দিল্লী বিস্ফোৰণৰ পুঁজিৰ তদন্ত কৰিব NIA-ED এ, আল-ফালাহ বিশ্ববিদ্যালয়ৰ পৰীক্ষাগাৰৰো কৰা হ’ব তদন্ত
সূত্ৰ অনুসৰি এই বৈঠকত সিদ্ধান্ত লোৱা হৈছিল যে এন আই এয়ে প্ৰৱৰ্তক সঞ্চালকালয় (ED) আৰু অন্যান্য বিত্তীয় তদন্তকাৰী সংস্থাৰ লগতে লালকিল্লা বিস্ফোৰণৰ গোচৰৰ পুঁজিৰ তদন্ত কৰিব। আল-ফালাহ বিশ্ববিদ্যালয়ৰ ফৰেনছিক তদন্তও কৰা হ’ব।
দিল্লীৰ লালকিল্লাৰ সমীপত সংঘটিত বিস্ফোৰণ তথা ফৰিদাবাদ মডিউলৰ পুঁজিৰ তদন্ত কৰা হ’ব। ইডি আৰু অন্যান্য সংস্থাৰ সৈতে এন আই এয়ে এই তদন্ত চলাব। আল-ফালাহ বিশ্ববিদ্যালয়ৰ সম্পূৰ্ণ ফৰেনছিক তদন্তও কৰা হ’ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বৃহস্পতিবাৰে গৃহ সচিব, চোৰাংচোৱা ব্যুৰোৰ সঞ্চালক, এন আই এৰ সঞ্চালক প্ৰধানকে ধৰি গৃহ মন্ত্ৰালয়ৰ অন্যান্য উচ্চ পৰ্যায়ৰ বিষয়াৰ সৈতে এক বৈঠকত মিলিত হয়।
সূত্ৰ অনুসৰি এই বৈঠকত সিদ্ধান্ত লোৱা হৈছিল যে এন আই এয়ে প্ৰৱৰ্তক সঞ্চালকালয় (ED) আৰু অন্যান্য বিত্তীয় তদন্তকাৰী সংস্থাৰ লগতে লালকিল্লা বিস্ফোৰণৰ গোচৰৰ পুঁজিৰ তদন্ত কৰিব। আল-ফালাহ বিশ্ববিদ্যালয়ৰ ফৰেনছিক তদন্তও কৰা হ’ব। প্ৰৱৰ্তক সঞ্চালকালয় (ED) আৰু অন্যান্য বিত্তীয় তদন্তকাৰী সংস্থাসমূহেও বিশ্ববিদ্যালয়খনৰ সৈতে জড়িত এজন চিকিৎসকৰ আৰ্থিক লেনদেনৰ তদন্ত কৰিব।
এই সমগ্ৰ গোচৰটোত পুঁজি আৰু ধন সৰবৰাহৰ দৰে আৰ্থিক বিষয়ৰ তদন্ত কৰা হ’ব। যোৱা ১০ নৱেম্বৰত দিল্লীত সংঘটিত বোমা বিস্ফোৰণে সমগ্ৰ দেশক স্তম্ভিত কৰি তুলিছে। এই ক্ষেত্ৰত দৈনিক নতুন নতুন তথ্যৰ উন্মেষ ঘটিছে, আৰু এই ক্ষেত্ৰত নতুন নতুন নামো পোহৰলৈ আহিছে।
উত্তৰ প্ৰদেশৰ হাপুৰৰ পৰা ডাঃ ফাৰুকক আটক
এই গোচৰত আজি কেইবাজনো ব্যক্তিক আটক কৰা হৈছে। জম্মু-কাশ্মীৰৰ পৰা আটক কৰা হৈছে দুজন ব্যক্তিক। উত্তৰ প্ৰদেশৰ হাপুৰৰ ডাঃ ফাৰুককো আটক কৰি ৰখা হৈছে। জি এছ মেডিকেল কলেজৰ সহকাৰী অধ্যাপক ফাৰুক আল-ফালাহ বিশ্ববিদ্যালয়ৰ পৰা এম বি বি এছ ডিগ্ৰীধাৰী। বিস্ফোৰণৰ গোচৰত ডাঃ ফাৰুকক সোধা-পোছা কৰা হৈছে।
দিল্লী বিস্ফোৰণক সন্ত্ৰাসবাদী কাণ্ড হিচাপে স্বীকৃতি দিলে চৰকাৰে
দিল্লী বিস্ফোৰণক সন্ত্ৰাসবাদী আক্ৰমণ বুলি স্বীকৃতি দিছে চৰকাৰে। বিস্ফোৰণত নিহতসকলক শ্ৰদ্ধাঞ্জলি জনাবলৈ কেন্দ্ৰীয় কেবিনেট বৈঠকত মিলিত হয়। দুই মিনিটৰ মৌনতা অৱলম্বন কৰা হয়। এই ঘটনাটো ৰাষ্ট্ৰ বিৰোধী শক্তিৰ ষড়যন্ত্ৰ বুলি উল্লেখ কৰি এটা প্ৰস্তাৱো গৃহীত কৰা হয়। এই ঘটনাৰ তদন্ত অতি তৎপৰতা আৰু পেছাদাৰীতাৰে কৰা হ’ব। অতি শীঘ্ৰে দোষীক ন্যায়ৰ কাঠগড়াত থিয় কৰোৱা হ’ব।