ধতুৰা ফুলত আছে চুলিৰ সমস্যাৰ যাদুকৰী সমাধানঃ এইদৰে কৰক ব্যৱহাৰ, লাভ কৰিব সুফল

ধতুৰাৰ ফুল আৰু পাতৰ যাদুকৰী গুণ আছে বুলিও বিশেষজ্ঞসকলে জানিবলৈ দিছে। বিশেষজ্ঞসকলৰ মতে, ধতুৰা ফুল আৰু পাতৰ ব্যৱহাৰ কৰি মাত্ৰ এসপ্তাহতে চুলিৰ সমস্যা নিৰাময় কৰি পাৰি।

ধতুৰা ফুলত আছে চুলিৰ সমস্যাৰ যাদুকৰী সমাধানঃ এইদৰে কৰক ব্যৱহাৰ, লাভ কৰিব সুফল

ধতুৰা ফুলৰ আছে উপকাৰী গুণ

Published: 

22 Jun 2025 | 10:25 PM

কোৱা হয়, ধতুৰা ফুল ভগৱান শিৱৰ অত্যন্ত প্ৰিয়। সেয়ে হিন্দু ধৰ্মত ধতুৰা ফুলৰ যথেষ্ট মান্যতা আছে। এনে মান্যতা অনুসাৰে শিৱ পূজাৰ সময়ত ধতুৰা ফুল ব্যৱহাৰ কৰা হয়। ইফালে আকৌ ধতুৰা ফলত বিষাক্ত উপাদান থকা বুলিও সততে সতৰ্কবাণী শুনা যায়। অৱশ্যে ধতুৰাৰ ফুল আৰু পাতৰ যাদুকৰী গুণ আছে বুলিও বিশেষজ্ঞসকলে জানিবলৈ দিছে। বিশেষজ্ঞসকলৰ মতে, ধতুৰা ফুল আৰু পাতৰ ব্যৱহাৰ কৰি মাত্ৰ এসপ্তাহতে চুলিৰ সমস্যা নিৰাময় কৰি পাৰি।

ধতুৰাৰ ফুল আৰু পাতত স্কোপলেটিন নামৰ এবিধ যৌগ থাকে, এই যৌগত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট থাকে। তদুপৰি ইয়াৰ এণ্টি-ফাংগেল গুণো আছে। ধতুৰাৰ এই গুণে চুলিৰ শিপা মজবুত কৰি পুষ্টি প্ৰদান কৰে বুলি কোৱা হয়। কেৱল সেয়াই নহয়, মূৰৰ ছালৰ সংক্ৰমণৰ লগত জড়িত যিকোনো সমস্যা দূৰ কৰাতো ই সহায় কৰে।

অৱশ্যে ধতুৰা ফুল আৰু পাত ব্যৱহাৰৰ ক্ষেত্ৰত কিছু নিয়মো মানি চলিব লাগিব। প্ৰথমে ধতুৰা ফুল বা পাত ধুই ভালদৰে শুকুৱাই ল’ব লাগে। শুকান পাত গুড়ি কৰি নাৰিকল তেল বা অলিভ অইল মিহলাই মূৰৰ ছাল আৰু চুলিত ভালদৰে মালিচ কৰিব লাগে। অৱশ্যে এটা কথাত সাৱধান হওক, ধতুৰা পাত কম পৰিমাণৰ তেলৰ লগত মিহলাই ল’ব লাগে। অন্যথা লাভৰ পৰিৱৰ্তে অধিক ক্ষতি কৰিব।

এই তেল সপ্তাহত কমেও তিনিদিন ব্যৱহাৰ কৰিব লাগে। আধা ঘণ্টা ৰাখি গৰম পানীৰে চেম্পু কৰি লওক। এনেদৰে ব্যৱহাৰ কৰাৰ পিছত আপুনি দেখা পাব ফল। ধতুৰা ফুলৰ এনে ব্যৱহাৰে আপোনাৰ চুলি উজ্জল কৰি তোলাৰ লগতে চুলি সৰাও বন্ধ কৰিব। কিন্তু প্ৰথমবাৰৰ বাবে তেল ব্যৱহাৰ কৰাৰ পিছত যদি এলাৰ্জী হয়, তেতিয়া লগে লগে ধুই পেলাওক আৰু পুনৰ ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকক।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...