Clove Benefits: প্ৰতিদিনে এটাকৈ লং খালে হ্ৰাস পাব এই ডাঙৰ সমস্যা! জানক সকলো…
Clove Benefits: লং প্ৰায় সকলোৰে পাকঘৰত থাকে। বহুতে ইয়াক মচলা হিচাপে ব্যৱহাৰ কৰে। পিছে কেৱল মচলা হিচাপেই নহয়, ই স্বাস্থ্যৰ বাবেও উপকাৰী। ইয়াৰ বিভিন্ন উপকাৰী গুণ আছে যি শৰীৰৰ বাবে ভাল।

Clove Benefits
প্ৰায় সকলোৰে ঘৰত লং মচলা হিচাপে ব্যৱহাৰ কৰা হয়। পিছে কেৱল মচলা হিচাপেই নহয়, স্বাস্থ্যৰ দিশৰ পৰাও লং ফলপ্ৰসূ। ইয়াৰ বহু উপকাৰী গুণ আছে যিয়ে শৰীৰত ভাল প্ৰভাৱ পেলায়। লং মুখৰ স্বাস্থ্যৰ লগতো জড়িত। ই মুখৰ দুৰ্গন্ধ দূৰ কৰাত সহায় কৰে। ইয়াৰোপৰি লং খোৱাৰ ফলত দাঁতৰ লগত জড়িত বিভিন্ন সমস্যা কম হব পাৰে। দাঁত মজবুত কৰাৰ লগতে ই দাঁতৰ বিষ দূৰ কৰাত সহায় কৰে। ইয়াৰোপৰি ইয়ে দাঁতৰ সমস্যা কৰাৰ আশংকা কম কৰে।
লং খালে দাঁতৰ কি কি উপকাৰ হ’ব পাৰে
- লং খালে মুখৰ পৰা ক্ষতিকাৰক বেক্টেৰিয়া নষ্ট হয়। ই দাঁতৰ গুড়িত সমস্যাৰ সৃষ্টি কৰা বেক্টেৰিয়া নষ্ট কৰে। ইয়াত থকা ইউজেনালে বেক্টেৰিয়া নষ্ট কৰে। ইয়াৰ ফলত মুখৰ সংক্ৰমণৰ আশংকা কম হয়। লগতে মুখ পৰিষ্কাৰ আৰু স্বাস্থ্যবান হয়।
- বহু গৱেষণাত প্ৰকাশ পাইছে যে লঙে বেক্টেৰিয়াক দাঁতত লগ খাব নিদিয়ে। ইয়াৰ ফলত দাঁত নষ্ট হোৱাৰ আশংকা কম থাকে। প্ৰতিদিনে লং খালে দাঁত দীৰ্ঘদিনলৈ ভালে থাকে।
- লঙে বিষ কম কৰে। দাঁতৰ বিষ কম কৰাৰ বাবে ই ফলপ্ৰসূ। যদি হঠাতে দাঁতৰ বিষ হয় তেন্তে লঙে আপোনাক সহায় কৰিব পাৰে।
- লঙে মুখৰ দুৰ্গন্ধ কম কৰাত সহায় কৰিব পাৰে।
- দাঁতত যদি জিনজিননি হৈ থাকে তেন্তে লঙে সহায় কৰিব পাৰে।
- গতিকে প্ৰতিদিনে এটা বা দুটা লং খাব পাৰে।
সাৱধানতা
অৱশ্যে লং সকলোৰে বাবে উপকাৰী নহ’ব পাৰে। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, শৰীৰৰ প্ৰতি এক কিলো ওজনত মাত্ৰ ২.৫ MG ইউজনেল ভাল। গতিকে লং বেছিকৈ খালে সমস্যা হ’ব পাৰে। ইয়াৰোপৰি কিছুমানৰ এলাৰ্জিজনিত সমস্যা হয়। এনে লোকে লং খাব নালাগে। যদি আপোনাৰ কিবা ৰোগ আছে তেন্তে লং খোৱাৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।
অন্য খবৰ পঢ়কঃ অলপ সময় গৰম পানীত ভৰি তিয়াই ৰাখিলে কি ৰোগ ভাল হয়? জানক সকলো…