Airplane: ধূমপান সম্পূৰ্ণ নিষিদ্ধ, বিমানৰ বাথৰুমত কিয় এছট্ৰে ৰখা হয় জানেনে ?

বিমানত কঠোৰভাৱে ধূমপান নিষিদ্ধ কৰা হৈছে । ইয়াৰ পিছতো আপুনি মন কৰিছেনে যে, বিমানত ধূমপান নিষিদ্ধ যদিও বাথৰুমত ৰখা হয় এচট্ৰে । এইবাৰ ভাৱক ! যদি ধূমপান নিষিদ্ধ তেন্তে বিমানত কিয় ৰখা হয় এচট্ৰে ?

Airplane: ধূমপান সম্পূৰ্ণ নিষিদ্ধ, বিমানৰ বাথৰুমত কিয় এছট্ৰে ৰখা হয় জানেনে ?
Updated On: 

21 Jun 2025 | 03:16 PM

ধূমপান স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। এই কথা জানিও বহুতে কৰে ধূমপান । বহু ৰাজহুৱা স্থানত ধূমপান নিষিদ্ধ । ৰে’ল, বিমান, ৰে’ল ষ্টেচন, বিমানবন্দৰ আদি ঠাইত কেতিয়াও কৰিব নোৱাৰে ধূমপান। বিশেষভাৱে বিমানত কঠোৰভাৱে ধূমপান নিষিদ্ধ কৰা হৈছে । ইয়াৰ পিছতো আপুনি মন কৰিছেনে যে, বিমানত ধূমপান নিষিদ্ধ যদিও বাথৰুমত ৰখা হয় এচট্ৰে । এইবাৰ ভাৱক ! যদি ধূমপান নিষিদ্ধ তেন্তে বিমানত কিয় ৰখা হয় এচট্ৰে ?

১৯৮০ চনৰ পৰা এই নিয়ম চলি আহিছে । যদিও বিমানত ধূমপান নিষিদ্ধ, তথাপিও অধিক সাৱধানতা অৱলম্বন কৰি এচট্ৰে ৰখা ব্যৱস্থা কৰে বেছিভাগ বিমান সংস্থাই । যাত্ৰী আৰু বিমানৰ সুৰক্ষাৰ কথা মনত ৰাখি এই নিয়ম চলি আহিছে ।

নিয়ম উলংঘা কৰি বিমানত ধূমপান কৰিলে আপোনাক বৃহৎ জৰিমনা বিহা হ’ব পাৰে। আইন অনুসৰি, কঠোৰ ব্যৱস্থাও ল’ব পাৰে আপোনাৰ বিৰুদ্ধে । এনে কঠোৰ নিয়ম থকাৰ পাছতো বিমানৰ বাথৰুমত এচট্ৰে ৰখাৰ উদ্দেশ্য কি ?

ভাৱক ! নিয়ম যিমানেই কঠোৰ নহওক কিয়, কোনোবাই যদি ভংগ কৰিবলৈ চেষ্টা কৰে তেন্তে কি হ’ব? হয়তো বাথৰুমত কোনোবাই গোপনে ধূমপান কৰিব পাৰে । তদুপৰি তেওঁ ধৰা পৰাৰ ভয়ত হাতত জ্বলি থকা চিগাৰেট নুমুৱাবলৈ চেষ্টা কৰিব। যদি আপুনি সেই চিগাৰেট ডাষ্টবিনত পেলাই দিয়ে,তাৰ পৰাও জুইৰ আশংকা থাকে !

ইয়াৰ ফলত আপোনাৰ লগতে সমগ্ৰ বিমানখন ডাঙৰ বিপদত পৰিব পাৰে ! গতিকে যাত্ৰীয়ে নিয়ম ভংগ কৰিলেও যাতে কোনো ধৰণৰ বিপদৰ সন্মুখীন বা সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি এই ব্যৱস্থা কৰা হয় ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...