কেৱল হৃদৰোগ নহয়, আন বহু কাৰণত হ’ব পাৰে বুকুৰ বিষ, চিকিৎসকৰ পৰা জানক…

বুকুৰ বিষ সদায় হাৰ্ট এটেকৰ লক্ষণ নহয়। ইয়াৰ উপৰিও গেছ, পেশীৰ আঘাত বা মানসিক চাপৰ দৰে কাৰণো বুকুৰ বিষৰ বাবে দায়ী হ’ব পাৰে। এই ক্ষেত্ৰত চিকিৎসকৰ পৰা জানো আহক বুকুৰ বিষৰ কাৰণ আৰু ইয়াক চিনাক্ত কৰাৰ উপায়।

কেৱল হৃদৰোগ নহয়, আন বহু কাৰণত হব পাৰে বুকুৰ বিষ, চিকিৎসকৰ পৰা জানক...

বুকুৰ বিষ

Published: 

24 Jun 2025 17:40 PM

বেছিভাগ মানুহেই প্ৰত্যক্ষভাৱে হাৰ্ট এটেকৰ বাবে বুকুৰ বিষ হোৱা বুলি ভাবে । কিন্তু বুকুৰ বিষ সদায় হাৰ্ট এটেকৰ বাবে নহয়। বহু সময়ত গেছ, পেশীৰ আঘাত, হাওঁফাওঁ বা পাচনতন্ত্ৰৰ সমস্যাও বুকুৰ বিষৰ কাৰণ হ’ব পাৰে। এনে পৰিস্থিতিত সঠিক সময়ত চিন চিনাক্ত কৰাটো অতি প্ৰয়োজনীয়। যাতে ৰোগীজনক জটিল অৱস্থাত উপনীত হোৱাৰ পৰা ৰক্ষা কৰিব পৰা যায়। বুকুৰ বিষ হৃদৰোগৰ লক্ষণ, গেছৰ সমস্যা নে আন কিবা সেই বিভ্ৰান্তি দূৰ কৰিবলৈ আমি ৰাজীৱ গান্ধী চিকিৎসালয়ৰ হৃদৰোগ বিভাগৰ সহযোগী অধ্যাপক ডাঃ অজিত জৈনৰ সৈতে কথা পাতিছিলো।

প্ৰথমে হাৰ্ট এটেকৰ লক্ষণৰ বিষয়ে উল্লেখ কৰি ডাঃ জৈনে কয় যে হাৰ্ট এটেকৰ সময়ত বুকুত তীব্ৰ আৰু চাপৰ দৰে বিষ হয়, যিটো বাওঁ কান্ধ, ডিঙি, টেঁটু বা দুয়োহাতলৈ বিয়পিব পাৰে। ইয়াৰ লগতে ঘাম ওলোৱা, অস্থিৰতা, উশাহ লোৱাত কষ্ট, বমি, শৰীৰ পাতল অনুভৱ কৰা বা অজ্ঞান হোৱা আদি লক্ষণো দেখা দিব পাৰে। এই বিষ হঠাৎ, অতি তীব্ৰ আৰু অবিৰতভাৱে বৃদ্ধি পায়। এনে পৰিস্থিতিত তৎক্ষণাত চিকিৎসকৰ সৈতে যোগাযোগ কৰিব লাগে, কাৰণ সময়মতে চিকিৎসা লাভ কৰিলে ৰোগীৰ জীৱন ৰক্ষা কৰিব পৰা যায়।

গেছ বা পাচনতন্ত্ৰৰ সমস্যাৰ লক্ষণসমূহ কি কি?

ডাঃ জৈনে কয় যে গেছ গঠন হ’লে বুকুৰ বিষৰ লগতে পেট ফুলা, উগাৰ, পেটৰ বিষ হ’ব পাৰে। সাধাৰণতে খাদ্য খোৱাৰ পিছত, বেছিকৈ ভজা বা মছলাযুক্ত খাদ্য খোৱাৰ পিছত এই বিষ হয়। সাধাৰণতে শৰীৰৰ অৱস্থান সলনি কৰাৰ পিছত, উগাৰ বা গেছ বাহিৰ কৰাৰ পিছতো বিষ কমি যাব পাৰে। এনে অৱস্থাত চিকিৎসকৰ পৰামৰ্শ মতে এচিডিটিৰ ঔষধ খাব লাগে। যদি ইয়াৰ পৰা সকাহ পায় তেন্তে তাৰ অৰ্থ হ’ল  গেছৰ বাবেই বুকুৰ বিষ হৈছিল। কিন্তু তাৰ পিছতো যদি আপুনি সকাহ নাপায় আৰু আপোনাৰ বুকুৰ বিষ হৈ থাকে, তেন্তে লগে লগে ওচৰৰ চিকিৎসালয়লৈ গৈ চিকিৎসকৰ পৰামৰ্শ লওক।

