পুৰুষৰ ক্ষেত্ৰত নীৰৱ ঘাতকৰ ৰূপ লৈছে উচ্চ ৰক্তচাপে! এই ৫টা লক্ষণ দেখিলেই হওক সাৱধান

উচ্চ ৰক্তচাপৰ বিষয়ে অৱগত হোৱাৰ একমাত্ৰ উপায় হ'ল ৰক্তচাপ পৰীক্ষা কৰা। দেহত কিছুমান লক্ষণে দেখা দিলে নিশ্চিতভাৱে আপোনাৰ ৰক্তচাপ পৰীক্ষা কৰা উচিত। এইক্ষেত্ৰত পাঁচটা লক্ষণৰ কথা উল্লেখ কৰিব পাৰি। জানো আহক এই বিষয়ে।

পুৰুষৰ ক্ষেত্ৰত নীৰৱ ঘাতকৰ ৰূপ লৈছে উচ্চ ৰক্তচাপে! এই ৫টা লক্ষণ দেখিলেই হওক সাৱধান

উচ্চ ৰক্তচাপ

Published: 

09 Nov 2025 | 08:14 PM

উচ্চ ৰক্তচাপ সাম্প্ৰতিক সময়ত এক চিন্তনীয় সমস্যা হৈ পৰিছে। এই ৰোগ অজানিতেই ব্যক্তিৰ দেহত শিপাই ক্ৰমাৎ বিপদৰ বাহক হৈ পৰে। সাধাৰণতে পুৰুষ-মহিলা সকলো লোকৰ ক্ষেত্ৰতে উচ্চ ৰক্তচাপে শংকা কঢ়িয়াই আনে যদিও পুৰুষৰ ওপৰত ইয়াৰ অধিক গভীৰ প্ৰভাৱ পৰে বুলি কিছুমান গৱেষণাৰ পৰা দেখা গৈছে। লক্ষণীয়ভাৱে উচ্চ ৰক্তচাপত ভুগি থকা ভাৰতীয় পুৰুষৰ ৪০% তকৈ অধিকে এই ৰোগ হৈছে বুলিও ধৰিব নোৱাৰে। এইদৰে অজানিতেই এই ৰোগ সময়ৰ লগে লগে ব্যক্তিজনৰ বাবে বিপদৰ কাৰণ হৈ পৰে।

স্বাভাৱিকতেই এয়া অত্যন্ত এক চিন্তনীয় কথা। কাৰণ দ্য জাৰ্নেল অৱ হাইপাৰটেনচন (২০১০)ৰ মতে, ভাৰতত উচ্চ ৰক্তচাপৰ ফলত প্ৰায় ৫৭% লোকৰ ষ্ট্ৰোকত মৃত্যু হয়। শেহতীয়াকৈ আমেৰিকান হাৰ্ট এছ’চিয়েশ্যন-আমেৰিকান ষ্ট্ৰ’ক এছ’চিয়েশ্যনৰ এক অধ্যয়নত দেখা গৈছে যে বয়সৰ লগে লগে উচ্চ ৰক্তচাপৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পায়।

এই অধ্যয়নত দেখা গৈছে যে ৪৩ৰ পৰা ৪৬ বছৰ বয়সৰ ভিতৰৰ পুৰুষৰ ক্ষেত্ৰত মহিলাতকৈ অনিয়ন্ত্ৰিত উচ্চ ৰক্তচাপ প্ৰায় ১০% বেছি। সময়মতে উচ্চ ৰক্তচাপৰ চিকিৎসা গ্ৰহণ নকৰিলে মহিলাতকৈ পুৰুষসকল অধিক সমস্যাৰ সন্মুখীন হ’ব পাৰে। গতিকে উচ্চ ৰক্তচাপৰ ইঙ্গিত প্ৰদান কৰা কিছুমান লক্ষণৰ বিষয়ে জানো আহক।

পুৰুষৰ প্ৰাৰম্ভিক উচ্চ ৰক্তচাপৰ লক্ষণ

উচ্চ ৰক্তচাপৰ বিষয়ে অৱগত হোৱাৰ একমাত্ৰ উপায় হ’ল ৰক্তচাপ পৰীক্ষা কৰা। দেহত কিছুমান লক্ষণে দেখা দিলে নিশ্চিতভাৱে আপোনাৰ ৰক্তচাপ পৰীক্ষা কৰা উচিত। এইক্ষেত্ৰত পাঁচটা লক্ষণৰ কথা উল্লেখ কৰিব পাৰি। জানো আহক এই বিষয়ে।

