ছাল শুকান হোৱা, মূৰৰ উফি সমস্যা নাইকীয়া কৰিবলৈ এলোভেৰা কিমান উপকাৰী ? জানক

শীতকালত চুলি উফি হোৱাৰ সমস্যা দূৰ কৰিবলৈ কি কৰিব ? এলোভেৰা জেলে আপোনাৰ ছাল শুকান হোৱাৰ সমস্যা দূৰ কৰিব পাৰিবনে ? এই প্ৰতিবেদনৰ জৰিয়তে জানক শীতকালত মূৰত এলোভেৰা জেল ব্যৱহাৰ কৰিলে কি কি উপকাৰ পাব পাৰে ।

ছাল শুকান হোৱা, মূৰৰ উফি সমস্যা নাইকীয়া কৰিবলৈ এলোভেৰা কিমান উপকাৰী ? জানক

এলোভেৰা জেলৰ উপকাৰিতা

Published: 

25 Jan 2025 | 12:35 PM

ছালৰ বাবে এলোভেৰা জেল অধিক উপকাৰী বুলি গণ্য কৰা হয় । শীতকালত বহুতে ছালৰ যত্ন ল’বৰ বাবে এলোভেৰা জেল ব্যৱহাৰ কৰে । বিশেষকৈ এই সময়ছোৱাত ছাল শুকান হোৱাৰ সমস্যাই দেখা দিয়ে । একেদৰে মূৰৰ ছাল শুকান হোৱাৰ লগতে চুলিত উফি হোৱাৰ সমস্যা সৃষ্টি হয় । বিশেষজ্ঞসকলৰ মতে, শীতকালত ছালৰ আদ্ৰতা হ্ৰাস পায় । যাৰ ফলত এই ধৰণৰ সমস্যা সৃষ্টি হয় ।

শীতকালত চুলি উফি হোৱাৰ সমস্যা দূৰ কৰিবলৈ কি কৰিব ? এলোভেৰা জেলে আপোনাৰ ছাল শুকান হোৱাৰ সমস্যা দূৰ কৰিব পাৰিবনে ? বিশেষজ্ঞসকলৰ মতে এই সমস্যা দূৰ কৰিবলৈ এলোভেৰা জেল ব্যৱহাৰ কৰিব পাৰে । এই প্ৰতিবেদনৰ জৰিয়তে জানক শীতকালত মূৰত এলোভেৰা জেল ব্যৱহাৰ কৰিলে কি কি উপকাৰ পাব পাৰে ?

উপকাৰিতা

  • শীতকালত মূৰৰ ছাল শুকান হোৱা আৰু খজুৱতি সমস্যা সৃষ্টি হয় । এই সমস্যা দূৰ কৰিবলৈ আপুনি এলোভেৰা জেল ব্যৱহাৰ কৰিব পাৰে ।
  • এলোভেৰাৰ প্ৰাকৃতিক মইশ্ব’ৰাইজিং গুণ আছে । গতিকে শীতকালত আপুনি চুলিৰ যত্ন ল’বৰ বাবে এলোভেৰা জেল ব্যৱহাৰ কৰিব পাৰে ।
  • এলোভেৰা জেলে প্ৰাকৃতিকভাৱে ছালখন হাইড্ৰেটিং কৰে, যিয়ে ঠাণ্ডা বতাহৰ শুকান প্ৰভাৱৰ পৰা মূৰৰ ছালখনক ৰক্ষা কৰাত সহায় কৰে।
  • এলোভেৰাত এন্টি-ইনফ্লেমেটৰী আৰু এন্টি-ফাংগেল গুণ আছে, যিয়ে ভেঁকুৰৰ সংক্ৰমণৰ সৈতে মোকাবিলা কৰাত সহায় কৰিব পাৰে।

কেনেকৈ ব্যৱহাৰ কৰিব ?

এলোভেৰা জেল বহু ধৰণে ব্যৱহাৰ কৰিব পাৰে। হেনাৰ সৈতে এলোভেৰা জেল মিহলাই চুলিত লগাব পাৰে। ইয়াৰ পিছত চুলিখিনি ভালদৰে ধুব। কেৱল এয়াই নহয়, গছজোপাৰ পৰা সতেজ এলোভেৰা জেল উলিয়াই পোনে পোনে মূৰৰ ছালত লগাব পাৰে। এইদৰে লগালে হাতেৰে মূৰটো লাহে লাহে মালিচ কৰিব। ইয়াৰ পিছত ভালদৰে মূৰটো ধুব। উল্লেখ্য যে, ছাল আৰু চুলি সমস্যাৰ বাবে আপুনি বিশেষজ্ঞৰ পৰা উচিত পৰামৰ্শ গ্ৰহণ কৰক ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...