Covid 19: বুষ্টাৰ ড’জ লোৱাৰ পাছতো আক্ৰান্ত হ’ব নেকি কোৰোনাত? জানক চিকিৎসকে কি কয়…

Covid 19: দেশত পুনৰ বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্ত ৰোগীৰ সংখ্যা। ১০০০ ৰো অধিকলোক আক্ৰান্ত হৈছে দেশত। গতিকে প্ৰশ্ন হয়, বুষ্টাৰ ড'জ লোৱাসকল আক্ৰান্ত হ'ব নেকি কোৰোনাত?

Covid 19: বুষ্টাৰ ড’জ লোৱাৰ পাছতো আক্ৰান্ত হব নেকি কোৰোনাত? জানক চিকিৎসকে কি কয়...

কোৰোনা ভাইৰাছ

Updated On: 

30 May 2025 13:01 PM

দেশত পুনৰ এবাৰ কোৰোনাৰ প্ৰকোপ বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে। যোৱা কেইবছৰমান পূৰ্বে কোৰোনাত আক্ৰান্ত হৈ লাখ লাখ লোকৰ মৃত্যু হৈছিল। সেই সময়ত কোৰোনাৰ পৰা হাত সাৰিবলৈ ভেকচিন প্ৰদান কৰা হৈছিল। গতিকে প্ৰশ্ন হয়, সেই ভেকচিনে এতিয়া কাম কৰিব নে নাই? বুষ্টাৰ ড’জ গ্ৰহণ কৰা লোকসকলো কোৰোনাত আক্ৰান্ত হ’ব নেকি? এইবাৰ কোৰোনাৰ পৰা হাত সাৰিবলৈ পুনৰ টিকা ল’ব লাগিব নেকি? গতিকে এই লেখাটোত এগৰাকী স্বাস্থ্য বিশেষজ্ঞৰ মন্তব্য উল্লেখ কৰা হৈছে, যিয়ে এনে বহু প্ৰশ্নৰ উত্তৰ দিছে।

বিশ্বৰ লগতে ভাৰততো কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে। দেশৰ বিভিন্ন প্ৰান্তত ১০০০ ৰো অধিক লোক কোৰোনাত আক্ৰান্ত হৈছে। ইয়াৰে সৰ্বাধিক ৰোগী কেৰালাত (৪৩০) আৰু সৰ্বনিম্ন সংখ্যক দিল্লীত (১২৬) আছে। মহাৰাষ্ট্ৰতো কোৰোনাত আক্ৰান্ত ৰোগী ধৰা পৰিছে। মাত্ৰ দুটা সপ্তাহতে কোৰোনাত আক্ৰান্ত ৰোগীৰ সংখ্যা দুগুণ গৈছে। দ্ৰুতগতিত কোৰোনা বিয়পি পৰাৰ ফলত এতিয়া চিন্তিত হৈ পৰিছে জনতা। কিয়নো কেইবছৰ মান পূৰ্বে বহু লোকে কোৰোনাৰ বাবে নিজৰ আপোনজনৰ হেৰুৱাইছিল। গতিকে পুনৰ এবাৰ এনে পৰিস্থিতিৰ সৃষ্টি হ’ব বুলি শংকিত হৈ পৰিছে জনতা।

নতুন ভেৰিয়েন্ট

এইবাৰ দেশত কোৰোনাৰ নতুন ভেৰিয়েন্টৰ উপস্থিতি দেখা গৈছে। বিশ্বৰ চিকিৎসক আৰু বিজ্ঞানীসকলেও সন্দেহ কৰিছে যে নতুন ভেৰিয়েন্টে ৰোগ প্ৰতিৰোধ ক্ষমতাক প্ৰভাৱিত কৰিব পাৰে। তেনেস্থলত অধিক লোক আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে। ইয়াৰ মাজতে নতুন ভেৰিয়েন্টৰ পৰা পৰিত্ৰাণ পাবলৈ ভেকচিন সন্দৰ্ভতো আলোচনা চলি আছে। কিন্তু একাংশ বিশেষজ্ঞৰ মতে, নতুন ভেৰিয়েন্ট বৰ বেছি বিপদজনক নহয়, যাৰ বাবে ই ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা নাই।

ভেকচিন লোৱাসকল হ’ব নেকি সংক্ৰমিত

গাজিয়াবাদ জিলা চাৰ্ভিলেন্স বিষয়া (DSO)ডাঃ ৰাকেশ কুমাৰ গুপ্তাই কয় যে যিসকল লোকে Covid ভেকচিনৰ বুষ্টাৰ ড’জ বা দুটা ড’জ গ্ৰহণ কৰিছে সেইসকল নতুন ভেৰিয়েন্টৰ পৰা সংক্ৰমণ হোৱাৰ আশংকা কম। যদি কিবা কাৰণত বুষ্টাৰ ড’জ বা দুটা ভেকচিন লোৱা লোকসকল নতুন ভেৰিয়েন্টত আক্ৰান্ত হয় তেন্তে কোনো ডাঙৰ সমস্যা নহয়। এই সংক্ৰমণ গুৰুতৰ নহয়। তেওঁ কয় যে এতিয়ালৈকে কৰা গৱেষণা অনুসৰি নতুন ভেৰিয়েণ্টৰ প্ৰভাৱ ৪ বা ৮ দিনলৈকে থাকিব পাৰে। গতিকে ভয় খোৱাৰ প্ৰয়োজন নাই।  কিন্তু সাৱধানে থকা দৰকাৰ। সামাজিক দূৰত্ব আৰু চেনিটাইজাৰ ব্যৱহাৰ কৰিবলৈ আহ্বান স্বাস্থ্য বিষয়াগৰাকীৰ।

চিকিৎসকগৰাকীয়ে লগতে কয় যে, যি সকলে বুষ্টাৰ ড’জ গ্ৰহণ কৰিছে তেওঁলোকৰ কোৰোনা প্ৰতিৰোধ ক্ষমতা আছে। এনে পৰিস্থিতিত তেওঁলোকৰ কোৰোনা ভাইৰাছৰ পৰা গুৰুতৰভাৱে সংক্ৰমণৰ আশংকা কম। যদি কিবা কাৰণত সংক্ৰমিত হয় তেন্তে এয়া গুৰুতৰ নহ’ব।

 

 

অন্য খবৰ পঢ়কঃ গৰমৰ দিনত কিয় বৃদ্ধি পাই কিডনীত পাথৰ হোৱাৰ সমস্যা? চিকিৎসকে জনালে লক্ষণ আৰু পৰিত্ৰাণৰ উপায়…

কেতিয়া হাতলৈ আহিব ধন? তাৰ পূৰ্বে দেখা পাব এই লক্ষণ...
আপুনি ফেটি লিভাৰত আক্ৰান্ত নেকি? উপশম পাবলৈ দৈনিক এই পানীয় সেৱন কৰক
যুৱৰাজৰ দৰেই বিশ্বকাপৰ শ্ৰেষ্ঠ খেলুৱৈ, পিছে যুৱৰাজতকৈ আগবাঢ়ি কেইবাটাও অভিলেখ দীপ্তিৰ
পিতৃ-মাতৃয়ে ভুলতো সন্তানৰ আগত কৰিব নালাগে এই ৩টা কাম! জানক...