উশাহ-নিশাহত কষ্ট আৰু ক্লান্তি অনুভৱ

লঘু শাৰীৰিক কাৰ্যকলাপৰ সময়তো উশাহ-নিশাহত কষ্ট অনুভৱ হোৱা বা কোনো কাৰণ নোহোৱাকৈ ক্লান্তি অনুভৱ হোৱাটো উচ্চ ৰক্তচাপৰ লক্ষণ হ’ব পাৰে। যেতিয়া ৰক্তচাপ নিয়ন্ত্ৰণৰ বাহিৰত থাকে, তেতিয়া হৃদপিণ্ডই অধিক জোৰে কাম কৰিব লগা হয়, ফলস্বৰূপে হৃদপিণ্ডৰ পেশী কঠিন হৈ পৰে। ইয়াৰ ফলত হৃদপিণ্ডৰ কাৰ্যক্ষমতা হ্ৰাস পায়।

মূৰ ঘূৰোৱা বা দৃষ্টিশক্তি অস্পষ্ট হোৱা

মূৰ ঘূৰণি, হেঁচা অনুভৱ বা চকুৰে স্পষ্টকৈ দেখা নোপোৱাৰ দৰে অনুভৱ উচ্চ ৰক্তচাপৰ ফলত হ’ব পাৰে। উচ্চ ৰক্তচাপে চকুৰ সূক্ষ্ম ৰক্তনালীবোৰক ক্ষতি কৰে, যাৰ ফলত দৃষ্টিশক্তিত অস্থায়ী বা স্থায়ী সমস্যা দেখা দিব পাৰে। এনে লক্ষণ দেখা দিলে তৎক্ষণাৎ ৰক্তচাপ পৰীক্ষা কৰি চিকিৎসা লোৱাটো অত্যাৱশ্যক।

নিয়মীয়াকৈ হোৱা মূৰৰ বিষ (বিশেষকৈ পুৱা)

উচ্চ ৰক্তচাপৰ মূল লক্ষণ হৈছে নিয়মীয়াকৈ হোৱা মূৰৰ বিষ, বিশেষকৈ প্ৰায়ে পুৱা টোপনিৰ পৰা উঠাৰ পিছত মূৰৰ পিছফালে এনে বিষ অনুভৱ কৰা হয়। উচ্চ ৰক্তচাপ থকা লোকসকলে চাপ বৃদ্ধিৰ বাবে মূৰৰ পিছফালে বিষ অনুভৱ কৰিব পাৰে। ৰক্তচাপৰ মাত্ৰা দ্ৰুতহাৰত বৃদ্ধিয়ে এই লক্ষণৰ সৃষ্টি কৰিব পাৰে।

নাকৰ পৰা সঘনাই তেজ ওলোৱা

কোনো কাৰণ নোহোৱাকৈ নাকৰ পৰা তেজ ওলোৱাটো উচ্চ ৰক্তচাপৰ অন্যতম এক প্ৰধান লক্ষণ হ’ব পাৰে। এই ধৰণৰ ঘটনা সাধাৰণতে আকস্মিকভাৱে ৰক্তচাপ বাঢ়ি যোৱাৰ ফলত হয়, যাৰ বাবে নাকৰ সূক্ষ্ম ৰক্তনালীবোৰত অধিক চাপ পৰে।

বুক, ডিঙি বা কাণত ধপধপনি বা জোৰে স্পন্দন অনুভৱ

বুক, ডিঙি বা কাণত স্পষ্টভাৱে ধপধপনি, দ্ৰুতভাৱে স্পন্দনৰ অনুভৱ হোৱা উচ্চ ৰক্তচাপৰ সংকেত হ’ব পাৰে। ৰক্তচাপ বৃদ্ধি পালে হৃদপিণ্ডৰ পেশীৰ ওপৰত অধিক চাপ পৰে। এই অৱস্থাই হৃদযন্ত্ৰৰ অনিয়মিত স্পন্দন বা ধমনীত ৰক্তচাপ বৃদ্ধি হোৱা অৱস্থাক সূচাব পাৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...