত কামত আহে। এই গাখীৰে ক্লিনজাৰ হিচাপে কাম কৰে। বাহিৰৰ পৰা ঘৰলৈ উভতি অহাৰ পিছত কপাহ গাখীৰত তিয়াই মুখখন মচি দিব। আপুনি দেখিব যে আপোনাৰ মুখৰ ছালখন অতি সোনকালে উজ্জ্বল হৈ উঠিব। আনকি এই গাখীৰে চান বাৰ্ণ হোৱা ছালখনক সতেজতা ঘূৰাই আনিব।