বগা স্ৰাৱৰ লগতে গোন্ধ আৰু খজুৱতিৰ সমস্যা হৈছে নেকি? জানক ই কি ৰোগৰ লক্ষণ

মহিলাৰ বগা স্ৰাৱ হোৱাটো কোনো ৰোগ নেকি? বহু মহিলাই এই সমস্যাৰ বিষয়ে ক'বলৈ শংকাবোধ কৰে। কিন্তু এই সমস্যাই আপোনাক বিপদত পেলাব পাৰে। জানক বিশেষজ্ঞসকলে কি কয়...

বগা স্ৰাৱৰ লগতে গোন্ধ আৰু খজুৱতিৰ সমস্যা হৈছে নেকি? জানক ই কি ৰোগৰ লক্ষণ

বগা স্ৰাৱৰ সমস্যা বেছি হৈছে নেকি

Published: 

31 Aug 2025 08:49 AM

মহিলাৰ বগা স্ৰাৱ হোৱাটো অতি সাধাৰণ শাৰীৰিক প্ৰক্ৰিয়া। এই সমস্যা মহিলাৰ ক্ষেত্ৰত সাধাৰণ যদিও ই গুৰুতৰ। মহিলাৰ যোনিৰ পৰা ওলোৱা বগা বা আঠাযুক্ত তৰল পদাৰ্থ, যাক সাধাৰণতে বগা স্ৰাৱ বা বগা পানী বুলি কোৱা হয়। ই প্ৰায়ে চিন্তাৰ কাৰণ হৈ পৰে। বহু মহিলাই ইয়াক ৰোগ বা সংক্ৰমণ বুলি ভাবি ভয় খায়।

মেডিকেল ৰিপোৰ্ট অনুসৰি ৭০%তকৈ অধিক মহিলাই জীৱনৰ কোনোবা এটা সময়ত বগা স্ৰাৱৰ সমস্যাত ভুগিবলগীয়া হয়। এই স্ৰাৱ হৰম’নৰ পৰিৱৰ্তনৰ বাবে, মাহেকীয়া চক্ৰৰ আগতে বা কেতিয়াবা সংক্ৰমণৰ বাবেও হ’ব পাৰে। কোনটো স্ৰাৱ স্বাভাৱিক আৰু কেতিয়া ৰোগৰ লক্ষণ হ’ব পাৰে সেই বিষয়ে বুজিব লওক।

যদি বগা স্ৰাৱৰ লগত প্ৰচণ্ড গোন্ধ, খজুৱতি, জ্বলা-পোৰা, প্ৰস্ৰাৱ হালধীয়া হয়, তেন্তে ই ভেঁকুৰ বা বেক্টেৰিয়াৰ সংক্ৰমণৰ লক্ষণ হ’ব পাৰে। কিছুমান ক্ষেত্ৰত ই যৌন সংক্ৰামক ৰোগ (STD), কেন্সাৰ বা জৰায়ুৰ মুখৰ সমস্যাৰ লক্ষণো হ’ব পাৰে। সঘনাই আৰু অত্যধিক বগা স্ৰাৱ হোৱাটোও চিন্তাৰ কাৰণ হ’ব পাৰে।

কাৰণ

  • হৰম’নৰ ভাৰসাম্যহীনতা
  • হাই চুগাৰ লেবেল বা ডায়েবেটিছ
  • এন্টিবায়টিক সঘনাই ব্যৱহাৰ কৰা
  • লেতেৰা বা কৃত্ৰিম আণ্ডাৰগাৰ্মেণ্ট ব্যৱহাৰ কৰা
  • মানসিক চাপ আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল
  • অসুৰক্ষিত যৌন সম্পৰ্ক

ইয়াৰ চিকিৎসা সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰে স্ৰাৱৰ কাৰণৰ ওপৰত। যদি স্বাভাৱিক হৰম’নৰ কাৰণত এনেকুৱা হৈছে, তেন্তে বিশেষ চিকিৎসাৰ প্ৰয়োজন নাই। যদি সংক্ৰমণৰ বাবে হয় তেন্তে চিকিৎসকে এন্টিবায়টিক, এন্টিফাংগেল বা এন্টিচেপ্টিক ঔষধ প্ৰেছক্ৰিপচন কৰে। লগতে পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখা, কপাহী আণ্ডাৰৱেৰ পিন্ধা আৰু প্ৰচুৰ পৰিমাণে পানী খোৱাই এই সমস্যাৰ পৰা সকাহ দিব পাৰে।

সামান্য মূৰ বিষ হ'লেই বিষৰ টেবলেট খাই নেকি? হ'ব পাৰে ডাঙৰ সমস্যা...
৫০ বছৰ পাছত বিৰল সংযোগ! আৰ্থিক উন্নতি হ'ব এই ৩ ৰাশিৰ লোকৰ...
খালী পেটত দুই ফুটা নহৰু খালে পুৰুষৰ শৰীৰত কি পৰিৱৰ্তন হ'ব?
এজন মানুহে একো নোখোৱাকৈ কিমান দিনলৈ জীয়াই থাকিব পাৰে? জানক