গোটেই জীৱনৰ বাবে খাব লাগে নেকি প্ৰেচাৰৰ ঔষধ! কি কয় বিশেষজ্ঞই, চাওঁ আহক

সাধাৰণতে বহু লোকৰ মাজত ৰক্তচাপৰ ঔষধ সম্পৰ্কে এক ধাৰণা দেখা যায় যে ৰক্তচাপৰ ঔষধ এবাৰ গ্ৰহণ কৰিলে গোটেই জীৱনৰ বাবে গ্ৰহণ কৰিবলগা হয়। এই ভয়ৰ বাবেই সমস্যা চিন্তনীয় হ’লেও বহু লোকে ৰক্তচাপৰ ঔষধ গ্ৰহণ কৰিব নিবিচাৰে। পিছে মানুহৰ মাজত প্ৰচলিত এই ধাৰণা সঁচা নে মিছা, চাওঁ আহক।

গোটেই জীৱনৰ বাবে খাব লাগে নেকি প্ৰেচাৰৰ ঔষধ! কি কয় বিশেষজ্ঞই, চাওঁ আহক

ৰক্তচাপৰ ঔষধ বন্ধ কৰিব পাৰিনে!

Published: 

06 Jul 2025 | 04:41 PM

বৰ্তমান সময়ত অত্যন্ত উদ্বেগজনক হাৰত বৃদ্ধি পোৱা ৰোগ হৈছে ৰক্তচাপ অস্বাস্থ্যকৰ জীৱনশৈলী আৰু খাদ্যাভ্যাসৰ ফলত এই সমস্যা ব্যাপক ৰূপত বৃদ্ধি পাইছে শেহতীয়া সময়ছোৱাত ৰক্তচাপৰ সমস্যাই ক্ষণিকৰ ভিতৰতে বহু লোকৰ প্ৰাণ কাঢ়ি নিয়া পৰিলক্ষিত হৈছে এনে পৰিস্থিতিত এতিয়া ৰক্তচাপক লৈ মানুহৰ মাজত যথেষ্ট আতংকও বৃদ্ধি পোৱা পৰিলক্ষিত হয় সেয়ে ৰক্তচাপৰ কোনো লক্ষণে দেখা দিয়া মাত্ৰেই সচেতন লোকসকলে চিকিৎসকৰ কাষ চাপে আৰু চিকিৎসকৰ পৰামৰ্শ অনুসাৰে ঔষধ গ্ৰহণ কৰে

সাধাৰণতে বহু লোকৰ মাজত ৰক্তচাপৰ ঔষধ সম্পৰ্কে এক ধাৰণা দেখা যায় যে ৰক্তচাপৰ ঔষধ এবাৰ গ্ৰহণ কৰিলে গোটেই জীৱনৰ বাবে গ্ৰহণ কৰিবলগা হয় এই ভয়ৰ বাবেই সমস্যা চিন্তনীয় লেও বহু লোকে ৰক্তচাপৰ ঔষধ গ্ৰহণ কৰিব নিবিচাৰে। ফলত তেওঁলোক ডাঙৰ বিপদত পৰে। পিছে মানুহৰ মাজত প্ৰচলিত এই ধাৰণা সঁচা নেকি? ৰক্তচাপৰ ঔষধ বন্ধ কৰিব নোৱাৰি নেকি? এই সন্দৰ্ভত কি কয় বিশেষজ্ঞসকলে

প্ৰখ্যাত চিকিৎসক শ্যামশীষ বেনাৰ্জীৰ মতে শৰীৰৰ ওজন, লিপিড, ধূমপান, চেনিৰ লগত ৰক্তচাপৰ সম্পৰ্ক আছে। যদি কোনো উচ্চ ৰক্তচাপৰ ৰোগীয়ে কঠোৰ পৰিশ্ৰম কৰি ওজন কমাব পাৰে, তেতিয়া ৰক্তচাপৰ ঔষধ সেৱন বন্ধ কৰিব লগা হ’ব পাৰে। পিছে ক্ষেত্ৰত তেওঁ আন কিছু গুৰুত্বপূৰ্ণ মন্তব্যও কৰিছে।

তেওঁ কয় যে ওষধ সেৱন বন্ধ কৰি দিয়াৰ পিছত যদি ৰক্তচাপ কম হয় আৰু তাৰ সমান্তৰালকৈ শাৰীৰিক ব্যায়াম আদিও বন্ধ কৰি দিয়া কয়, তেতিয়া ৰক্তচাপৰ সমস্যা পুনৰ বৃদ্ধি পাব। তেলীয়া মছলা, তেলত ভজা খাদ্য খোৱা, প্ৰচেছ্ড ফুড, অতিমাত্ৰা চিগাৰেট আৰু সুৰা গ্ৰহণ আদি অভ্যাসেই উচ্চ ৰক্তচাপৰ কাৰণ বুলি চিকিৎসকগৰাকীয়ে দোহাৰে।

তেওঁ কয় যে অলপ সুস্থ হৈ উঠাৰ পিছতে বহু লোকে পুনৰ নিজৰ পূৰ্বৰ অভ্যাস গ্ৰহণ কৰে আৰু অনিয়মিত জীৱন যাপন কৰে। এনে অনিয়মিত জীৱনপ্ৰণালীত ভাৰসাম্য ৰক্ষা কৰিবলৈ গোটেই জীৱন ঔষধ খাব লাগে বুলি তেও দোহাৰে। অৰ্থাৎ নিজৰ স্বাস্থ্য কিদৰে ভালকৈ ৰাখিব, সেয়া সম্পূৰ্ণৰূপে আপোনাৰ ওপৰত নিৰ্ভৰশীল।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...