হজম শক্তি বৃদ্ধিত এইসমূহ খাদ্য হ’ব পাৰে মহৌষধ স্বৰূপ, জানিবলৈ পঢ়ক এই লেখা
দেহ সুস্থ, সবল আৰু নিৰোগী কৰি ৰাখিবলৈ আমি স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ। বহু খাদ্য বস্তু আমাৰ স্বাস্থ্যৰ বাবে বিশেষকৈ পাচনতন্ত্ৰৰ বাবে উপকাৰী নহয়। এনে খাদ্য গ্ৰহণ কৰিলে পাচনতন্ত্ৰৰ সমস্যা যেনে এচিডিটি, কোষ্ঠকাঠিন্য আদিৰ সৃষ্টি হয়। সেয়েহে সদায় কেৱল স্বাস্থ্যকৰ বস্তুহে আমি খাদ্য হিচাপে গ্ৰহণ কৰিব লাগে।

প্ৰতিনিধিত্বমূলক ছবি
দেহ সুস্থ, সবল আৰু নিৰোগী কৰি ৰাখিবলৈ আমি স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ। বহু খাদ্য বস্তু আমাৰ স্বাস্থ্যৰ বাবে বিশেষকৈ পাচনতন্ত্ৰৰ বাবে উপকাৰী নহয়। এনে খাদ্য গ্ৰহণ কৰিলে পাচনতন্ত্ৰৰ সমস্যা যেনে এচিডিটি, কোষ্ঠকাঠিন্য আদিৰ সৃষ্টি হয়। সেয়েহে সদায় কেৱল স্বাস্থ্যকৰ বস্তুহে আমি খাদ্য হিচাপে গ্ৰহণ কৰিব লাগে।
পুষ্টিবিদ নিধি কক্কাৰে তেওঁৰ ছ’চিয়েল মিডিয়া একাউণ্ট যোগে এটা পোষ্ট শ্বেয়াৰ কৰিছে। এই পোষ্টটোত তেওঁ এনে কিছু খাদ্যৰ বিষয়ে উল্লেখ কৰিছে, যিবোৰ আপোনাৰ হজম শক্তিৰ বাবে যথেষ্ট উপকাৰী প্ৰমাণিত হ’ব পাৰে। সেই খাদ্যবোৰৰ বিষয়ে জানো আহকঃ
অমিতা
বিশেষজ্ঞসকলে কয় যে অমিতাত পেপেইন নামৰ এনজাইম থাকে, যিয়ে প্ৰটিনৰ ভাঙনত সহায় কৰে। ইয়াৰ উপৰিও ইয়াত আঁহো পোৱা যায় আৰু সেয়ে অমিতা শৌচ খোলোচা কৰাত সহায়ক বুলি প্ৰমাণিত হ’ব পাৰে। সমান্তৰালকৈ কোষ্ঠকাঠিন্যৰ সমস্যাৰ পৰা সকাহ লাভ কৰিব পাৰে।
চফ
চফ কেৱল সোৱাদ বা সুগন্ধিতে নহয়, দৈহিক উপকাৰৰ দিশতো অতুলনীয়। পাচন আৰু প্ৰদাহৰ লগত জড়িত সমস্যাৰ ক্ষেত্ৰত চফক প্ৰাকৃতিক প্ৰতিকাৰ হিচাপে ব্যৱহাৰ কৰা হয়। চফে হজম প্ৰক্ৰিয়া সহজ কৰি তোলাত সহায় কৰিব পাৰে।
ঘিঁউ
ঘিঁউত বুটাইৰিক এচিড থাকে, যি হজম শক্তি উন্নত কৰাত সহায়ক বুলি সততে কোৱা হয়। তদুপৰি ঘিঁউ কোষ্ঠকাঠিন্যৰ লগত জড়িত সমস্যাৰ সমাধানতো সহায়ক হ’ব পাৰে। কিন্তু এজন ব্যক্তিয়ে এদিনত ২ চামুচতকৈ বেছি ঘিঁউ ব্যৱহাৰ কৰিব নালাগে।
আদা
আদা প্ৰদাহ নিবাৰণকাৰী গুণৰ বাবে জনাজাত। পাচনতন্ত্ৰৰ ৰস উদ্দীপিত কৰাত আৰু প্ৰদাহ হ্ৰাস কৰাত আদা যথেষ্ট উপকাৰী বুলি বিবেচনা কৰা হয়। সেয়ে আদাৰ জৰিয়তে হজম শক্তিও বৃদ্ধি পায়।
মাখন
হজম শক্তিৰ বাবে মাখন উপকাৰী বুলি বিবেচিত হয়। দৈনন্দিন কিছু পৰিমাণৰ মাখন কোৱাৰ অভ্যাসে খাদ্য হজম হোৱাত সহায় কৰে।
তদুপৰি অ’টছ, ৰঙা আৰু ব্ৰাউন ৰাইচ আদি আঁহ সমৃদ্ধ খাদ্যয়ো হজম শক্তি বৃদ্ধিত সহায় কৰে। একেদৰে জিৰা, আজৱাইন, হিং, হালধী, দালচেনি জালুক আদি মছলাত প্ৰদাহ নিবাৰণকাৰী গুণ থাকে আৰু পাচনতন্ত্ৰৰ ৰসক উদ্দীপিত কৰে। সেয়ে এই মছলাবোৰো শজম শক্তি বৃদ্ধিত সহায়ক হয়।