পেশী বা হাড়ৰ আঘাতৰ ফলতো বুকুৰ বিষ হ’ব পাৰে

বুকুৰ পেশী টান, বুকুৰ হাড়ত আঘাত বা ফুলাৰ ফলতো বুকুৰ বিষ হ’ব পাৰে। সাধাৰণতে শৰীৰৰ এটা বিশেষ অংশই হেঁচা পালে, কাহ বা দীঘলকৈ উশাহ ল’লে এই বিষ বাঢ়ে। যদি স্পৰ্শ বা লৰচৰ কৰিলে বিষ বৃদ্ধি পায়, তেন্তে ই পেশী বা হাড়ৰ সৈতে জড়িত বিষ হ’ব পাৰে।

মানসিক চাপ বা ভয়

মানসিক চাপ, উদ্বেগ, স্নায়বিক অৱস্থা বা পৰিৱৰ্তিত জীৱনশৈলীৰ বাবে সৃষ্টি হোৱা ভয় বাবেও বুকুৰ বিষ হ’ব পাৰে। এনে পৰিস্থিতিত বুকুত হঠাৎ টান হোৱা, উশাহ লোৱাত কষ্ট পোৱা, হৃদস্পন্দন দ্ৰুত হোৱা, স্নায়বিক অথবা ঘাম ওলোৱা আদি লক্ষণ দেখা দিব পাৰে। এই বিষ সাধাৰণতে কিছু সময়ৰ ভিতৰতে নিজাববীয়াকৈ ভাল হ’ব পাৰে, কিন্তু যদি বাৰে বাৰে হয় তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱাটো ভাল।

কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি?

  • যদি বুকুৰ বিষৰ লগে লগে উশাহ বন্ধ হোৱা, ঘাম ওলোৱা, ভয় , বমি বা মূৰ ঘূৰোৱা, বা বাওঁ কান্ধ, টেঁটু বা হাতলৈ বিষ বিয়পি থাকে, তেন্তে এনে পৰিস্থিতিত তৎক্ষণাত চিকিৎসকৰ সৈতে যোগাযোগ কৰিব লাগে।
  • যদি বিষটো অতি তীব্ৰ আৰু অবিৰতভাৱে বৃদ্ধি পাইছে বা জিৰণি লোৱাৰ পিছতো কমি নাযায়, তেন্তে ইয়াক একেবাৰেই আওকাণ নকৰিব।
  • যদি সঘনাই বুকুৰ বিষ হয়, তেন্তে চিকিৎসকৰ লগত যোগাযোগ কৰি প্ৰয়োজনীয় পৰীক্ষা সম্পন্ন কৰি চিকিৎসকৰ পৰামৰ্শ মতে ঔষধ খাওক।
  • বিষৰ ক্ষেত্ৰত নিজাববীয়াকৈ ঔষধ গ্ৰহণ নকৰিব, চিকিৎসকৰ পৰামৰ্শ লোৱাৰ পিছতহে ঔষধ গ্ৰহণ কৰিব লাগে। যদি বুকুত বিষ বাঢ়িছে তেন্তে প্ৰথমে হাস্পতাললৈ যাওক।
নাৰিকল তেল নে এলোভেৰা জেল, ছালৰ বাবে কোনটো উত্তম?
দাঁতৰ সমস্যা আছে নেকি? এই ৫ বিধ খাদ্যই নষ্ট কৰে আপোনাৰ দাঁত!
প্ৰস্ৰাৱ সংক্ৰমণ হ'লে কি কি সমস্যাৰ সৃষ্টি হয়? জানক...
হনুমানক সন্তুষ্ট কৰাৰ আটাইতকৈ সহজ উপায়! মঙলবাৰে কৰক এই কাম