আপুনি আপোনাৰ বয়স অনুযায়ী পৰ্যাপ্ত টোপনি যায়নে? কিমান বয়সৰ লোকক কিমান ঘণ্টাৰ টোপনিৰ প্ৰয়োজন? জানক

সুস্থ জীৱন যাপনৰ বাবে বয়স অনুসৰি টোপনি নিৰ্ধাৰণ কৰাটো অতি প্ৰয়োজন। এই প্ৰতিবেদনৰ জৰিয়তে জানোঁ আহক বয়স অনুসৰি টোপনিৰ সময় কিমান হ’ব লাগে?

আপুনি আপোনাৰ বয়স অনুযায়ী পৰ্যাপ্ত টোপনি যায়নে? কিমান বয়সৰ লোকক কিমান ঘণ্টাৰ টোপনিৰ প্ৰয়োজন? জানক

প্ৰতীকী ফটো

Published: 

06 Aug 2025 16:23 PM

সুস্বাস্থ্যৰ বাবে ভাল টোপনিৰ অতি প্ৰয়োজন। বিশেষজ্ঞসকলে প্ৰায়ে ৰাতি সোনকালে শুই সোনকালে উঠিবলৈ পৰামৰ্শ দিয়ে। চিকিৎসকৰ মতে, এজন প্ৰাপ্তবয়স্ক লোকক সুস্বাস্থ্যৰ বাবে ৭-৯ ঘন্টা টোপনিৰ প্ৰয়োজন। সুস্থ জীৱন যাপনৰ বাবে বয়স অনুসৰি টোপনি নিৰ্ধাৰণ কৰাটো অতি প্ৰয়োজন। এই প্ৰতিবেদনৰ জৰিয়তে জানোঁ আহক বয়স অনুসৰি টোপনিৰ সময় কিমান হ’ব লাগে?

বিশেষজ্ঞৰ মতে, এজন সামগ্ৰিক স্বাস্থ্যৰ বাবে ৭-৮ ঘণ্টাৰ টোপনিৰ পৰ্যাপ্ত। ভালদৰে যদি আপুনি টোপনি নাযায় তেন্তে আপোনাৰ স্বাস্থ্যৰ সমস্যা হ’ব পাৰে। টোপনিৰ অভাৱত আপোনাৰ মানসিক স্বাস্থ্য অৱনতি ঘটিব পাৰে। মানসিক চাপ বৃদ্ধি পাব পাৰে।

বয়স অনুসৰি কিমান ঘণ্টাৰ টোপনিৰ প্ৰয়োজন?

  • প্ৰকাশিত তথ্য অনুসৰি, এটি নৱজাতকৰ বাবে দিনটোত ১৪-১৭ ঘন্টা টোপনিৰ প্ৰয়োজন।
  • একেদৰে ৪-১১ মাহ বয়সৰ শিশুৰ বাবে দিনটোত ১৪-১৫ ঘণ্টা টোপনিৰ প্ৰয়োজন।
  • ১২-৩৫ মাহ বয়সৰ শিশুৰ বাবে দিনটোত ১২-১৪ ঘণ্টা টোপনিৰ প্ৰয়োজন।
  • ৩-৬ বছৰৰ ভিতৰৰ শিশুৰ বাবে দিনটোত ১১-১৩ ঘণ্টা টোপনিৰ প্ৰয়োজন।
  • ৬-১০ বছৰ বয়সৰ শিশুৰ বাবে দিনটোত ১০-১১ ঘণ্টা টোপনিৰ প্ৰয়োজন।
  • ১১-১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰীৰ বাবে দিনটোত ৮-৯ ঘণ্টা টোপনিৰ প্ৰয়োজন।
  • প্ৰাপ্তবয়স্ক এজন লোকৰ বাবে ৭-৮ ঘণ্টা টোপনিৰ প্ৰয়োজন।
  • ৬৫ বছৰৰ ওপৰৰ লোকৰ বাবে ৭-৮ ঘণ্টাত অধিক সময়ৰ টোপনিৰ প্ৰয়োজন

শৈশৱৰ পৰা পৰ্যাপ্ত টোপনি নাপালে বুদ্ধিমত্তা, মানসিক গঠন, শিক্ষণ ক্ষমতাৰ বিকাশত প্ৰভাৱ পেলায়। সেই প্ৰভাৱ প্ৰাপ্তবয়স্ক হোৱাৰ পিছলৈকে থাকে। পৰ্যাপ্ত টোপনিৰ অভাৱত মেদবহুলতা, হৃদৰোগ, ডায়েবেটিছৰ দৰে শাৰীৰিক সমস্যাৰ সম্ভাৱনা বৃদ্ধি পায়। ইয়াৰ ফলত আয়ুসও হ্ৰাস পাব পাৰে।

আপোনাৰ শোৱা কোঠাত কেলেণ্ডাৰ আছে নেকি? জীৱনত কি প্ৰভাৱ পৰিব পাৰে জানেনে?
কেৱল কাহ নহয়! যক্ষ্মা ৰোগ হ'লে দেখা দিয়ে এইসমূহ লক্ষণে...
গ্ৰীষ্মকালত প্ৰতিদিনে গ্ৰীণ টি খোৱাটো উচিত নে অনুচিত? জানক
তেজত বেয়া কলেষ্টেৰল বৃদ্ধি হ'লে কি কি লক্ষণে দেখা দিয়ে? জানক...