আপুনি আপোনাৰ বয়স অনুযায়ী পৰ্যাপ্ত টোপনি যায়নে? কিমান বয়সৰ লোকক কিমান ঘণ্টাৰ টোপনিৰ প্ৰয়োজন? জানক

সুস্থ জীৱন যাপনৰ বাবে বয়স অনুসৰি টোপনি নিৰ্ধাৰণ কৰাটো অতি প্ৰয়োজন। এই প্ৰতিবেদনৰ জৰিয়তে জানোঁ আহক বয়স অনুসৰি টোপনিৰ সময় কিমান হ’ব লাগে?

আপুনি আপোনাৰ বয়স অনুযায়ী পৰ্যাপ্ত টোপনি যায়নে? কিমান বয়সৰ লোকক কিমান ঘণ্টাৰ টোপনিৰ প্ৰয়োজন? জানক

প্ৰতীকী ফটো

Published: 

06 Aug 2025 | 04:23 PM

সুস্বাস্থ্যৰ বাবে ভাল টোপনিৰ অতি প্ৰয়োজন। বিশেষজ্ঞসকলে প্ৰায়ে ৰাতি সোনকালে শুই সোনকালে উঠিবলৈ পৰামৰ্শ দিয়ে। চিকিৎসকৰ মতে, এজন প্ৰাপ্তবয়স্ক লোকক সুস্বাস্থ্যৰ বাবে ৭-৯ ঘন্টা টোপনিৰ প্ৰয়োজন। সুস্থ জীৱন যাপনৰ বাবে বয়স অনুসৰি টোপনি নিৰ্ধাৰণ কৰাটো অতি প্ৰয়োজন। এই প্ৰতিবেদনৰ জৰিয়তে জানোঁ আহক বয়স অনুসৰি টোপনিৰ সময় কিমান হ’ব লাগে?

বিশেষজ্ঞৰ মতে, এজন সামগ্ৰিক স্বাস্থ্যৰ বাবে ৭-৮ ঘণ্টাৰ টোপনিৰ পৰ্যাপ্ত। ভালদৰে যদি আপুনি টোপনি নাযায় তেন্তে আপোনাৰ স্বাস্থ্যৰ সমস্যা হ’ব পাৰে। টোপনিৰ অভাৱত আপোনাৰ মানসিক স্বাস্থ্য অৱনতি ঘটিব পাৰে। মানসিক চাপ বৃদ্ধি পাব পাৰে।

বয়স অনুসৰি কিমান ঘণ্টাৰ টোপনিৰ প্ৰয়োজন?

  • প্ৰকাশিত তথ্য অনুসৰি, এটি নৱজাতকৰ বাবে দিনটোত ১৪-১৭ ঘন্টা টোপনিৰ প্ৰয়োজন।
  • একেদৰে ৪-১১ মাহ বয়সৰ শিশুৰ বাবে দিনটোত ১৪-১৫ ঘণ্টা টোপনিৰ প্ৰয়োজন।
  • ১২-৩৫ মাহ বয়সৰ শিশুৰ বাবে দিনটোত ১২-১৪ ঘণ্টা টোপনিৰ প্ৰয়োজন।
  • ৩-৬ বছৰৰ ভিতৰৰ শিশুৰ বাবে দিনটোত ১১-১৩ ঘণ্টা টোপনিৰ প্ৰয়োজন।
  • ৬-১০ বছৰ বয়সৰ শিশুৰ বাবে দিনটোত ১০-১১ ঘণ্টা টোপনিৰ প্ৰয়োজন।
  • ১১-১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰীৰ বাবে দিনটোত ৮-৯ ঘণ্টা টোপনিৰ প্ৰয়োজন।
  • প্ৰাপ্তবয়স্ক এজন লোকৰ বাবে ৭-৮ ঘণ্টা টোপনিৰ প্ৰয়োজন।
  • ৬৫ বছৰৰ ওপৰৰ লোকৰ বাবে ৭-৮ ঘণ্টাত অধিক সময়ৰ টোপনিৰ প্ৰয়োজন

শৈশৱৰ পৰা পৰ্যাপ্ত টোপনি নাপালে বুদ্ধিমত্তা, মানসিক গঠন, শিক্ষণ ক্ষমতাৰ বিকাশত প্ৰভাৱ পেলায়। সেই প্ৰভাৱ প্ৰাপ্তবয়স্ক হোৱাৰ পিছলৈকে থাকে। পৰ্যাপ্ত টোপনিৰ অভাৱত মেদবহুলতা, হৃদৰোগ, ডায়েবেটিছৰ দৰে শাৰীৰিক সমস্যাৰ সম্ভাৱনা বৃদ্ধি পায়। ইয়াৰ ফলত আয়ুসও হ্ৰাস পাব পাৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...