হোৱাইট, পিংক নে ব্লেক চল্ট ! কোন বিধ নিমখ স্বাস্থ্যৰ বাবে বেছি উপকাৰী ?

আপুনি বগা নিমখ, পিংক নিমখ, ক’লা নিমখ আদিৰ নাম শুনিছে। কিন্তু আপুনি জানেনে যে, কোন বিধ নিমখ স্বাস্থ্যৰ বাবে অধিক উপকাৰী। শৰীৰত খনিজ পদাৰ্থ অভাৱ দূৰ কৰাৰ ক্ষেত্ৰত নিমখে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

হোৱাইট, পিংক নে ব্লেক চল্ট ! কোন বিধ নিমখ স্বাস্থ্যৰ বাবে বেছি উপকাৰী ?
Published: 

15 Dec 2025 15:01 PM

নিমখ হৈছে পাকঘৰৰ অত্যাৱশ্যকীয় সমগ্ৰী। আঞ্জাৰ সোৱাদ নিৰ্ভৰ কৰে নিমখৰ ওপৰত। বৰ্তমান বজাৰত কেইবা প্ৰকাৰৰ নিমখ পোৱা যায়। নিমখৰ মানদণ্ডৰ ওপৰত ইয়াৰ দাম নিৰ্ভৰ কৰে। আপুনি বগা নিমখ, পিংক নিমখ, ক’লা নিমখ আদিৰ নাম শুনিছে। কিন্তু আপুনি জানেনে যে, কোন বিধ নিমখ স্বাস্থ্যৰ বাবে অধিক উপকাৰী। শৰীৰত খনিজ পদাৰ্থ অভাৱ দূৰ কৰাৰ ক্ষেত্ৰত নিমখে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

বগা নিমখ: বগা নিমখ বিভিন্ন প্ৰক্ৰিয়াৰে তৈয়াৰ কৰা হয়। ইয়াৰ উপৰিও ইয়াত খনিজ পদাৰ্থৰ পৰিমাণ কম। অৱশ্যে আয়’ডিনৰ অভাৱ পূৰণৰ বাবে এই নিমখ ভাল বুলি খাদ্য বিশেষজ্ঞসকলে উল্লেখ কৰিছে। বিশেষজ্ঞৰ মতে থাইৰয়ডৰ মাত্ৰা উঠা-নমা কৰিলেও এই নিমখ সেৱন কৰিব পাৰে।

পিংক চল্ট বা হিমালয়ান নিমখ: গোলাপী ৰঙৰ এই নিমখ খনিজ পদাৰ্থৰে ভৰপূৰ। বিশেষকৈ মেগনেছিয়াম, পটাছিয়াম, কেলচিয়ামৰ অভাৱ দূৰ কৰাত এই নিমখ অধিক উপকাৰী। শৰীৰত খনিজ পদাৰ্থৰ অভাৱ হ’লে এই নিমখ খাদ্যৰ তালিকাত যোগ কৰিব পাৰে।

ক’লা নিমখ: এই নিমখ টেঙা আৰু সুস্বাদু খাদ্যত ব্যৱহাৰ কৰা হয়। ই হজম শক্তিৰ বাবে উপকাৰী। এই নিমখত চালফাৰ থাকে, যিটো পেটৰ বাবে উপকাৰী। এই নিমখ খাদ্যত কম পৰিমাণে ব্যৱহাৰ কৰিব পাৰে।

চি চল্ট বা সাগৰীয় নিমখ: এইবিধ নিমখ সাগৰৰ পানী বাষ্পীভৱন কৰি তৈয়াৰ কৰা হয়। ইয়াত প্ৰচুৰ পৰিমাণে প্ৰাকৃতিক খনিজ পদাৰ্থ থাকে। কিন্তু যদি ইয়াক সঠিকভাৱে প্ৰক্ৰিয়াকৰণ কৰা নহয়, বা যদি ইয়াৰ গুণগত মান বেয়া হ’ব পাৰে। ই স্বাস্থ্যৰ বাবে উপকাৰী।

স্পষ্টীকৰণ: নিমখ স্বাস্থ্যৰ বাবে প্ৰয়োজনীয় যদিও অত্যধিক সেৱন কৰাটো বিপদজনক হ’ব পাৰে। গতিকে নিমখ কিমান পৰিমাণে খাব, সেই সন্দৰ্ভত বিশেষজ্ঞৰ পৰা পৰামৰ্শ গ্ৰহণ কৰক। বিভিন্ন উৎসৰ তথ্যৰ ভিত্তিত এই প্ৰতিবেদন কেৱল শিক্ষাৰ বাবে প্ৰস্তুত কৰা হৈছে।

প্ৰস্ৰাৱ কৰাৰ সময়ত জ্বলা-পোৰা বা বিষ হয় নেকি? হ’ব পাৰে এনে স্বাস্থ্যজনিত সমস্যাৰ লক্ষণ
আপোনাৰ ভোক কমি গৈছে নেকি? ই কি কি ৰোগৰ ইংগিত দিব পাৰে...
আপোনাৰ শোৱা কোঠাটো কেনেকুৱা হ’ব লাগে? বাস্তুত কি কোৱা হৈছে ?
নালাগে জিম যাব! এই ৫ বিধ ঘৰুৱা পানীয়ই কম কৰিব পেটৰ চৰ্বি...
মেছিক চাবলৈ নাপাই কলকাতাৰ ষ্টেডিয়ামত উত্তপ্ত পৰিস্থিতি...
কলকাতাত নিজৰেই প্ৰতিমূৰ্তি উন্মোচন মেছিৰ...
জুবিন গাৰ্গ হত্যাকাণ্ডৰ অভিযুক্তক মৃত্যুদণ্ডৰ দাবী...
এগৰাকী আইতাৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা