শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

এই ৫টা স্থানত ঘৰ নিৰ্মাণৰ পূৰ্বে হাজাৰবাৰ ভাৱক, অন্যথা দূৰ হ’ব ঘৰৰ শান্তি-সমৃদ্ধি! কৈ গৈছে চাণক্যই

সাধাৰণতেই এখন ঘৰ আটকধুনীয়াকৈ নিৰ্মাণৰ স্বপ্ন প্ৰতিজন লোকৰে থাকে। গতিকে আচাৰ্য চাণক্যই আগবঢ়াই যোৱা পৰামৰ্শই এইক্ষেত্ৰত সকলোকে সহায় কৰিব। জানো আহক এই বিষয়ে।

এই ৫টা স্থানত ঘৰ নিৰ্মাণৰ পূৰ্বে হাজাৰবাৰ ভাৱক, অন্যথা দূৰ হ’ব ঘৰৰ শান্তি-সমৃদ্ধি! কৈ গৈছে চাণক্যই
আচাৰ্য চাণক্যৰ পৰামৰ্শImage Credit source: Unsplash/Wikipedia
monjit-dutta
Monjit Dutta | Updated On: 13 Nov 2025 17:29 PM

ভাৰতীয় সমাজত আচাৰ্য চাণক্যৰ স্থান কি, সেয়া দোহৰাৰ প্ৰয়োজন নাই। প্ৰাচীন ভাৰতীয় পণ্ডিতগৰাকীয়ে ব্যক্তিৰ জীৱনৰ সৈতে সংগতি থকা প্ৰতিটো দিশৰ ওপৰতে সাৰুৱা পৰামৰ্শ আগবঢ়াই গৈছে। চাণক্য নীতি হিচাপে পৰিচিত এই পৰামৰ্শসমূহে আজিও প্ৰতিজন লোকক পথ প্ৰদৰ্শন কৰি আহিছে। আচাৰ্য চাণক্যই গৃহ নিৰ্মাণ সন্দৰ্ভতো বহুখিনি গুৰুত্বপূৰ্ণ উপদেশ আগবঢ়াইছিল। তেওঁ উল্লেখ কৰি যোৱা মতে, এগৰাকী ব্যক্তিয়ে কেতিয়াও পাঁচটা স্থানত নিজৰ সপোনৰ ঘৰখন নিৰ্মাণ কৰিব নালাগে।

এই স্থানসমূহত ঘৰ নিৰ্মাণ কৰিলে সেই ঘৰখনত সদায় দুখ আৰু দৰিদ্ৰতাই আৱৰি ধৰে বুলি উল্লেখ কৰি সুখ-সমৃদ্ধি দূৰ হয় বুলি আচাৰ্য চাণক্যই সকীয়াই দিছে। সাধাৰণতেই এখন ঘৰ আটকধুনীয়াকৈ নিৰ্মাণৰ স্বপ্ন প্ৰতিজন লোকৰে থাকে। গতিকে আচাৰ্য চাণক্যই আগবঢ়াই যোৱা পৰামৰ্শই এইক্ষেত্ৰত সকলোকে সহায় কৰিব। জানো আহক এই বিষয়ে।

১) কৰ্মসংস্থাপনৰ অভাৱঃ আচাৰ্য চাণক্যৰ মতে জীৱিকাৰ কোনো উপায় নথকা স্থানত মানুহে কেতিয়াও ঘৰ সাজিব নালাগে। তেনে ঠাইত ঘৰ সাজিলে জীৱন-ধাৰণ অত্যন্ত কঠিন হৈ পৰে বুলি কৈ গৈছে আচাৰ্য চাণক্যই।

২) আইনৰ প্ৰতি ভয়হীনঃ যি স্থানত বাস কৰা লোকসকলৰ মনত আইনৰ প্ৰতি কোনো ভয় নাথাকে, সেই স্থান সদায়েই বিশৃংখল হৈ থাকে। সেয়ে এনে স্থানত কেতিয়াও ঘৰ সজাৰ ভুল কৰিব নালাগে বুলি সকীয়াই গৈছে আচাৰ্য চাণক্যই। আইন-শৃংখলা মানি চলা লোকৰ সমাজ ঘৰ নিৰ্মাণৰ সৰ্বোত্তম ঠাই।

৩) সন্মান হেৰুৱাৰ ভয়ঃ সন্মান হেৰুওৱাৰ ভয় থকা স্থানতো ঘৰ নিৰ্মাণৰ পৰা সদায় বিৰত থাকিব লাগে বুলি কৈ গৈছে চাণক্যই। সেয়ে সদায় সন্মানীয় লোকৰ মাজত বসবাস কৰি ঘৰ সাজিব লাগে বুলি তেওঁ কয়।

৪) স্বাৰ্থপৰতাঃ স্বাৰ্থপৰ আৰু লোভী লোকে বাস কৰা স্থানত কেতিয়াও ঘৰ সাজিব নালাগে বুলিও স্পষ্টকৈ উল্লেখ কৰিছিল আচাৰ্য চাণক্যই। এনে স্থানত ঘৰ সাজিলে ব্যক্তিজনৰ আচৰণো সেই ধৰণৰ হৈ পৰিব পাৰে বুলি চাণক্যই উল্লেখ কৰে।

৫) দান-বৰঙণি আগনবঢ়োৱা লোকৰ স্থানঃ যি স্থানত মানুহৰ দান-বৰঙণি আগবঢ়োৱাৰ মানসিকতাৰ অভাৱ বা আন লোকক সহায় কৰিবলৈ আগবাঢ়ি নাহে, তেনে সমাজত কেতিয়াও ঘৰ সাজিব নালাগে। মানৱতাবিহীন সমাজ ঘৰ সজাৰ উপযোগী নহয় বুলি তেওঁ কয়।